টেক্সাছত বানৰ বিধ্বংসী ৰূপ

টেক্সাছত বানৰ বিধ্বংসী ৰূপ; ২৪ জনৰ মৃত্যু, ২০ তকৈ অধিক শিশু নিৰুদ্দেশ

টেক্সাছত বানৰ বিধ্বংসী ৰূপ আমেৰিকাৰ টেক্সাছ হিল কান্ট্ৰীত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে । মাত্ৰ কেইঘণ্টামানৰ ভিতৰত হোৱা প্ৰৱল বৰষুণতে বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই বিধ্বংসী বৰষুণত ২৪ জন লোকৰ মৃত্যু হয় । একে সময়তে শুকুৰবাৰৰ পৰা ২০তকৈয়ো অধিক শিশু নিৰুদ্দেশ হৈ

টেক্সাছত বানৰ বিধ্বংসী ৰূপ

আমেৰিকাৰ টেক্সাছ হিল কান্ট্ৰীত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে । মাত্ৰ কেইঘণ্টামানৰ ভিতৰত হোৱা প্ৰৱল বৰষুণতে বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই বিধ্বংসী বৰষুণত ২৪ জন লোকৰ মৃত্যু হয় । একে সময়তে শুকুৰবাৰৰ পৰা ২০তকৈয়ো অধিক শিশু নিৰুদ্দেশ হৈ আছে । এই শিশুকেইটিয়ে গ্ৰীষ্মকালীন শিবিৰত যোগদান কৰিবলৈ আহিছিল । ইতিমধ্যে নিৰুদ্দেশ হোৱা শিশুকেইটিক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে ।

উদ্ধাৰ অভিযান অব্যাহত-

চেন্ট্ৰেল কেৰ কাউন্টিত নিশাটোৰ ভিতৰত কমেও ২৫ চেণ্টিমিটাৰ বৰষুণ হোৱাৰ ফলত গুয়াডালুপ নদীৰ কাষত বানপানীৰ সৃষ্টি হয় । শুকুৰবাৰে সন্ধিয়া এখন সংবাদমেলত কেৰ কাউন্টিৰ শ্বেৰিফ লেৰী লিথাই কয় যে ২৪ জন লোকৰ মৃত্যু হৈছে । কৰ্তৃপক্ষই জনোৱা মতে, এতিয়ালৈকে ২৩৭ জন লোকক উদ্ধাৰ কৰা হৈছে, ইয়াৰে ১৬৭ জন লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে ।

বহু লোক নিৰুদ্দেশ-

লেফটেনেণ্ট গৱৰ্ণৰ ডেন পেট্ৰিকে কয় যে, নিৰুদ্দেশ হোৱাসকলৰ কিছুমান প্ৰাপ্তবয়স্ক, কিছুমান শিশু । দলসমূহে কেইবা ডজন উদ্ধাৰ অভিযান চলাইছে আৰু নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান অব্যাহত আছে । এল জি পেট্ৰিক কয়, মই টেক্সাছৰ জনসাধাৰণক অনুৰোধ কৰিছো যে আমি নিৰুদ্দেশ হোৱা ২০ টি শিশুক বিচাৰি পোৱাৰ বাবে প্ৰাৰ্থনা কৰক । পেট্ৰিক কয়, ৪০০ লোকে সাহায্য আৰু উদ্ধাৰৰ কাম কৰি আছে । একে সময়তে ৯টা উদ্ধাৰকাৰী দল, ১৪খন হেলিকপ্টাৰ আৰু ১২খন ড্ৰোন ব্যৱহাৰ কৰা হৈছে ।

লগতে পঢ়ক : ডনাল্ড ট্ৰাম্পৰ বৃহৎ জয়; আমেৰিকাৰ সংসদত গৃহীত Big Beautiful Bill

শেহতীয়া প্ৰৱন্ধসমূহ