'গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সৰ বিৰুদ্ধে প্ৰতিবাদ সম্পূৰ্ণ ভুল'… মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মন্তব্য

‘গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সৰ বিৰুদ্ধে প্ৰতিবাদ সম্পূৰ্ণ ভুল’… মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মন্তব্য

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে । তেওঁ ব্যক্তিগত স্বাৰ্থ বাবে সকলো কথাতে একাংশই প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সক লৈ চলি থকা প্ৰতিবাদৰ তীব্ৰ প্ৰতিক্ৰিয়া

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে । তেওঁ ব্যক্তিগত স্বাৰ্থ বাবে সকলো কথাতে একাংশই প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন আদালত কমপ্লেক্সক লৈ চলি থকা প্ৰতিবাদৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে । তেওঁ উল্লেখ কৰে যে নতুন আদালত কমপ্লেক্সৰ বিৰোধিতা কৰাসকলে সম্পূৰ্ণ তথ্য নোহোৱাকৈয়ে তেনে কৰিছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ প্ৰতিবাদৰ কথা উল্লেখ কৰি চি জে আইয়ে কয় যে ব্যক্তিগত স্বাৰ্থ বা সুবিধাই কোনো প্ৰকাৰে ন্যায়িক আন্তঃগাঁথনিৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব নোৱাৰে । সঁচাকৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে নতুন আদালত কমপ্লেক্সৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ ফলত তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হ’ব পাৰে বুলি দাবী কৰি উকীল সন্থাৰ একাংশ অধিবক্তাই প্ৰতিবাদ সাব্যস্ত কৰিছে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে আদালত আৰু ন্যায়িক ব্যৱস্থাৰ উন্নতিৰ বাবে আধুনিক আৰু উন্নত আন্তঃগাঁথনিৰ প্ৰয়োজন । তেওঁ লগতে কয় যে কেৱল ব্যক্তিগত সুবিধা বা ব্যক্তিগত কাৰণত উন্নয়নমূলক প্ৰকল্পৰ বিৰোধিতা কৰাটো সঠিক নহয় । তেওঁ উল্লেখ কৰে যে এনে বিৰোধিতাই ন্যায় ব্যৱস্থাৰ উন্নতিত বাধাৰ সৃষ্টি কৰে । তেওঁ লগতে কয় যে নতুন আদালত কমপ্লেক্সে ন্যায়িক কামক অধিক সুশৃংখলিত আৰু ফলপ্ৰসূ কৰি তুলিব, যাৰ ফলত সাধাৰণ জনতা উপকৃত হ’ব ।

লগতে পঢ়ক : বিজয় আৰু পুনৰ নিৰ্মাণৰ ইতিহাস… সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰীয়ে দেশক দিলে শক্তিশালী বাৰ্তা

শেহতীয়া প্ৰৱন্ধসমূহ