‘গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সৰ বিৰুদ্ধে প্ৰতিবাদ সম্পূৰ্ণ ভুল’… মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মন্তব্য

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে । তেওঁ ব্যক্তিগত স্বাৰ্থ বাবে সকলো কথাতে একাংশই প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সক লৈ চলি থকা প্ৰতিবাদৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে । তেওঁ উল্লেখ কৰে যে নতুন আদালত কমপ্লেক্সৰ বিৰোধিতা কৰাসকলে সম্পূৰ্ণ তথ্য নোহোৱাকৈয়ে তেনে কৰিছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ প্ৰতিবাদৰ কথা উল্লেখ কৰি চি জে আইয়ে কয় যে ব্যক্তিগত স্বাৰ্থ বা সুবিধাই কোনো প্ৰকাৰে ন্যায়িক আন্তঃগাঁথনিৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব নোৱাৰে । সঁচাকৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে নতুন আদালত কমপ্লেক্সৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ ফলত তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হ’ব পাৰে বুলি দাবী কৰি উকীল সন্থাৰ একাংশ অধিবক্তাই প্ৰতিবাদ সাব্যস্ত কৰিছে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে আদালত আৰু ন্যায়িক ব্যৱস্থাৰ উন্নতিৰ বাবে আধুনিক আৰু উন্নত আন্তঃগাঁথনিৰ প্ৰয়োজন । তেওঁ লগতে কয় যে কেৱল ব্যক্তিগত সুবিধা বা ব্যক্তিগত কাৰণত উন্নয়নমূলক প্ৰকল্পৰ বিৰোধিতা কৰাটো সঠিক নহয় । তেওঁ উল্লেখ কৰে যে এনে বিৰোধিতাই ন্যায় ব্যৱস্থাৰ উন্নতিত বাধাৰ সৃষ্টি কৰে । তেওঁ লগতে কয় যে নতুন আদালত কমপ্লেক্সে ন্যায়িক কামক অধিক সুশৃংখলিত আৰু ফলপ্ৰসূ কৰি তুলিব, যাৰ ফলত সাধাৰণ জনতা উপকৃত হ’ব ।

লগতে পঢ়ক : বিজয় আৰু পুনৰ নিৰ্মাণৰ ইতিহাস… সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰীয়ে দেশক দিলে শক্তিশালী বাৰ্তা

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ সূৰ্যকান্তৰ

মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ সূৰ্যকান্তৰ

আজি দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ । ন্যায়াধীশ সূৰ্যকান্তে ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক শপত বাক্য পাঠ কৰোৱাই । দেওবাৰে সন্ধিয়া ন্যায়াধীশ বি আৰ গাভাইৰ অৱসৰৰ পিছতে সূৰ্যকান্তক দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে । কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে সাতখন দেশৰ মুখ্য ন্যায়াধীশেও তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

উচ্চতম ন্যায়ালয়ত তেওঁৰ কাৰ্যকালৰ সময়ত ন্যায়াধীশ সূৰ্যকান্ত ৩৭০ নং অনুচ্ছেদ আঁতৰোৱা, বিহাৰ আৰু পেগাছাছ স্পাইৱেৰ গোচৰৰ, বিহাৰৰ ভোটাৰ তালিকাৰ পৰিৱৰ্তনকে ধৰি বহুতো গুৰুত্বপূৰ্ণ সাংবিধানিক সিদ্ধান্তৰ সৈতে জড়িত আছিল ।

৩০ অক্টোবৰত ন্যায়াধীশ সূৰ্যকান্তক চিজিআই-ডেজিগনেট নিযুক্তি দিয়া হয় । তেওঁ এই পদত প্ৰায় ১৫ মাহ ধৰি থাকিব আৰু ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত ৬৫ বছৰ সম্পূৰ্ণ হ’লে পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব ।

কোন হয় ন্যায়াধীশ সূৰ্যকান্ত ?

১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ হিছাৰ জিলাৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ন্যায়াধীশ কান্ত সৰু চহৰৰ প্ৰেকটিচনাৰ হিচাপে বাৰৰ পৰা দেশৰ সৰ্বোচ্চ ন্যায়িক পদলৈকে ওলাই আহিছিল । বছৰ বছৰ ধৰি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সাংবিধানিক সিদ্ধান্তৰ অংশ হৈ আহিছে । ২০১১ চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে, য’ত তেওঁ ‘প্ৰথম শ্ৰেণীৰ প্ৰথম’ স্থান লাভ কৰে ।

ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৫ অক্টোবৰৰ পৰা হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ন্যায়াধীশ কান্তে । তাৰ পূৰ্বে তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিছিল ।

লগতে পঢ়ক : সলনি হ’ব পাৰে ভাৰত-পাকিস্তানৰ সীমান্তঃ ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? আইন মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ গাভাইৰ

কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ বাবে ন্যায়াধীশ সূৰ্যকান্তৰ নাম প্ৰস্তাৱ হিচাবে কেন্দ্ৰীয় আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে ।২৩ নৱেম্বৰত পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে ।

বৰ্তমানৰ ভাৰতৰ মুখ্য ন্যায়াধীশৰ পিছতে ন্যায়াধীশ সূৰ্যকান্ত আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ আৰু ভাৰতীয় ন্যায়পালিকাৰ মুৰব্বী হিচাপে পৰৱৰ্তী শাৰীত আছে । নিযুক্তিৰ লগে লগে ন্যায়াধীশ সূৰ্যকান্ত ২৪ নৱেম্বৰত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব আৰু প্ৰায় ১৫ মাহ, ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে এই পদত অধিষ্ঠিত থাকিব ।

১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হিছাৰ জিলাৰ পেটৱাৰ গাঁৱত জন্মগ্ৰহণ কৰা সূৰ্যকান্তৰ শৈশৱ সাধাৰণ পৰিবেশতে পাৰ হৈছিল । গাঁৱৰে বিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ১৯৮১ চনত হিছাৰৰ চৰকাৰী পি জি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৮৪ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰে তেওঁ । সেই বছৰতে তেওঁ হিছাৰৰ জিলা আদালতত আইন চৰ্চা আৰম্ভ কৰে আৰু ১৯৮৫ চনত চণ্ডীগড়ৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আইন চৰ্চা আৰম্ভ কৰে । খুব কম সময়ৰ ভিতৰতে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ।

তেওঁৰ ন্যায়িক কেৰিয়াৰ সামাজিক বিষয়ত গভীৰভাৱে শিপাই আছিল । ৰাজহুৱা সম্পদৰ সুৰক্ষা, ভূমি অধিগ্ৰহণ, ক্ষতিপূৰণ, ভুক্তভোগীৰ অধিকাৰ, সংৰক্ষণ, সাংবিধানিক ভাৰসাম্য আদি বিষয়ত তেওঁ স্পৰ্শকাতৰ দৃষ্টিভংগী প্ৰদৰ্শন কৰিছিল । তেওঁৰ সিদ্ধান্তই সামাজিক ন্যায়, সাংবিধানিক মৰ্যাদা, নাগৰিক অধিকাৰ আৰু শক্তিশালী কৰি তুলিছিল ।

নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২৪ নৱেম্বৰত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্যকান্তে । ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে এই পদত অধিষ্ঠিত থাকিব তেওঁ । ন্যায়াধীশ নিযুক্তি আৰু বদলি সম্পৰ্কীয় ‘মেমৰেণ্ডাম অব্ প্ৰছিজৰ’ অনুসৰি উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ আৰু উপযুক্ত ন্যায়াধীশক চিজেআই হিচাপে নিযুক্তি দিয়া হয় । ন্যায়াধীশ সূৰ্যকান্ত উচ্চতম ন্যায়ালয়ৰ চি জে আই গাভাইৰ পিছতে জ্যেষ্ঠ ন্যায়াধীশ । উল্লেখ্য যে, আইন মন্ত্ৰীয়ে অৱসৰৰ প্ৰায় এমাহ পূৰ্বে বৰ্তমানৰ চিজেআইৰ পৰামৰ্শ বিচাৰে ।

