এটা প্ৰচণ্ড শব্দ; চকুৰ প্ৰচাৰতে খহি পৰিল দলং
শ্ৰীভূমী জিলাৰ ৰামকৃষ্ণনগৰত হঠাৎ ভাঙি পৰিল এখন দলং। এখন অটো, এখন মিনি ট্ৰাক, দুটা অল্টো গাড়ী,বালি ভৰ্তি এখন ডাম্পাৰ গৈ থকা অৱস্থাতে ভাঙি পৰে দলং খন।
শ্ৰীভূমী জিলাৰ ৰামকৃষ্ণনগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।বুধবাৰে প্ৰায় ১২ মান বজাত হঠাৎ এটা প্ৰচণ্ড শব্দ আৰু ৰামকৃষ্ণনগৰ কেন্দ্ৰৰ লাইফ লাইন হিচাপে পৰিচিত অনিপুৰত সিংলা নদীৰ ওপৰত থকা দলংখন ভাঙি পৰে।জানিব পৰা মতে
এই দুৰ্ঘটনাত এজন ব্যক্তি আহত হৈছে। এখন অটো, এখন মিনি ট্ৰাক, দুটা অল্টো গাড়ী, কেইবাখনো বাইক আৰু বালি ভৰ্তি এখন ডাম্পাৰসহ দলংখন নদীত ভাঙি পৰে।
ঘটনাটোৰ ফলত কেইবাখনো বাইক, ডাম্পাৰ পৰিল নদীত। পিছত ঘটনাস্থলীত সিআৰপিএফ, অগ্নিনির্বাপক বাহিনী, চিকিৎসা দল আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।
লগতে পঢ়ক: ‘বেদখলকাৰীৰ বাবে কোনো সকাহ নাই, অসমত উচ্ছেদ চলি থাকিব’; মুখ্যমন্ত্ৰী