বৰুণ চক্ৰৱৰ্তীৰ বলত আত্মসমৰ্পণ ট্ৰেভিছ হেডৰ...

বৰুণ চক্ৰৱৰ্তীৰ বলত আত্মসমৰ্পণ ট্ৰেভিছ হেডৰ…উল্লাসিত ভাৰতীয় সমৰ্থক

চলিত চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেল মেচত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ প্ৰথম অভাৰতে ট্ৰেভিছ হেডৰ ৰূপত ভাৰতক এটা ডাঙৰ উইকেট প্ৰদান কৰে । এই উইকেটটো এনে এটা সময়ত আহিছিল যেতিয়া হেডে ক্ৰীজত থিতাপি লৈ ডাঙৰ ডাঙৰ শ্বট খেলিবলৈ আৰম্ভ কৰিছিল । নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতাখনত প্ৰথমটো

চলিত চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেল মেচত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ প্ৰথম অভাৰতে ট্ৰেভিছ হেডৰ ৰূপত ভাৰতক এটা ডাঙৰ উইকেট প্ৰদান কৰে । এই উইকেটটো এনে এটা সময়ত আহিছিল যেতিয়া হেডে ক্ৰীজত থিতাপি লৈ ডাঙৰ ডাঙৰ শ্বট খেলিবলৈ আৰম্ভ কৰিছিল । নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতাখনত প্ৰথমটো সুযোগ লাভ কৰি বৰুণে ৫টা উইকেট দখল কৰি সকলোকে আপ্লুত কৰে । আনকি ছেমি ফাইনেলতো তেওঁ টিম ইণ্ডিয়ালৈ যথেষ্ট সকাহ কঢ়িয়াই আনিছে, যেন এই উইকেটৰ জৰিয়তে ভাৰতৰ আধা উত্তেজনা শেষ হৈ গৈছে । এই উইকেটৰ পিছত সমগ্ৰ ষ্টেডিয়ামত ভাৰতীয় সমৰ্থকসকল উল্লাসিত হৈ পৰে । ইফালে হেডৰ উইকেট পতনৰ পিছতে বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাৰ প্ৰতিক্ৰিয়াও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

অধিনায়ক ৰোহিতে নৱম অভাৰ বৰুণ চক্ৰৱৰ্তীক গতাই দিয়ে । ছেমি ফাইনেলত তেওঁ সুযোগ পাইছে কাৰণ নিউজীলেণ্ডৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰিছিল, যিখন প্ৰতিযোগিতাত তেওঁৰ প্ৰথমখন মেচ আছিল । চক্ৰৱৰ্তীয়ে ৰোহিতক নিৰাশ নকৰি প্ৰথম অভাৰৰ দ্বিতীয় বলত হেডক আউট কৰে । এই বলটোত ট্ৰেভিছ হেডে এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰিছিল যদিও বলটো মাত্ৰ ওপৰলৈ গ’ল । শুভমন গীলে এই কেচ আয়ত্ব কৰি হেডক পেভিলিয়নৰ বাট দেখুৱাই । ষ্টেডিয়ামত বহি থকা সকলোৱে এই উইকেট পতনত উল্লাসিত হৈ পৰে, অনুষ্কা শৰ্মায়ো থিয় হৈ হাত চাপৰি বজাই এই উইকেটটো পতনৰ ক্ষণ উদযাপন কৰে ।

টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই-

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ফাষ্ট বলাৰ মহম্মদ ছামীয়ে ভাৰতক প্ৰথমটো উইকেট দিয়ে । তেওঁ কাপুৰ কনলিক উইকেটকীপাৰৰ হাতত ধৰা পেলায় । ইয়াৰ পূৰ্বে ছামীয়ে প্ৰথম অভাৰৰ প্ৰথম বলত ট্ৰেভিছ হেডৰ কেচ ড্ৰপ কৰিছিল । আৰম্ভণিতে হেডে সাৱধানে বেটিং কৰিছিল যদিও তাৰ পিছত তেওঁ নিজৰ বিস্ফোৰক শৈলীলৈ আহিছিল । হেডে ৩৩টা বলত ৩৯ ৰানৰ ইনিংছ খেলে, য’ত তেওঁ ২টা ছয় আৰু ৫টা চাৰিটা কোবাই ।