লগতে পঢ়ক : ৪ মিনিটৰ ভিতৰত শত্ৰুক কৰিব পাৰিব আক্ৰমণ; শীঘ্ৰে আৰম্ভ হ’ব ব্ৰহ্মছ-২ মিছাইলৰ কাম

‘আক্ষেপ নকৰোঁ’; মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপ কৰা অধিবক্তাৰ স্পষ্টীকৰণ

মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপ কৰা অধিবক্তাৰ স্পষ্টীকৰণ

মুখ্য ন্যায়াধীশ বি আৰ গাভাইলৈ জোতা নিক্ষেপ কৰা অধিবক্তা ৰাকেশ কিশোৰে শেহতীয়াকৈ স্পষ্টীকৰণ প্ৰদান কৰিছে । তেওঁ মুখ্য ন্যায়াধীশৰ মন্তব্যত আঘাত পোৱা বুলি উল্লেখ কৰি তেওঁৰ এই কাৰ্যৰ বাবে কোনো আক্ষেপ বা অনুশোচনা নাই বুলি মন্তব্য কৰে । অসন্তুষ্টি প্ৰকাশ কৰি অধিবক্তা ৰাকেশ কিশোৰে কয় যে সনাতন ধৰ্ম সম্পৰ্কীয় গোচৰ আহিলেই উচ্চতম ন্যায়ালয়ে একেধৰণৰ নিৰ্দেশ জাৰি কৰে । চি জে আইলৈ জোতা নিক্ষেপ কৰাৰ চেষ্টাৰ পিছতে অভিযুক্ত অধিবক্তা ৰাকেশ কিশোৰক নিলম্বন কৰা হৈছে ।

অধিবক্তা ৰাকেশ কিশোৰে কয়, “মই আঘাত পাইছিলোঁ… মই কোনো নিচাত নাছিলোঁ । তেওঁৰ কামৰ প্ৰতি মোৰ এয়া প্ৰতিক্ৰিয়া আছিল । মোৰ এই কাৰ্য্যৰ বাবে মই ভয় কৰা নাই, দুখো নাই । ১৬ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশৰ আদালতত জনস্বাৰ্থৰ গোচৰ ৰুজু হৈছিল । মুখ্য ন্যায়াধীশে ইয়াক উপহাস কৰি কয় যে, ‘যাওক আৰু মূৰ্তিটোক প্ৰাৰ্থনা কৰক আৰু ইয়াক আপোনাৰ মূৰটো ঘূৰাই দিবলৈ কওক…’ যেতিয়া আমাৰ সনাতন ধৰ্মৰ সৈতে জড়িত কোনো গোচৰ উচ্চতম ন্যায়ালয়লৈ আহে তেতিয়া এনে আদেশ দিয়ে । আবেদনকাৰীক কোনো যদি সকাহ নিদিয়ে তেন্তে নিদিব, কিন্তু তেওঁক ঠাট্টাও নকৰিব ।”

ন্যায়পালিকাৰ সৰ্বোচ্চ পদত অধিষ্ঠিত ব্যক্তিজনৰ বিৰুদ্ধে কৰা কামৰ সন্দৰ্ভত নিলম্বিত অধিবক্তাগৰাকীয়ে কয়, “ইমান উচ্চ সাংবিধানিক পদত অধিষ্ঠিত চি জে আইয়ে চিন্তা কৰা উচিত । তেওঁ ‘মাই লৰ্ড’ শব্দৰ অৰ্থ বুজিব লাগে আৰু ইয়াৰ মৰ্যাদা বজাই ৰাখিব লাগে । মৰিচাছলৈ গ’লে আপুনি কয় যে দেশ বুলডজাৰেৰে নচলে । মই চি জে আইক সুধিব বিচাৰো, চৰকাৰী সম্পত্তি বেদখল কৰা সকলৰ বিৰুদ্ধে যোগী আদিত্যনাথৰ এই ব্যৱস্থা ভুল নেকি । মই আঘাত পাইছো আৰু আঘাত পাই থাকিম ।”

লগতে পঢ়ক : মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ; জোতা নিক্ষেপ কৰাৰ ঘটনাক নিন্দা

মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ; জোতা নিক্ষেপ কৰাৰ ঘটনাক নিন্দা

মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে । বাৰ্তালাপৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীক আক্ৰমণৰ চেষ্টাক গৰিহণা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । সোমবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ চৌহদত মুখ্য ন্যায়াধীশৰ ওপৰত হোৱা আক্ৰমণত প্ৰতিজন ভাৰতীয় ক্ষুব্ধ হৈ পৰিছে বুলিও তেওঁ কয় । আমাৰ সমাজত এনে নিন্দনীয় কামৰ কোনো স্থান নাই । এই কাৰ্য অতি নিন্দনীয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত এই কথা-বতৰাৰ সবিশেষ শ্বেয়াৰ কৰে । তেওঁ কয়, “আক্ৰমণৰ চেষ্টাৰ সন্মুখত ধৈৰ্য ধৰাৰ বাবে ন্যায়াধীশ গাভাইক প্ৰশংসা কৰিছো । ইয়াৰ দ্বাৰা ন্যায়ৰ মূল্যবোধৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু আমাৰ সংবিধানৰ মনোভাৱ শক্তিশালী কৰাৰ দায়বদ্ধতা প্ৰমাণিত হৈছে ।”

উল্লেখ্য যে, ন্যায়াধীশ গাভাই আদালতত গোচৰৰ শুনানি চলাই থকাৰ সময়তে এজন অধিবক্তাই আক্ৰমণৰ চেষ্টা চলাইছিল । অৱশ্যে তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে সময়মতে অধিবক্তাজনক আটক কৰি উলিয়াই আনে । ইয়াৰ পিছতে ন্যায়াধীশ গাভাইয়ে নিৰাপত্তাৰক্ষীক এই আক্ৰমণক উপেক্ষা কৰাৰ কয় ।

এই ঘটনা সংঘটিত কৰা অধিবক্তাজনক উচ্চতম ন্যায়ালয়ৰ কমপ্লেক্সত থকা ডিচিপিৰ কাৰ্যালয়লৈ লৈ গৈ জেৰা কৰা হয় । ঘটনাৰ পিছতে মুখ্য ন্যায়াধীশগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ বিষয়া, মহাসচিব, আৰু ভাৰপ্ৰাপ্ত নিৰাপত্তা বিষয়াৰ সৈতে আলোচনা কৰে ।

ঘটনাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ এডভোকেটছ অন ৰেকৰ্ড এছ’চিয়েশ্যনে সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি আদালতৰ কাৰ্য্যবিধিৰ সময়ত এজন অধিবক্তাই চি জে আই গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে ।

লগতে পঢ়ক : বিহাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা; দুটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

উচ্চতম ন্যায়ালয়ত ভয়ংকৰ ঘটনা: মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপৰ চেষ্টা অধিবক্তাৰ 

মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপৰ চেষ্টা অধিবক্তাৰ 

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ সন্মুখত আজি আদালতত এক অনাকাংক্ষিত ঘটনা সংঘটিত হয়।অভিযোগ অনুসৰি ৰাকেশ কিশোৰ নামৰ অধিবক্তা গৰাকীয়ে CJI লৈ জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল।

