প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সোমনাথৰ ইতিহাস ধ্বংসৰ নহয়, বিজয় আৰু পুনৰ নিৰ্মাণৰ ইতিহাস । ধৈৰ্য্য, সংগ্ৰাম আৰু পুনৰ্গঠনৰ এনে উদাহৰণ বিশ্ব ইতিহাসত বিৰল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ মন্দিৰত উপস্থিত হৈ কেৱল প্ৰাৰ্থনা কৰাই নহয় দেশৰ ইতিহাস, বিশ্বাস, আত্মসন্মানৰ সৈতে জড়িত এক শক্তিশালী বাৰ্তাও প্ৰদান কৰে । সোমনাথ স্বাভিমান পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সোমনাথক ধ্বংস কৰা আগ্ৰাসীসকলক এতিয়া ইতিহাসৰ পাতৰ পৰা নাইকীয়া হৈ গৈছে, যদিও দুৰ্ভাগ্যজনকভাৱে দেশত এতিয়াও এনে শক্তিৰ অস্তিত্ব আছে যিয়ে মন্দিৰ পুনৰ নিৰ্মাণৰ বিৰোধিতা অব্যাহত ৰাখিছে ।
দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি দেশৰ প্ৰতিটো কোণৰ পৰা লাখ লাখ লোকে আমাৰ লগত যোগদান কৰিছে । এইটো এটা আচৰিত সময়, এই পৰিৱেশ আচৰিত । এফালে মহাদেৱ, আনফালে সাগৰৰ ঢৌ, মন্ত্ৰৰ প্ৰতিধ্বনি আৰু ভক্তৰ উপস্থিতি, এই সকলোবোৰে এই অনুষ্ঠানটোক ঐশ্বৰিক কৰি তুলিছে ।” প্ৰধানমন্ত্ৰীয়ে কয় যে সোমনাথ মন্দিৰ ন্যাসৰ অধ্যক্ষ হিচাপে এই ঐতিহাসিক উৎসৱত সেৱা আগবঢ়োৱাটো তেওঁ এক সৌভাগ্যৰ কথা বুলি বিবেচনা কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি তেওঁ ইয়াত থিয় হৈ ভাষণ দি থাকোঁতে তেওঁৰ মনলৈ বাৰে বাৰে এই প্ৰশ্ন আহিছে যে ১০০০ বছৰৰ পূৰ্বে এই ঠাইত কেনেকুৱা পৰিবেশে বিৰাজ কৰিছিল । তেওঁ কয়, “আমাৰ পূৰ্বপুৰুষসকলে নিজৰ বিশ্বাসৰ বাবে আৰু মহাদেৱৰ বাবে সকলো ত্যাগ কৰিছিল । আক্ৰমণকাৰীয়ে জয়ী হোৱা বুলি ভাবিছিল, কিন্তু ১০০০ বছৰৰ পিছতো সোমনাথৰ ধ্বজাই সমগ্ৰ বিশ্বলৈ ভাৰতৰ শক্তিৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে ।”
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সোমনাথৰ ইতিহাস ধ্বংসৰ নহয়, বিজয় আৰু পুনৰ নিৰ্মাণৰ ইতিহাস । তেওঁ কয় যে আগ্ৰাসী আহিয়েই থাকিল, কিন্তু প্ৰতিটো যুগত পুনৰ থিয় হৈ থাকিল সোমনাথ । ধৈৰ্য্য, সংগ্ৰাম আৰু পুনৰ্গঠনৰ এনে উদাহৰণ বিশ্ব ইতিহাসত বিৰল ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ধৰ্মৰ প্ৰতি সত্যতা থকাসকলে কেতিয়াও উগ্ৰ চিন্তাধাৰাক সমৰ্থন নকৰে । কিন্তু তেওঁ অভিযোগ কৰে যে তুষ্টিকৰণৰ ৰাজনীতি কৰাসকলে সদায় এনে চিন্তাধাৰাৰ বলি হয় । তেওঁ কয় যে যেতিয়া চৰ্দাৰ বল্লভভাই পেটেলে স্বাধীনতাৰ পিছত সোমনাথক পুনৰ নিৰ্মাণৰ সংকল্প লৈছিল তেতিয়াও তেওঁক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল । আনকি ১৯৫১ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ মন্দিৰ ভ্ৰমণৰ ক্ষেত্ৰতো আপত্তি উত্থাপন হৈছিল ।
প্ৰধানমন্ত্ৰী মোদীয়ে সকীয়াই দিয়ে যে আজি তৰোৱালৰ সলনি নতুন আৰু গোপন পদ্ধতি ব্যৱহাৰ কৰি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । এনে পৰিস্থিতিত দেশখন সজাগ, সবল আৰু ঐক্যবদ্ধ হৈ থকাটো প্ৰয়োজন ।
লগতে পঢ়ক : সোমনাথ মন্দিৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী মোদীৰ, ‘স্বাভিমান পৰ্ব’ সমাৰোহত অংশগ্ৰহণ









