‘সকলো স্থানতে খাদ্য দিব নালাগে’; ৰাজপথৰ কুকৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

ৰাজপথৰ কুকৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

দিল্লী-এনচিআৰৰ পৰা বিপথগামী কুকুৰক আশ্ৰয় গৃহত স্থায়ীভাৱে ৰখাৰ বিষয়টোক লৈ আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে।আদালতে কয় যে আমি পূৰ্বৰ আদেশত কিছু সংশোধন কৰিছো।

আদেশ পাঠ কৰি ন্যায়াধীশ বিক্ৰম নাথে কয় যে আমি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক দল কৰি দিছো যাতে ৰাষ্ট্ৰীয় নীতিৰ বিষয়ে আলোচনা কৰিব পৰা যায়।

উচ্চতম ন্যায়ালয়ে পূৰ্বৰ নিৰ্দেশ সংশোধন কৰি কয় যে কুকুৰকেইটাক পুনৰ মুকলি কৰি দিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে।ৰেবিজ আৰু বিপজ্জনক কুকুৰ এৰি দিব নালাগে বুলি আদালতে কয়।

লগতে কয় যে যিবোৰ কুকুৰক ধৰা হৈছিল সেই কুকুৰকেইটাক টিকা দি এৰি দিব লাগে। ইয়াৰ উপৰিও ৰোগীয়া আৰু আক্ৰমণাত্মক কুকুৰক আশ্ৰয় গৃহটোতে ৰখা হ’ব।আদালতে কয় যে প্ৰতিটো অঞ্চলতে এটা নিৰ্দিষ্ট স্থান বনাব লাগে যাতে কুকুৰবোৰক য’তে ত’তে খাদ্য দিয়া নহয়।  

উচচতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে ৰাজহুৱা স্থানত ৰাজপথৰ কুকুৰক খাদ্য দিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

কুকুৰ ধৰা দলটোৰ কামত বাধাৰ সৃষ্টি কৰা ব্যক্তিক ২৫ হাজাৰ টকা আৰু বেচৰকাৰী সংস্থাটোক ২ লাখ টকা জৰিমনা বিহা হ’ব।

নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযোগ পঞ্জীয়ন কৰিবলৈ হেল্পলাইন আৰম্ভ কৰা হ’ব বুলি আদালতে জানিবলৈ দিয়ে।জীৱ-জন্তু প্ৰেমীয়ে কুকুৰ এডপ্ট ল’বলৈ এমচিডিত আবেদন কৰিব পাৰে।

উচচতম ন্যায়ালয়ে কয় যে ৰাজপথৰ কুকুৰৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নীতি ৰচনা কৰা হ’ব। আদালতে এই নিৰ্দেশৰ পৰিসৰ বৃদ্ধি কৰি কয় যে এতিয়া এই নিৰ্দেশ সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হ’ব।

লগতে পঢ়ক: ৰে’ল যাত্ৰীৰ অতিৰিক্ত লাগেজত নাথাকিব কোনো ধৰণৰ জৰিমনা; কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে স্পষ্ট

“ঘাইপথত হঠাৎ ব্ৰেক মৰাটো…”; পথ দুৰ্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

পথ দুৰ্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

পথ দুৰ্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ে এক ডাঙৰ সিদ্ধান্ত লৈছে। উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কৈছে যে, যদি কোনো গাড়ী চালকে কোনো সতৰ্কবাণী অবিহনে ঘাইপথত হঠাতে ব্ৰেক লগায়, তেন্তে পথ দুৰ্ঘটনা হ’লে তেওঁৰ গাফিলতি বুলি গণ্য কৰা হ’ব পাৰে।

মঙলবাৰে ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু অৰবিন্দ কুমাৰৰ বিচাৰপীঠে এই কথা প্ৰকাশ কৰি কয় যে, কোনো চালকে ঘাইপথৰ মাজত হঠাতে নিজৰ বাহন ৰখাই দিয়া, লাগিলে ব্যক্তিগত জৰুৰীকালীন অৱস্থাৰ বাবেই নহওক কিয়, ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি কাৰণ ই পথত খোজ কঢ়া আন মানুহৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে।