ঘটনাৰ লগে লগে আৰক্ষীয়ে অভিযুক্ত অধিবক্তাজনক জিম্মাত লয়।ইফালে সমগ্ৰ ঘটনাটোত ন্যায়াধীশ গাভাই শান্ত হৈ থাকি, আদালতৰ শুনানি আনদিনাৰ দৰেই চলাই যাবলৈ ক’লে।  

কোৱা হৈছে যে ৰাকেশ কিশোৰ নামৰ অধিবক্তাজনে ডেস্কৰ ওচৰলৈ গৈ জোতাযোৰ খুলি ন্যায়াধীশৰ ফালে দলিয়াবলৈ চেষ্টা কৰিছিল।

কিন্তু আদালতত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে সময়মতে হস্তক্ষেপ কৰে আৰু অধিবক্তা গৰাকীক বাহিৰলৈ লৈ যায়। যাওঁতে উকীলজনে কোৱা শুনা গ’ল, “সনাতনৰ অপমান আমি সহ্য নকৰো।”

শুনানি চলি থকাৰ মাজতেই অধিবক্তা গৰাকীয়ে মুখ্য ন্যায়াধীশ গৰাকীক এনেদৰে অপদস্থ কৰা ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশ।

লগতে পঢ়ক: শোকাৱহ ; ICU ত চিকিৎসাধীন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু

পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ! মুখ্য ন্যায়াধীশৰ মন্তব্যই কৰিছে আশাৰ সঞ্চাৰ

পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী এন চি আৰৰ পৰা পদপথৰ সমূহ কুকুৰ আঁতৰাই নিয়াৰ নিৰ্দেশ দিছিল । এই কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ৮ সপ্তাহৰ সময়সীমা দিছিল আদালতে । ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত বহু লোকে প্ৰতিবাদত কৰাৰ বিপৰীতে বহু লোকে এই নিৰ্দেশক সমৰ্থন কৰিছে । ইয়াৰ পিছতেই এতিয়া মুখ্য ন্যায়াধীশে এই বিষয়টো পুনৰীক্ষণ কৰিবলৈ কৈছে ।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে বিতৰ্কৰ সৃষ্টি কৰিছে । একাংশই ইয়াক শুদ্ধ বুলি কোৱাৰ বিপৰীতে আন কোনোবাই ভুল আখ্যা দিছে । উচ্চতম ন্যায়ালয়ে পশু জন্ম নিয়ন্ত্ৰণ বিধি (ABC Rules)কো সমালোচনা কৰি কয় যে সমাজে নিৰাপদ অনুভৱ কৰাৰ অধিকাৰ আছে ।

ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বহু অভিনেতা-অভিনেত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ লগতে এই আদেশ বাতিল কৰিবলৈ দাবী জনাইছে । ইয়াৰ পিছতে এতিয়া এই বিষয়ত মুখ্য ন্যায়াধীশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্য ন্যাধীশে বিষয়টো নিৰীক্ষণ কৰাৰ কথা উল্লেখ কৰে । চি জে আইৰ এই বক্তব্যৰ পিছত সকলো পশুপ্ৰেমীৰ মাজত আশাৰ সঞ্চাৰ হৈছে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আন এখন বিচাৰপীঠে ইতিমধ্যে পদপথৰ কুকুৰ সন্দৰ্ভত এক নিৰ্দেশ গৃহীত কৰিছে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে সোমবাৰে কয় যে কুকুৰে কামোৰা কাণ্ডই অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলো পদপথৰ কুকুৰক অতি সোনকালে স্থায়ীভাৱে স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছিল ।

কি আছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ?

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী-এন চি আৰত থকা পদপথৰ কুকুৰসমূহক আঠ সপ্তাহৰ ভিতৰত আশ্ৰয় গৃহলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ লগতে আদালতে স্পষ্টকৈ কৈছিল যে যদি কোনোবাই এই নিৰ্দেশৰ বিৰোধিতা কৰে তেন্তে তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই সমগ্ৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ২ মাহৰ সময় দিয়া হৈছিল । ইয়াৰ উপৰিও এতিয়ালৈকে কিমান কুকুৰক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে তাৰ ৰেকৰ্ড ৰখাৰ নিৰ্দেশ দিছে আদালতে ।

লগতে পঢ়ক : মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে… পদপথৰ কুকুৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত অসন্তুষ্ট জাহ্নৱী-বৰুণ

মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে… পদপথৰ কুকুৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত অসন্তুষ্ট জাহ্নৱী-বৰুণ

মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী-এন চি আৰৰ ৰাজপথৰ পৰা গৰাকীবিহীন তথা অঘৰী কুকুৰসমূহ আঁতৰাই আশ্ৰয় গৃহলৈ পঠিয়াবলৈ দিয়া নিৰ্দেশে সকলোতে নতুন বিতৰ্কৰ সূচনা কৰিছে । ন্যায়ালয়ৰ এই সিদ্ধান্ত এতিয়া সমগ্ৰ দেশতে বিতৰ্কৰ কাৰণ হৈ পৰিছে । বিশেষকৈ বলীউডৰ চেলিব্ৰিটিসকলে এই সিদ্ধান্তৰ প্ৰতিবাদত মুকলিকৈ ওলাই আহিছে ।

অভিনেতা জন আব্ৰাহামে মঙলবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইলৈ এখন পত্ৰ লিখি দিল্লী-এন চি আৰ অঞ্চলৰ পৰা কুকুৰসমূহ আঁতৰোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দিয়া নিৰ্দেশনা পুনৰীক্ষণ আৰু সংশোধন কৰিবলৈ আহ্বান জনায় । এই পত্ৰ আদালতে কৰ্তৃপক্ষক যিমান পাৰি সোনকালে সকলো পদপথৰ কুকুৰক স্থায়ীভাৱে আঁতৰাই আশ্ৰয় শিবিৰত থোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে লিখিছে জন আব্ৰাহামে । ইয়াৰ উপৰিও অভিনেতা বৰুণ ধাৱান আৰু অভিনেত্ৰী জাহ্নৱী কাপুৰেও আদালতৰ এই সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

‘এইবোৰ অঘৰী কুকুৰ নহয়…’- জন আব্ৰাহম

পেটা ইণ্ডিয়াৰ প্ৰথম পৰিচালক জনে কয় যে কুকুৰবোৰ অঘৰী নহয়, বৰঞ্চ সমাজৰ অংশ আৰু বহুতে ইহঁতক ভাল পায় । আশাকৰোঁ আপোনালোকেও এই কথাত একমত হ’ব যে এইবোৰ অঘৰী নহয়, সামূহিক কুকুৰহে, যিবোৰ বহুতে আৰু বিশেষকৈ দিল্লীবাসীয়ে ভাল পায় । এই নিৰ্দেশনা পশু জন্ম নিয়ন্ত্ৰণ (এ বি চি) নিয়ম, ২০২৩ আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ সিদ্ধান্তৰ বিপৰীত, যিয়ে ধাৰাবাহিকভাৱে পদ্ধতিগত বন্ধ্যাকৰণ কাৰ্যসূচী সমৰ্থন কৰি আহিছে । ৰাজহুৱা স্থানৰ পৰা অঘৰী কুকুৰ আঁতৰাই দিলে সমস্যাৰ সমাধান নহয় । এই সিদ্ধান্তৰ পুনৰীক্ষণ আৰু সংশোধনীৰ বাবে শ্ৰদ্ধাৰে অনুৰোধ জনালোঁ ।

