আজি ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ বি. আৰ গাভায়ে…

আজি ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইয়ে । ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ ৩০ তাৰিখে ন্যায়াধীশ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছিল । ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ হিচাবে প্ৰদান কৰিছিল । ন্যায়াধীশ গাভাইৰ কাৰ্যকাল হ’ব ৬ মাহৰ । ২৩ ডিচেম্বৰত অৱসৰ ল’ব তেওঁ ।

২০১৬ চনত বিমুদ্ৰাকৰণ সন্দৰ্ভত দিয়া সিদ্ধান্তৰ অংশ আছিল ন্যায়াধীশ বি আৰ গাভাই । য’ত কোৱা হৈছিল যে চৰকাৰৰ এই মুদ্ৰাক অবৈধ ঘোষণা কৰাৰ অধিকাৰ আছে । ইয়াৰ উপৰিও ন্যায়াধীশ গাভাই বুলডজাৰৰ ব্যৱস্থাৰ বিৰুদ্ধে দিয়া আদেশৰ অংশ আছিল আৰু নিৰ্বাচনী বণ্ডৰ সিদ্ধান্ত দিয়া বিচাৰপীঠৰো অংশ আছিল ।

ইফালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই মঙলবাৰে অৱসৰ গ্ৰহণ কৰে । ন্যায়াধীশ খান্নাই অৱসৰৰ পিছত কোনো চৰকাৰী পদত অধিষ্ঠিত নাথাকে যদিও আইন চৰ্চা কৰি যাব বুলি কয় ।

ভাৰতৰ দ্বিতীয় দলিত মুখ্য ন্যায়াধীশ-

ন্যায়াধীশ গাভাই দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ । তেওঁৰ পূৰ্বে ন্যায়াধীশ কে জি বালকৃষ্ণন ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছিল । ন্যায়াধীশ বালকৃষ্ণন ২০০৭ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ।

১৯৮৫ চনৰ ১৬ মাৰ্চৰ পৰা উকালতি আৰম্ভ কৰা ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই নাগপুৰ পৌৰ নিগম, আমৰাৱতী পৌৰ নিগম আৰু অমৰাৱতী বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং কাউন্সেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । ১৯৯২ চনৰ আগষ্টৰ পৰা ১৯৯৩ চনৰ জুলাইলৈকে বোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত সহকাৰী চৰকাৰী আবেদনকাৰী আৰু অতিৰিক্ত লোক অভিযোজক হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০০ চনৰ ১৭ জানুৱাৰীত নাগপুৰ বিচাৰপীঠৰ চৰকাৰী উকীল আৰু লোক অভিযোজক হিচাপে নিযুক্তি লাভ কৰে ।

২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে তেওঁ । ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে গাভায়ে । ন্যায়াধীশ গাভাই উচ্চতম ন্যায়ালয়ৰ কেইবাখনো সংবিধান বিচাৰপীঠৰ অংশ আছিল যাৰ সিদ্ধান্তই যথেষ্ট প্ৰভাৱ পেলাইছিল । ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁ পাঁচজনীয়া সংবিধান বিচাৰপীঠৰ নেতৃত্ব দিছিল যিয়ে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ বাতিলৰ কেন্দ্ৰৰ সিদ্ধান্তক সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰিছিল ।

ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব বি আৰ গাভাই… ১৪ মে’ত গ্ৰহণ কৰিব কাৰ্যভাৰ

ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই । মঙলবাৰে ৰাষ্ট্ৰপতিয়ে এই সিদ্ধান্তত অনুমোদন জনায় । ১৪ মে’ত তেওঁ মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব । ইফালে ১৩ জুনত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সঞ্জীৱ খান্নাই । ন্যায়াধীশ গাভাই দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ ।

ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ গাভাইক নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে । নিৰ্ধাৰিত পদ্ধতি অনুসৰি ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ হিচাপে প্ৰেৰণ কৰিছিল । ন্যায়াধীশ গাভাইৰ কাৰ্যকাল ছমাহ আৰু ৬৫ বছৰ বয়সত ২৩ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব ।

ভাৰতৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ-

ন্যায়াধীশ গাভাই হ’ব দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ । তেওঁৰ পূৰ্বে ন্যায়াধীশ কে জি বালকৃষ্ণন ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছিল । ন্যায়াধীশ বালকৃষ্ণন ২০০৭ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ।

ন্যায়াধীশ বি আৰ গাভাইৰ ডাঙৰ সিদ্ধান্ত

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষীক মুক্তি- ২০২২

ন্যায়াধীশ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে তামিলনাডু চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৩০ বছৰতকৈও অধিক সময় কাৰাগাৰত থকা দোষীসকলক মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনায় ।

ৱানিয়াৰ সংৰক্ষণক অসাংবিধানিক ঘোষণা- ২০২২

তামিলনাডু চৰকাৰে ৱানিয়াৰ সম্প্ৰদায়ক বিশেষ সংৰক্ষণ প্ৰদানৰ সিদ্ধান্তক আন পিছপৰা শ্ৰেণীৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা লোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰে ।

বিমুদ্ৰাকৰণক বৈধতা প্ৰদান কৰা- ২০২৩

ন্যায়াধীশ গাভাইয়ে ২০১৬ চনৰ বিমুদ্ৰাকৰণ পৰিকল্পনাক ৪:১ সংখ্যাগৰিষ্ঠতাৰে সমৰ্থন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে আৰু ই “সমানুপাতিকতাৰ পৰীক্ষা” পূৰণ কৰিছে ।

ইডি সঞ্চালকৰ কাৰ্যকাল অবৈধ বৃদ্ধি- ২০২৩

২০২৩ চনৰ জুলাই মাহত ন্যায়াধীশ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে বলবৎকাৰী সঞ্চালকালয়ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধি কৰাটো অবৈধ বুলি ঘোষণা কৰি ২০২৩ চনৰ ৩১ জুলাইৰ ভিতৰত পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ।

বুলডজাৰৰ একচনত নিষেধাজ্ঞা- ২০২৪

২০২৪ চনত ন্যায়াধীশ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কেৱল অভিযুক্ত বা দোষী সাব্যস্ত হোৱাৰ ভিত্তিত কাৰোবাৰ সম্পত্তি ভাঙি পেলোৱাটো অসাংবিধানিক বুলি ৰায় দিছিল । আইনী প্ৰক্ৰিয়া অবিহনে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি, যদি হয় তেন্তে সংশ্লিষ্ট বিষয়া দায়ী হ’ব ।

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ বি আৰ গাভাই, CJI সঞ্জীৱ খান্নাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে পৰামৰ্শ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিছ ভূষণ আৰ গাভাইৰ নাম ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে । এই নামটো প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই, যাৰ কাৰ্যকাল ১৩ মে’ত শেষ হ’ব ।

দৰাচলতে পৰম্পৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰাধিকাৰীৰ নাম চৰকাৰলৈ প্ৰেৰণ কৰে । এইবাৰো একে প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে । আইন মন্ত্ৰালয়ে ন্যায়াধীশ খান্নাক আনুষ্ঠানিকভাৱে তেওঁৰ উত্তৰাধিকাৰীৰ নাম উল্লেখ কৰিবলৈ কৈছিল, যাৰ উত্তৰত তেওঁ ন্যায়াধীশ গাভাইৰ নাম আগবঢ়াইছে ।

যদিহে ৰাষ্ট্ৰপতি ভৱনৰ পৰা অনুমোদন লাভ কৰে তেন্তে ন্যায়াধীশ ভূষণ আৰ গাভাই হ’ব দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ । ন্যায়াধীশ গাভাই ১৪ মে’ত ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব পাৰে । কিন্তু ২০২৫ চনৰ নৱেম্বৰ মাহত অৱসৰ ল’বলগীয়া হোৱাৰ বাবে তেওঁৰ কাৰ্যকাল মাত্ৰ ছমাহৰ হ’ব ।

১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ আমৰাৱতীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ গাভাইয়ে ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল । তেওঁ আৰ এছ গাভাইৰ পুত্ৰ, যি এগৰাকী বিশিষ্ট সমাজ কৰ্মী আৰু বিহাৰ আৰু কেৰালাৰ ৰাজ্যপাল হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল ।

২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে ন্যায়িক জীৱন আৰম্ভ কৰা ন্যায়াধীশ গাভায়ে ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ ১৫ বছৰতকৈ অধিক সময় মুম্বাই, নাগপুৰ, ঔৰংগাবাদ আৰু পানাজীৰ বিভিন্ন বিচাৰপীঠত কাম কৰিছিল ।

এটা বিশেষ কথা হ’ল তেওঁ উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা দ্বিতীয়জন অনুসূচিত জাতি (SC) ন্যায়াধীশ । ইয়াৰ পূৰ্বে ন্যায়াধীশ কে.জি. বালকৃষ্ণনে ২০১০ চনত অৱসৰ গ্ৰহণ কৰিছিল ।

ভাৰতত মুখ্য ন্যায়াধীশে শপত গ্ৰহণ কৰোৱাই ৰাষ্ট্ৰপতিক…আমেৰিকাত কাক এই দায়িত্ব দিয়া হয় ?

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’বলৈ সাজু হৈছে ড’নাল্ড ট্ৰাম্প । আজি অৰ্থাৎ ২০২৫ চনৰ ২০ জানুৱাৰী, সোমবাৰে ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হৈছে ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠান । কিন্তু আমেৰিকাত ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰোৱাই জানেনে ?

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প-
আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি শপত গ্ৰহণ কৰিবলৈ ওলাইছে । ইয়াৰ লগে লগে জো বাইডেনৰ কাৰ্যকালৰো অন্ত পৰিল । উল্লেখ্য যে ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ ওলাইছে । সহজ ভাষাত ক’ব পাৰি যে হোৱাইট হাউছ এৰাৰ প্ৰায় ৪ বছৰ পিছত ট্ৰাম্পে পুনৰ প্ৰৱেশ কৰিব হোৱাইট হাউছত ।

কোনে শপত গ্ৰহণ কৰোৱাই ?
আমেৰিকাৰ ৱাশ্বিংটনত বৰ্তমান অত্যন্ত ঠাণ্ডা । যাৰ বাবে ড’নাল্ড ট্ৰাম্পে শপতগ্ৰহণৰ সময়ত দিয়া উদ্বোধনী ভাষণ মুকলিকৈ অনুষ্ঠিত নহ’ব । আমেৰিকাৰ কেপিটেলৰ ৰটাণ্ডাৰ ভিতৰতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে । মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱাব । আমেৰিকাৰ যিকোনো ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰোৱাই মুখ্য ন্যায়াধীশে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৩৫ শব্দৰ শপত ?
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৩৫ টা শব্দত শপত লয় । এই শব্দবোৰ আমেৰিকাৰ সংবিধানৰ এক গুৰুত্বপূৰ্ণ অংশ, যাক সংবিধানৰ মৌলিক আত্মা বুলি কোৱা হয় ।
“I do solemnly swear (or affirm) that I will faithfully execute the Office of President of the United States, and will to the best of my ability, preserve, protect and defend the Constitution of the United States.”

মই দৃঢ়তাৰে শপত খাওঁ (বা প্ৰতিজ্ঞা কৰোঁ) যে মই বিশ্বস্ততাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদ নিষ্ঠাৰে পালন কৰিম, আৰু মোৰ সম্পূৰ্ণ সামৰ্থ্যৰে আমেৰিকাৰ সংবিধান সংৰক্ষণ, সুৰক্ষা আৰু ৰক্ষা কৰিম ।”

দুখন বাইবেল লৈ শপত গ্ৰহণ কৰিব ট্ৰাম্পে-
উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত ড’নাল্ড ট্ৰাম্পে দুখন বাইবেল ব্যৱহাৰ কৰিব । ইয়াৰে এখন তেওঁক মাতৃয়ে উপহাৰ হিচাপে দিছিল, আনহাতে আনখন হৈছে লিংকন বাইবেল ।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব এইসকল অতিথি-
ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেলি, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি লগতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানী ভাৰতৰ অতিথি হিচাপে উপস্থিত আছে । একে সময়তে টেছলা আৰু স্পেচএক্সৰ চি ই অ’ ইলন মাস্ক, আমাজনৰ কাৰ্যবাহী অধ্যক্ষ জেফ বেজোছ আৰু মেটা প্লেটফৰ্মছৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ।