উচ্চতম ন্যায়ালয়

‘সকলো স্থানতে খাদ্য দিব নালাগে’; ৰাজপথৰ কুকৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

ৰাজপথৰ কুকৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত দিল্লী-এনচিআৰৰ পৰা বিপথগামী কুকুৰক আশ্ৰয় গৃহত স্থায়ীভাৱে ৰখাৰ বিষয়টোক লৈ আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে।আদালতে কয় যে আমি পূৰ্বৰ আদেশত কিছু সংশোধন কৰিছো। আদেশ পাঠ কৰি ন্যায়াধীশ বিক্ৰম নাথে কয় যে আমি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক

ৰাজপথৰ কুকৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

দিল্লী-এনচিআৰৰ পৰা বিপথগামী কুকুৰক আশ্ৰয় গৃহত স্থায়ীভাৱে ৰখাৰ বিষয়টোক লৈ আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে।আদালতে কয় যে আমি পূৰ্বৰ আদেশত কিছু সংশোধন কৰিছো।

আদেশ পাঠ কৰি ন্যায়াধীশ বিক্ৰম নাথে কয় যে আমি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক দল কৰি দিছো যাতে ৰাষ্ট্ৰীয় নীতিৰ বিষয়ে আলোচনা কৰিব পৰা যায়।

উচ্চতম ন্যায়ালয়ে পূৰ্বৰ নিৰ্দেশ সংশোধন কৰি কয় যে কুকুৰকেইটাক পুনৰ মুকলি কৰি দিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে।ৰেবিজ আৰু বিপজ্জনক কুকুৰ এৰি দিব নালাগে বুলি আদালতে কয়।

লগতে কয় যে যিবোৰ কুকুৰক ধৰা হৈছিল সেই কুকুৰকেইটাক টিকা দি এৰি দিব লাগে। ইয়াৰ উপৰিও ৰোগীয়া আৰু আক্ৰমণাত্মক কুকুৰক আশ্ৰয় গৃহটোতে ৰখা হ’ব।আদালতে কয় যে প্ৰতিটো অঞ্চলতে এটা নিৰ্দিষ্ট স্থান বনাব লাগে যাতে কুকুৰবোৰক য’তে ত’তে খাদ্য দিয়া নহয়।  

উচচতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে ৰাজহুৱা স্থানত ৰাজপথৰ কুকুৰক খাদ্য দিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

কুকুৰ ধৰা দলটোৰ কামত বাধাৰ সৃষ্টি কৰা ব্যক্তিক ২৫ হাজাৰ টকা আৰু বেচৰকাৰী সংস্থাটোক ২ লাখ টকা জৰিমনা বিহা হ’ব।

নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযোগ পঞ্জীয়ন কৰিবলৈ হেল্পলাইন আৰম্ভ কৰা হ’ব বুলি আদালতে জানিবলৈ দিয়ে।জীৱ-জন্তু প্ৰেমীয়ে কুকুৰ এডপ্ট ল’বলৈ এমচিডিত আবেদন কৰিব পাৰে।

উচচতম ন্যায়ালয়ে কয় যে ৰাজপথৰ কুকুৰৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নীতি ৰচনা কৰা হ’ব। আদালতে এই নিৰ্দেশৰ পৰিসৰ বৃদ্ধি কৰি কয় যে এতিয়া এই নিৰ্দেশ সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হ’ব।

লগতে পঢ়ক: ৰে’ল যাত্ৰীৰ অতিৰিক্ত লাগেজত নাথাকিব কোনো ধৰণৰ জৰিমনা; কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে স্পষ্ট

শেহতীয়া প্ৰৱন্ধসমূহ