সোমনাথ মন্দিৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী মোদীৰ, 'স্বাভিমান পৰ্ব' সমাৰোহত অংশগ্ৰহণ

সোমনাথ মন্দিৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী মোদীৰ, ‘স্বাভিমান পৰ্ব’ সমাৰোহত অংশগ্ৰহণ

শনিবাৰে সোমনাথ মন্দিৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ ‘সোমনাথ স্বাভিমান পৰ্ব’কে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে । তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ অংশ হিচাপে শনিবাৰে সোমনাথত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াত তেওঁ অনুষ্ঠিত ‘সোমনাথ স্বাভিমান পৰ্ব’ আৰু ৰাজকোটত অনুষ্ঠিত হ’বলগীয়া ‘ভাইব্ৰেন্ট গুজৰাট ক্ষেত্ৰীয়

শনিবাৰে সোমনাথ মন্দিৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ ‘সোমনাথ স্বাভিমান পৰ্ব’কে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ অংশ হিচাপে শনিবাৰে সোমনাথত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াত তেওঁ অনুষ্ঠিত ‘সোমনাথ স্বাভিমান পৰ্ব’ আৰু ৰাজকোটত অনুষ্ঠিত হ’বলগীয়া ‘ভাইব্ৰেন্ট গুজৰাট ক্ষেত্ৰীয় সন্মিলন’কে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে । গিৰ সোমনাথ জিলাৰ ভেৰাভাল চহৰৰ সমীপত অৱস্থিত বিখ্যাত সোমনাথ মন্দিৰৰ সমীপৰ হেলিপেডত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু ৰাজ্যখনৰ অন্যান্য ৰাজনৈতিক নেতাই প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় ।

হেলিপেডৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ কনভয় মন্দিৰৰ সমীপৰ ভিভিআইপি চাৰ্কিট হাউছলৈ আগবাঢ়ে । মোদীক আদৰণি জনাবলৈ পথৰ দুয়োকাষে বৃহৎ সংখ্যক স্থানীয় আৰু বিদেশী ভক্তৰ সমাগম ঘটে । সন্ধিয়ালৈ “সোমনাথ স্বাভিমান পৰ্ব”ৰ অংশ হিচাপে সোমনাথ মন্দিৰত “ঔমকাৰ মন্ত্ৰ”ৰ জপত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পূৰ্বে তেওঁ সোমনাথ মন্দিৰতো প্ৰাৰ্থনা কৰে ।

উল্লেখ্য যে, “সোমনাথ স্বাভিমান পৰ্ব” সোমনাথ মন্দিৰত ১০০০ বছৰ পূৰ্বে হোৱা আক্ৰমণৰ পৃষ্ঠভূমিত অনুষ্ঠিত হৈছে । ৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা “সোমনাথ স্বাভিমান পৰ্ব” ১১ জানুৱাৰীত সামৰণি পৰিব ।

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত চৰ্দাৰ বল্লভ ভাই পেটেলৰ নেতৃত্বত সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয় । এই প্ৰচেষ্টা মন্দিৰৰ ইতিহাসত এক টাৰ্নিং পইণ্ট হিচাপে চিহ্নিত হয়, যিয়ে মন্দিৰৰ হৃত গৌৰৱলৈ ঘূৰাই আনিছিল ।

এই আনুষ্ঠানত সোমনাথ মন্দিৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া যোদ্ধাসকলক সন্মান জনোৱা হ’ব । ইয়াত সাহস আৰু ত্যাগৰ প্ৰতীক হিচাপে ১০৮টা ঘোঁৰাৰ প্ৰতীকী যাত্ৰা অন্তৰ্ভুক্ত কৰা হ’ব । পিছত প্ৰধানমন্ত্ৰীয়ে মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা কৰাৰ লগতে সোমনাথত এখন ৰাজহুৱা সভাত ভাষণ দিব ।

লগতে পঢ়ক : অভেদ্য সুৰক্ষা বেহুত পৰিণত চিকেন নেক… সাজু মিছাইল, যুদ্ধ বিমান

শেহতীয়া প্ৰৱন্ধসমূহ