জীৱ-জন্তুৰ বাবে মাত মাতিলে বলীউডে-

বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু অভিনেতা বৰুণ ধাৱানে ছ’চিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰি এই নিৰ্দেশক নিষ্ঠুৰ আৰু অন্যায় বুলি অভিহিত কৰিছে । জাহ্নৱীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন আবেদন শ্বেয়াৰ কৰি লিখিছে যে ৰাজপথত বসবাস কৰা এই জীৱ-জন্তুবোৰ অঘৰী কুকুৰ নহয়, বৰঞ্চ আমাৰ সমাজৰ এটা অংশ ।

বৰুণ ধাৱানেও প্ৰকাশ কৰিলে অসন্তুষ্টি-

একে সময়তে অভিনেতা বৰুণ ধাৱানেও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আৱেদন শ্বেয়াৰ কৰি এই সিদ্ধান্তৰ বিৰোধিতা কৰে । বৰুণে বহু বছৰ ধৰি পোহনীয়া জন্তুৰ সৈতে বাস কৰি আহিছে আৰু ইয়াৰ পূৰ্বেও পশুৰ অধিকাৰৰ বাবে মাত মাতিছে ।

ৰবীনা টেণ্ডনেও কৰিলে বিৰোধিতা-

পূৰ্বে ৰবীনা টেণ্ডনেও এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কয়, ‘পদপথৰ কুকুৰৰ সংখ্যা বৃদ্ধিৰ বাবে এই কুকুৰবোৰক দোষ দিয়াটো ভুল । যদিহে স্থানীয় সংস্থাসমূহে টিকাকৰণ আৰু বন্ধ্যাকৰণ অভিযান সঠিকভাৱে চলাইছিল তেন্তে এই পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন । স্থানীয় সংস্থাই নিজৰ অঞ্চলৰ অঘৰী কুকুৰৰ দায়িত্ব ল’ব লাগিব । আজিৰ দিনত বন্ধ্যাকৰণৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন ।’

লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি; সহায়ৰ বাবে আবেদন

মুখ্য ন্যায়াধীশ ৰূপে শপত ল’লে বি আৰ গাভায়ে… ৱাকফ গোচৰ প্ৰথমটো ডাঙৰ প্ৰত্যাহ্বান

বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে । তেওঁক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাই । ন্যায়াধীশ গাভাই এই পদত অধিষ্ঠীত হোৱা প্ৰথমগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী । ড° বি আৰ আম্বেদকাৰৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাসকলৰ ভিতৰত ন্যায়াধীশ গাভাইৰ পিতৃ ৰামকৃষ্ণ সূৰ্য্যভান গাভাইও আছিল ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠীত হোৱা অনুসূচিত জাতিৰ দ্বিতীয়গৰাকী ব্যক্তি ন্যায়াধীশ গাভাই । ২০২৫ চনৰ ২৩ নৱেম্বৰত তেওঁৰ কাৰ্যকাল শেষ হ’ব । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পিছদিনাই তেওঁ ৱাকফ আইনৰ সংশোধনী সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি আৰম্ভ কৰিব লাগিব ।

বৰ্তমানলৈকে উচ্চতম ন্যায়ালয়ত ছবছৰীয়া কাৰ্যকালত ন্যায়াধীশ গাভাই বহু গুৰুত্বপূৰ্ণ বিচাৰপীঠৰ অংশ হৈ আহিছে, সেই বিচাৰপীঠসমূহে গুৰুত্বপূৰ্ণ ৰায়দান দিছে । ইয়াৰ ভিতৰত বুলডজাৰৰ এক্সনক গৰিহণা দিয়া আদেশ আৰু এনে প্ৰৱণতা নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা আদি অন্তৰ্ভুক্ত আছে ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ শুভেচ্ছা গ্ৰহণ কৰে চি জে আই বি আৰ গাভাইয়ে । মঙলবাৰে অৱসৰ লোৱা ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ঠাই লৈছে ন্যায়াধীশ গাভাইয়ে । ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ ৩০ তাৰিখে ন্যায়াধীশ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছিল । ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিল ।