শ্ৰীভূমি জিলাত গুলিচালনা ; উজ্বল বৰাৰ হত্যাকাণ্ডত জড়িত ট্ৰাক চালক গুলিবিদ্ধ

শনিবাৰে নিশা শ্ৰীভূমি জিলাত গৰজি উঠিল আৰক্ষীৰ বন্দুক। আৰক্ষী কনিষ্টবল উজ্বল বৰাৰ হত্যাকাণ্ডত জড়িত ট্ৰাকৰ চালক অভিজিৎ শব্দকৰ গুলিবিদ্ধ হৈছে। জানিব পৰা মতে হত্যাকাণ্ডৰ সৈতে জড়িত ট্ৰাকৰ চালক জনে কেনেদৰে ঘটনাটো সংঘটিত কৰিছিল তাৰ ক্ৰাইম ছিন ৰিক্ৰিয়েছনৰ বাবে ঘটনা স্থলিত লৈ যোৱা হৈছিল যোৱা নিশা

শনিবাৰে নিশা শ্ৰীভূমি জিলাত গৰজি উঠিল আৰক্ষীৰ বন্দুক। আৰক্ষী কনিষ্টবল উজ্বল বৰাৰ হত্যাকাণ্ডত জড়িত ট্ৰাকৰ চালক অভিজিৎ শব্দকৰ গুলিবিদ্ধ হৈছে।

জানিব পৰা মতে হত্যাকাণ্ডৰ সৈতে জড়িত ট্ৰাকৰ চালক জনে কেনেদৰে ঘটনাটো সংঘটিত কৰিছিল তাৰ ক্ৰাইম ছিন ৰিক্ৰিয়েছনৰ বাবে ঘটনা স্থলিত লৈ যোৱা হৈছিল যোৱা নিশা ।

সেই সময়তে আৰক্ষীৰ হাতৰ পৰা বন্দুক কাঢ়ি নি পলাবলৈ চেষ্টা কৰিছিল চালক অভিজিৎ শব্দকৰে। আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলি চালনা কৰে।

বাঁও ভৰিত গুলী লাগিছে অভিজিত শব্দকাৰৰ। পিছত গুলিবিদ্ধ অবস্থাত তেওঁক প্ৰথমতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত আৰু পিছত শিলচৰ মেডিকেল হাস্পতালত প্ৰেৰণ কৰা হৈছে।  

শেহতীয়া প্ৰৱন্ধসমূহ