মুখ্য ন্যায়াধীশ

উচ্চতম ন্যায়ালয়ত ভয়ংকৰ ঘটনা: মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপৰ চেষ্টা অধিবক্তাৰ 

মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপৰ চেষ্টা অধিবক্তাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ সন্মুখত আজি আদালতত এক অনাকাংক্ষিত ঘটনা সংঘটিত হয়।অভিযোগ অনুসৰি ৰাকেশ কিশোৰ নামৰ অধিবক্তা গৰাকীয়ে CJI লৈ জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল। ঘটনাৰ লগে লগে আৰক্ষীয়ে অভিযুক্ত অধিবক্তাজনক জিম্মাত লয়।ইফালে সমগ্ৰ ঘটনাটোত ন্যায়াধীশ গাভাই

মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপৰ চেষ্টা অধিবক্তাৰ 

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ সন্মুখত আজি আদালতত এক অনাকাংক্ষিত ঘটনা সংঘটিত হয়।অভিযোগ অনুসৰি ৰাকেশ কিশোৰ নামৰ অধিবক্তা গৰাকীয়ে CJI লৈ জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল।

ঘটনাৰ লগে লগে আৰক্ষীয়ে অভিযুক্ত অধিবক্তাজনক জিম্মাত লয়।ইফালে সমগ্ৰ ঘটনাটোত ন্যায়াধীশ গাভাই শান্ত হৈ থাকি, আদালতৰ শুনানি আনদিনাৰ দৰেই চলাই যাবলৈ ক’লে।  

কোৱা হৈছে যে ৰাকেশ কিশোৰ নামৰ অধিবক্তাজনে ডেস্কৰ ওচৰলৈ গৈ জোতাযোৰ খুলি ন্যায়াধীশৰ ফালে দলিয়াবলৈ চেষ্টা কৰিছিল।

কিন্তু আদালতত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে সময়মতে হস্তক্ষেপ কৰে আৰু অধিবক্তা গৰাকীক বাহিৰলৈ লৈ যায়। যাওঁতে উকীলজনে কোৱা শুনা গ’ল, “সনাতনৰ অপমান আমি সহ্য নকৰো।”

শুনানি চলি থকাৰ মাজতেই অধিবক্তা গৰাকীয়ে মুখ্য ন্যায়াধীশ গৰাকীক এনেদৰে অপদস্থ কৰা ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশ।

লগতে পঢ়ক: শোকাৱহ ; ICU ত চিকিৎসাধীন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু