আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব পূৰ্ণাংগ বাজেট; জনতালৈ কি কি ভাল খবৰ

আজি সংসদত দাখিল কৰা হ’ব দেশৰ পূৰ্ণাংগ বিত্তীয় বাজেট।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে পুৱা ১১ বজাত মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট ৩.০ উপস্থাপন কৰিব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে পুৱা ৮:৩০ বজাত নৰ্থ ব্লকৰ বাবে তেওঁৰ বাসগৃহৰ পৰা ওলাই আহিছে। তাৰ পিছত, বিত্ত মন্ত্ৰী নিৰ্মলা

আজি সংসদত দাখিল কৰা হ’ব দেশৰ পূৰ্ণাংগ বিত্তীয় বাজেট।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে পুৱা ১১ বজাত মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট ৩.০ উপস্থাপন কৰিব।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইতিমধ্যে পুৱা ৮:৩০ বজাত নৰ্থ ব্লকৰ বাবে তেওঁৰ বাসগৃহৰ পৰা ওলাই আহিছে।  তাৰ পিছত, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দলৰ সৈতে ৰাষ্ট্ৰপতি ভৱনলৈ যাব।

এই বাজেটত মহিলাৰ পৰা কৰ্পৰেট ক্ষেত্ৰলৈকে সকলো সামৰি ল’ব। আশা কৰা হৈছে যে এই বাজেটে দেশবাসীক সকাহ দিব। কেন্দ্ৰীয় চৰকাৰে বাজেটত কৃষকসকলৰ সন্দৰ্ভত বহু কেইটা ডাঙৰ ঘোষণা কৰিব পাৰে।

মধ্যবিত্ত শ্ৰেণীয়ে আয়কৰ সীমা আৰু ধাৰা ৮০ চি ৰ অধীনত ৰেহাইৰ সীমা বৃদ্ধিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।গতিকে সমগ্ৰ দেশবাসীয়ে এতিয়া অপেক্ষা কৰিছে ১১ বজালৈ।