বিচাৰপীঠৰ বাবে ৰায় লিখা ন্যায়াধীশ ধুলিয়াই কয় ঘাইপথত তীব্ৰবেগী বাহনৰ সম্ভাৱনা আছে আৰু যদি কোনো চালকে নিজৰ বাহনখন ৰখাব বিচাৰে, তেন্তে তেওঁৰ দায়িত্ব যে পথত পিছফালে অনুসৰণ কৰা আন বাহনবোৰক সতৰ্কবাণী বা সংকেত দিয়াটো।

এই সিদ্ধান্ত অভিযান্ত্ৰিক ছাত্ৰ এছ মহম্মদ হাকিম (৭০)ৰ আবেদনৰ ভিত্তিত লোৱা হৈছে, যাৰ বাওঁ ভৰিখন ২০১৭ চনৰ ৭ জানুৱাৰীত কইম্বাটুৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ পিছত কাটিবলগীয়া হৈছিল।

লগতে পঢ়ক: ‘হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ’ব নোৱাৰে…’; ৰাজ্যসভাত গৰজি উঠিল অমিত শ্বাহ

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে চলিব মহাভিযোগ প্ৰক্ৰিয়া; প্ৰস্তাৱত স্বাক্ষৰ ২০৮জন সাংসদৰ

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে চলিব মহাভিযোগ প্ৰক্ৰিয়া

নগদ ধন কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । ইয়াৰ বাবে সকলো দলৰ সাংসদৰ স্বাক্ষৰ লোৱা হয় । সৰু-বৰ সকলো দলৰ অধিকাংশ সাংসদ এই মহাভিযোগ প্রস্তাৱৰ সপক্ষে আছে ৷ প্ৰায় ২০৮ গৰাকী সাংসদে এই প্ৰস্তাৱক সমৰ্থন কৰিছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দাখিল কৰা জাননীখনত বিৰোধী দলপতি ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদ, অনুৰাগ ঠাকুৰকে ধৰি মুঠ ১৪৫জন সদস্যই স্বাক্ষৰ কৰিছে । একে সময়তে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক দাখিল কৰা জাননীখনত ৬৩জন সাংসদে স্বাক্ষৰ কৰিছে ।

১২৪, ২১৭ আৰু ২১৮ অনুচ্ছেদৰ অধীনত নিম্ন সদনত জাননী দিয়া হৈছে । এজন ন্যায়াধীশক অপসাৰণৰ প্ৰস্তাৱত লোকসভাৰ কমেও ১০০জন আৰু ৰাজ্যসভাৰ ৫০জন সাংসদৰ স্বাক্ষৰ থাকিব লাগে । মহাভিযোগৰ প্ৰস্তাৱ গ্ৰহণ বা নাকচ কৰাটো অধ্যক্ষৰ ওপৰত নিৰ্ভৰশীল । যদিহে প্ৰস্তাৱ গ্ৰহণ কৰা হয় তেন্তে এখন সমিতি গঠন কৰা হ’ব, যিয়ে এমাহৰ পৰা তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব ।

এই কমিটীত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলো আছে । অভিযোগৰ তদন্ত কৰি কমিটীয়ে প্ৰতিবেদন দাখিল কৰে । কমিটীয়ে অভিযোগ সঁচা বুলি বিবেচনা কৰিলে সংসদৰ দুয়োটা সদনত এটা প্ৰস্তাৱ দাখিল কৰা হয় । প্ৰতিটো সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে এই প্ৰস্তাৱ গৃহীত কৰিব লাগিব । দুয়োটা সদনত গৃহীত হোৱাৰ পিছত এই প্ৰস্তাৱ ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় আৰু তেওঁৰ অনুমোদনৰ পিছত ন্যায়াধীশক অপসাৰণ কৰা হয় ।

ন্যায়াধীশ বাৰ্মাৰ ঘৰত উদ্ধাৰ হৈছিল নগদ কোটি কোটি টকা-

উল্লেখ্য যে, ১৪ মাৰ্চত হোলীৰ নিশা প্ৰায় ১১.৩৫ বজাত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাংলোত অগ্নিকাণ্ড সংঘটিত হৈছিল । তেওঁ দিল্লীৰ বাহিৰত আছিল । তেওঁৰ পৰিয়ালে অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰি জুই নিৰ্বাপন কৰে । জুই নিৰ্বাপন কৰিবলৈ আহিছিল বৃহৎ সংখ্যক আৰক্ষী বাহিনী । এই সময়ছোৱাত ন্যায়াধীশগৰাকীৰ বাসগৃহত বহু পৰিমাণৰ নোটৰ বাণ্ডিল পোৱা বুলি অভিযোগ উঠিছিল । অভিযোগ অনুসৰি এটা সমগ্ৰ কোঠা নোটেৰে ভৰি থকা অৱস্থাত পোৱা গৈছিল ।

মহাভিযোগ দাখিলৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ত উপস্থিত ন্যায়াধীশ বাৰ্মা-

মহাভিযোগৰ বাবে প্ৰস্তুতি চলোৱাৰ পূৰ্বে ন্যায়াধীশ যশৱন্ত বাৰ্মাই উচ্চতম ন্যায়ালয়ত ইন-হাউছ তদন্তৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাইছে । প্ৰতিবেদনত নগদ ধনৰ উৎস জনাব নোৱাৰাৰ বাবে মহাভিযোগ দাখিলৰ পৰামৰ্শ দিয়া হৈছে । ন্যায়াধীশ বাৰ্মাই দাবী কৰিছে যে ষ্ট’ৰৰুমৰ ওপৰত তেওঁৰ কোনো নিয়ন্ত্ৰণ নাছিল । উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই এই প্ৰতিবেদনৰ বৈধতা নিৰ্ণয় কৰিব । ২০২৫ চনৰ ৪ মাৰ্চত ন্যায়াধীশ বাৰ্মাৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত কোটি কোটি নগদ ধন উদ্ধাৰ হৈছিল ।

তদন্ত সমিতিৰ প্ৰতিবেদনত উদ্ধাৰ হোৱা নগদ ধন ন্যায়াধীশ বাৰ্মা আৰু তেওঁৰ পৰিয়ালৰ আছিল আৰু তেওঁ ইয়াৰ উৎস প্ৰকাশ কৰা নাই । ইয়াৰ পিছতে তদন্ত সমিতিয়ে মহাঊিযোগ দাখিলৰ পৰামৰ্শ দিয়ে, যিটো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে । এই নগদ ধনৰ কেলেংকাৰীৰ পিছত ন্যায়াধীশ যশৱন্ত বাৰ্মাক দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয় ।

লগতে পঢ়ক : ‘অপাৰেচন সেন্দুৰ’ লক্ষ্যত উপনীত হ’ল”; বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

মুখ্য ন্যায়াধীশ ৰূপে শপত ল’লে বি আৰ গাভায়ে… ৱাকফ গোচৰ প্ৰথমটো ডাঙৰ প্ৰত্যাহ্বান

বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে । তেওঁক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাই । ন্যায়াধীশ গাভাই এই পদত অধিষ্ঠীত হোৱা প্ৰথমগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী । ড° বি আৰ আম্বেদকাৰৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাসকলৰ ভিতৰত ন্যায়াধীশ গাভাইৰ পিতৃ ৰামকৃষ্ণ সূৰ্য্যভান গাভাইও আছিল ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠীত হোৱা অনুসূচিত জাতিৰ দ্বিতীয়গৰাকী ব্যক্তি ন্যায়াধীশ গাভাই । ২০২৫ চনৰ ২৩ নৱেম্বৰত তেওঁৰ কাৰ্যকাল শেষ হ’ব । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পিছদিনাই তেওঁ ৱাকফ আইনৰ সংশোধনী সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি আৰম্ভ কৰিব লাগিব ।

বৰ্তমানলৈকে উচ্চতম ন্যায়ালয়ত ছবছৰীয়া কাৰ্যকালত ন্যায়াধীশ গাভাই বহু গুৰুত্বপূৰ্ণ বিচাৰপীঠৰ অংশ হৈ আহিছে, সেই বিচাৰপীঠসমূহে গুৰুত্বপূৰ্ণ ৰায়দান দিছে । ইয়াৰ ভিতৰত বুলডজাৰৰ এক্সনক গৰিহণা দিয়া আদেশ আৰু এনে প্ৰৱণতা নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা আদি অন্তৰ্ভুক্ত আছে ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ শুভেচ্ছা গ্ৰহণ কৰে চি জে আই বি আৰ গাভাইয়ে । মঙলবাৰে অৱসৰ লোৱা ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ঠাই লৈছে ন্যায়াধীশ গাভাইয়ে । ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ ৩০ তাৰিখে ন্যায়াধীশ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছিল । ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিল ।

আজি ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ বি. আৰ গাভায়ে…

আজি ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইয়ে । ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ ৩০ তাৰিখে ন্যায়াধীশ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছিল । ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ হিচাবে প্ৰদান কৰিছিল । ন্যায়াধীশ গাভাইৰ কাৰ্যকাল হ’ব ৬ মাহৰ । ২৩ ডিচেম্বৰত অৱসৰ ল’ব তেওঁ ।

২০১৬ চনত বিমুদ্ৰাকৰণ সন্দৰ্ভত দিয়া সিদ্ধান্তৰ অংশ আছিল ন্যায়াধীশ বি আৰ গাভাই । য’ত কোৱা হৈছিল যে চৰকাৰৰ এই মুদ্ৰাক অবৈধ ঘোষণা কৰাৰ অধিকাৰ আছে । ইয়াৰ উপৰিও ন্যায়াধীশ গাভাই বুলডজাৰৰ ব্যৱস্থাৰ বিৰুদ্ধে দিয়া আদেশৰ অংশ আছিল আৰু নিৰ্বাচনী বণ্ডৰ সিদ্ধান্ত দিয়া বিচাৰপীঠৰো অংশ আছিল ।

ইফালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই মঙলবাৰে অৱসৰ গ্ৰহণ কৰে । ন্যায়াধীশ খান্নাই অৱসৰৰ পিছত কোনো চৰকাৰী পদত অধিষ্ঠিত নাথাকে যদিও আইন চৰ্চা কৰি যাব বুলি কয় ।

ভাৰতৰ দ্বিতীয় দলিত মুখ্য ন্যায়াধীশ-

ন্যায়াধীশ গাভাই দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ । তেওঁৰ পূৰ্বে ন্যায়াধীশ কে জি বালকৃষ্ণন ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছিল । ন্যায়াধীশ বালকৃষ্ণন ২০০৭ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ।

১৯৮৫ চনৰ ১৬ মাৰ্চৰ পৰা উকালতি আৰম্ভ কৰা ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই নাগপুৰ পৌৰ নিগম, আমৰাৱতী পৌৰ নিগম আৰু অমৰাৱতী বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং কাউন্সেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । ১৯৯২ চনৰ আগষ্টৰ পৰা ১৯৯৩ চনৰ জুলাইলৈকে বোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত সহকাৰী চৰকাৰী আবেদনকাৰী আৰু অতিৰিক্ত লোক অভিযোজক হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০০ চনৰ ১৭ জানুৱাৰীত নাগপুৰ বিচাৰপীঠৰ চৰকাৰী উকীল আৰু লোক অভিযোজক হিচাপে নিযুক্তি লাভ কৰে ।

২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে তেওঁ । ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে গাভায়ে । ন্যায়াধীশ গাভাই উচ্চতম ন্যায়ালয়ৰ কেইবাখনো সংবিধান বিচাৰপীঠৰ অংশ আছিল যাৰ সিদ্ধান্তই যথেষ্ট প্ৰভাৱ পেলাইছিল । ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁ পাঁচজনীয়া সংবিধান বিচাৰপীঠৰ নেতৃত্ব দিছিল যিয়ে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ বাতিলৰ কেন্দ্ৰৰ সিদ্ধান্তক সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰিছিল ।

ছ’চিয়েল মিডিয়া আৰু অ’টিটিত দেখাব নোৱাৰিব অশ্লীল বিষয়; উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰি অ’টিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা বা দেখুওৱা অশ্লীল কন্টেন্টক বন্ধ কৰিবলৈ নিৰ্দেশনা দিছে।

উচ্চতম ন্যায়ালয়ে এটা জনস্বাৰ্থৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাজন প্ৰাইম ভিডিঅ’, নেটফ্লিক্স, ULLU, ALTT দৰে OTT প্লেটফৰ্ম আৰু ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, এক্স (টুইটাৰ)ত শ্বেয়াৰ কৰা অশ্লীল বিষয়বস্তু নিষিদ্ধ কৰাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ে এই প্লেটফৰ্মসমূহক চোকা মন্তব্য কৰি কয় যে অভাৰ দ্য টপ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত দেখুওৱা অশ্লীল বিষয়বস্তুৰ সন্দৰ্ভত বিচাৰপীঠে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতত উপস্থিত থকাৰ সামাজিক দায়িত্বও আছে।

আদালতত দাখিল কৰা পিআইএলত এনে অশ্লীল বিষয়বস্তু নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰা হৈছে, য’ত আদালতে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কেইবাটাও নিয়ম দাখিল কৰিছে আৰু ভৱিষ্যতে ইয়াক অধিক কঠোৰ কৰি তোলাৰ আশ্বাস দিয়া হৈছে।

কেন্দ্ৰৰ যুক্তি মানি লৈ আদালতে কয় যে কাৰ্যবাহী আৰু ন্যায়পালিকাৰ উভয়ৰে বাটৰ পৰা আঁতৰি থাকিব বিচাৰে।

অৱশ্যে এয়া প্ৰথম ঘটনা নহয়, যেতিয়া অ’টিটি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অশ্লীল বিষয়বস্তু সন্দৰ্ভত অভিযোগ উত্থাপন কৰা হৈছে।

এই নিয়মসমূহ কেৱল অ’টিটি প্লেটফৰ্মতে নহয়, অনলাইন নিউজ প্লেটফৰ্ম, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু অনলাইন প্লেটফৰ্মৰ অন্যান্য বিষয়বস্তুৰ ক্ষেত্ৰতো একেই হ’ব।

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত; এতিয়াৰে পৰা দৃষ্টিহীন লোকো হ’ব পাৰিব ন্যায়াধীশ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে।উচ্চতম ন্যায়ালয়ে কৈছে যে দৃষ্টিহীন লোকসকলো এতিয়াৰে পৰা ন্যায়াধীশ হ’ব পাৰিব। আদালতে কৈছে যে দৃষ্টিহীন লোকসকলৰো ন্যায়িক সেৱাত নিযুক্তি লাভ কৰাৰ অধিকাৰ আছে।

এই সন্দৰ্ভত ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে দিব্যাংগতাৰ ভিত্তিত কাকো ন্যায়িক সেৱাৰ পৰা বাদ দিব নোৱাৰি।

উচ্চতম ন্যায়ালয়ে দৃষ্টিহীন লোকসকলক ন্যায়িক সেৱাত নিযুক্তি দিয়াৰ অধিকাৰ বজাই ৰাখিছে। ইয়াৰ লগতে, উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশ ন্যায়িক সেৱাৰ নিয়ম বাতিল কৰিছে।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশ ন্যায়িক সেৱাৰ নিয়মাৱলী বাতিল কৰিছে।

যিয়ে দৃষ্টিহীন ব্যক্তিসকলক ন্যায়িক সেৱাত নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাত বাধা দিছিল।উচ্চতম ন্যায়ালয়ে ন্যায়িক সেৱাত দৃষ্টিহীন লোকৰ নিযুক্তি সম্পৰ্কীয় সায়ো মোটো গোচৰত ৰায় দিছে।

ৰাহুল গান্ধীলৈ ডাঙৰ সকাহ ; বিচাৰ আদালতৰ গোচৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীলৈ উচ্চতম ন্যায়ালয়ে এক ডাঙৰ সকাহ দিছে। এটা মানহানিৰ গোচৰত যথেষ্ট সকাহ পাইছে সাংসদ গৰাকীয়ে।  ৰাহুল গান্ধীৰ বিৰুদ্ধে বৰ্তমান ঝাৰখণ্ডত মানহানিৰ গোচৰ ৰুজু কৰা নহ’ব।

উচ্চতম ন্যায়ালয়ে নিম্ন আদালতত চলি থকা বিচাৰ স্থগিত কৰিছে।উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ডৰ চাইবাছাৰ এমপি-এমএলএ আদালতৰ কাৰ্যক্ৰম স্থগিত কৰিছে।

একে সময়তে, ঝাৰখণ্ড চৰকাৰ আৰু আবেদনকাৰীৰ জাননী দিয়া হৈছে। উত্তৰ দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময় দিয়া হৈছে।

গোচৰটো বিজেপি নেতা অমিত শ্বাহৰ বিষয়ে ৰাহুল গান্ধীয়ে ২০১৮ চনত দিয়া এক অপমানজনক মন্তব্যৰ সৈতে সম্পৰ্কিত। এই ক্ষেত্ৰত, ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা যথেষ্ট সকাহ লাভ কৰিছে।

২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰীত, ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী নবীন ঝাৰ আবেদনৰ সন্দৰ্ভত বিজেপিৰ তদানীন্তন সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ ক্ষেত্ৰত সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল।

পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে নিম্ন আদালতৰ কাৰ্যক্ৰম স্থগিত ৰখা হ’ব। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিৰুদ্ধে ঝাৰখণ্ডৰ চাইবাচা এমপি/এমএলএ আদালতত চলি থকা মানহানিৰ গোচৰটো বাতিল কৰিবলৈ বিচৰা দাবীত উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

ৰাহুল গান্ধীয়ে ব্যক্তিগত ৰেহাইৰ বাবে এখন আবেদন দাখিল কৰিছিল, কিন্তু বিচাৰ আদালতে ২০২৪ চনৰ ১৪ মাৰ্চত ইয়াক খাৰিজ কৰিছিল আৰু ৰাহুল গান্ধীক ২৭ মাৰ্চত ব্যক্তিগতভাৱে উপস্থিত হ’বলৈ কোৱা হৈছিল।

উচ্চতম ন্যায়ালয়ে মায়াৱতীক দিলে ডাঙৰ সকাহ; ১৫ বছৰৰ পিছত বন্ধ হ’ল হাই-প্ৰফাইল কেছ

বহুজন সমাজ পাৰ্টিৰ (বিএছপি) মুৰব্বী মায়াৱতীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা এটা ডাঙৰ সকাহ লাভ কৰিছে।মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত চৰকাৰী কোষাগাৰৰ পৰা কোটি কোটি টকা নিজে খৰচ কৰা আৰু তেওঁলোকৰ দলৰ প্ৰতীক হাতীৰ মূৰ্তি পাৰ্কসমূহত নিৰ্মাণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা দাখিল কৰা পিআইএলখন ১৫ জানুৱাৰীত নিষ্পত্তি কৰা হৈছে।

তথ্য অনুসৰি, আদালতে ১৫ বছৰ পূৰ্বে দাখিল কৰা আৱেদনক পুৰণি গোচৰ হিচাপে বিবেচনা কৰি শুনানি বন্ধ কৰি দিছে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰবি কান্তে ২০০৯ চনত এখন আবেদন দাখিল কৰি দাবী কৰিছিল যে জনতাৰ যিমান ধন  অপব্যৱহাৰ কৰিছিল, সেই সমূহ বহুজন সমাজ পাৰ্টিৰ পৰা উলিয়াই আনিব লাগে।

সেয়েহে, উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক বিএছপিৰ নিৰ্বাচনী প্ৰতীক জব্দ কৰিবলৈ নিৰ্দেশ দিয়া উচিত। অৱশ্যে, আদালতে আবেদনকাৰীৰ সেই দাবী গ্ৰহণ কৰা নাছিল।

মায়াৱতী ৬৯ তম জন্মদিন উদযাপনৰ দিনটোতেই ন্যায়ালয়ে ৰায়দান দিছিল। ন্যায়ালয়ৰ এি সিদ্ধান্তত বিএছপি কৰ্মীসকলও যথেষ্ট আনন্দিত হৈছে।

২০০৯ চনত, মায়াৱতীয়ে লক্ষ্ণৌ আৰু নয়ডাৰ উদ্যানসমূহত, কাঞ্চী ৰাম আৰু হাতীৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ কৰদাতাৰ ধন ব্যৱহাৰ কৰিছিল। মায়াৱতী ২০০৭ ৰ পৰা ২০১২ চনৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল।

আবেদনখনত দাবী কৰা হৈছিল যে ৫২.২০ কোটি টকা ব্যয়েৰে ৬০ টা হাতীৰ মূৰ্তি স্থাপন কৰাটো চৰকাৰী ধনৰ অপচয় আৰু নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৰ বিপৰীত আছিল।

মায়াৱতীয়ে সেই সময়ত দাবী কৰিছিল যে স্মাৰকসমূহত থকা হাতীৰ মূৰ্তিবোৰ “কেৱল স্থাপত্যৰচনা” আছিল আৰু তেওঁ তেওঁৰ দলৰ প্ৰতীকৰ প্ৰতিনিধি নাছিল। তেওঁ কৈছিল যে মূৰ্তিবোৰৰ বাবে সঠিক বাজেট আৱণ্টন কৰা হৈছিল।

প্ৰাক্তন চাৰিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্মাৰকসমূহ নিৰ্মাণ কৰা হৈছিল যাতে মানুহে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লয় আৰু ই জনসাধাৰণৰ ইচ্ছাক প্ৰতিনিধিত্ব কৰে।