৩১টা সংকল্পৰে অসমত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য ।

মঙলবাৰে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । এই ইস্তাহাৰ মুকলি কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে । এই ইস্তাহাৰ অসমৰ এটা দশকৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যিটো কাম কংগ্ৰেছ দলে ৬০ বছৰতো কৰা নাছমিল বুলি উল্লেখ কৰে ।

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, “এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য । মই দেখিছোঁ এনে এখন ৰাজ্য যিখন এনেদৰে ৰূপান্তৰিত হৈছে যি কংগ্ৰেছৰ ছয় দশকৰ শাসনকালত কেতিয়াও সম্ভৱ হোৱা নাছিল ।” এই ইস্তাহাৰ মুকলিৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে উত্তৰ-পূব অঞ্চলৰ দীৰ্ঘম্যাদী উন্নয়নত কংগ্ৰেছ দলৰ কোনো গুৰুত্ব নাছিল । অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে । ৰাজ্যত বিজেপিৰ শাসন কালত সুযোগ যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীসকল পুনৰ ৰাজ্যলৈ ঘূৰি আহিছে । কংগ্ৰেছ দলক লক্ষ্য কৰি তেওঁ কয় যে কংগ্ৰেছৰ নীতিৰ বাবে অসমত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ৩২ বছৰ ধৰি চলি থাকিল ।

“সংকল্প পত্ৰ” সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, “সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ আঁৰৰ পটভূমি হ’ল আমি অসমৰ সকলো প্ৰান্তৰ লোকৰ কাষ চাপিছিলো । আমি ঘৰে ঘৰে গৈ পৰৱৰ্তী কাৰ্যকালত কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ সংগ্ৰহ কৰিছিলো । এই ইস্তাহাৰৰ আধাৰত অৰ্থাৎ অসমৰ ৰাইজৰ পৰামৰ্শৰ আধাৰত আমি তৃতীয় কাৰ্যকালত কাম কৰিম ।” তেওঁ কয় যে তিনি লাখৰো অধিক লোকে নিজৰ পৰামৰ্শ দাখিল কৰে ।

লগতে পঢ়ক : মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী

সস্তা হ’ল জোটা, বৃদ্ধি পালে সুৰাৰ দাম; কি কি আছে বাজেটত?

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰিলে বাজেট । ইয়াত সাধাৰণ জনতাৰ বাবে কেইবাটাও ভাল খবৰ আছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দেশৰ বাজেট দাখিল কৰে।এইটো তেওঁৰ নৱম বাজেট আছিল।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ চনৰ বাজেটত অৰ্থনৈতিক বিকাশ, আত্মনিৰ্ভৰশীলতা আৰু সৰ্বাংগীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ ৰাজহুৱা বিনিয়োগ, গাঁথনিগত সংস্কাৰ, বিত্তীয় অনুশাসন আৰু ঘৰুৱা উৎপাদন, শক্তি সুৰক্ষা বৃদ্ধি আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে আৰ্থিক স্থিতিশীলতা বজাই ৰখাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বাজেটত ছয়টা মূল খণ্ডত বৃদ্ধি, মেগা টেক্সটাইল আৰু এমএছএমই পুঁজি, হাই-স্পীড ৰে’ল কৰিডৰ, বায়’-ফাৰ্মা শক্তি, চিচিইউএছ প্ৰযুক্তি, সামুদ্ৰিক আৰু পৰিৱেশগত ট্ৰেইল,শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, এভিজিচি আৰু নাৰিকল-কাজু উৎপাদন আদি আঁচনি প্ৰস্তাৱ কৰা হৈছে।

কৰ সংস্কাৰৰ ভিতৰত টিচিএছৰ হাৰ কৰ্তন, ৰিটাৰ্ণ পুনৰীক্ষণৰ সময়সীমা বৃদ্ধি, ক্ষুদ্ৰ কৰদাতাৰ বাবে সহজ প্ৰক্ৰিয়া, আৰু প্ৰ’আই বিনিয়োগৰ সীমা বৃদ্ধি আদি অন্তৰ্ভুক্ত।

তদুপৰি SEZs, প্ৰতিৰক্ষা, পাৰমাণৱিক আৰু লিথিয়াম-আয়ন বেটাৰী উদ্যোগ, চিকিৎসা পৰ্যটন হাব, AI-ভিত্তিক কৃষি সঁজুলি আৰু ‘ভাৰত Vistaar’ৰ দৰে ডিজাইনৰ বাবে কাষ্টম শুল্ক ৰেহাই অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়,’মই এটা বিশেষ এককালীন পৰিকল্পনা প্ৰস্তাৱ কৰিছো, ইয়াৰ ফলত ছেইজড (বিশেষ অৰ্থনৈতিক অঞ্চল)ৰ যোগ্য উৎপাদন ইউনিটসমূহে ঘৰুৱা বজাৰত ৰেহাইমূলক শুল্কত নিজৰ সামগ্ৰী বিক্ৰী কৰাত সহজ হ’ব।এনে বিক্ৰী তেওঁলোকৰ মুঠ ৰপ্তানিৰ পৰিমাণৰ এটা নিৰ্দিষ্ট অংশতহে সীমাবদ্ধ থাকিব।’

মন কৰিবলগীয়া যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এই বাজেট ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে।এই বাজেটখন এনে সময়ত দাখিল কৰা হৈছে যেতিয়া দেশখনে আমেৰিকাৰ উচ্চ শুল্কৰ সন্মুখীন হৈছে আৰু বিশ্বজুৰি অনিশ্চয়তাই বিৰাজ কৰিছে।

কি কি সামগ্ৰীত বৃদ্ধি পালে দাম-খনিজ সামগ্ৰী, স্ক্ৰেপ আৰু সুৰা

কি কি সামগ্ৰীত পালে হ্ৰাস-  জোতা, বেটাৰী, চামৰাৰ সামগ্ৰী, সৌৰশক্তি উৎপাদনৰ সঁজুলি, কৰ্কট ৰোগ সম্পৰ্কীয় ১৭বিধ ঔষধ, মাইক্ৰ’ৱেভ অ’ভেন, ৭টা জটিল ৰোগৰ ঔষধ। লগতে দাম কমিব ইলেকট্ৰিক বাহন, বিমানৰ টিকট, বায়’গেছ চিলিণ্ডাৰৰ।

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ১৭বিধ কৰ্কট ৰোগ সম্পৰ্কীয় ঔষধত ৰেহাই দিয়া হ’ব। আন সাতবিধ বিৰল ৰোগৰ ঔষধো নিৰ্দিষ্ট চিকিৎসাৰ উদ্দেশ্যে আমদানিৰ পৰা ৰেহাই দিয়া হ’ব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মহিলা সন্দৰ্ভত বৃহৎ ঘোষণা কৰে বাজেটত। তেওঁ কয় যে মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ SHE (Self-help Entrepreneur) Martsক কমিউনিটী-মালিকীস্বত্বৰ খুচুৰা বিপণি হিচাপে স্থাপন কৰা হ’ব।

লগতে পঢ়ক: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা; দাম কমিব  কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা; দাম কমিব  কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ

২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট কৰ্কট আৰু ডায়েবেটিছ ৰোগীৰ বাবে আছে ভাল খবৰ। শীঘ্ৰেই কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ কমিব দাম ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি আছে। এই সময়ত বিত্তমন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিছে।

বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰী গৰাকীয়ে ঘৰুৱা উৎপাদন, স্বাস্থ্যসেৱা খণ্ড, শক্তি সুৰক্ষা আৰু দৰিদ্ৰতা নিৰাময়ৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপনলৈকে বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ ১২ বছৰীয়া শাসনকালত দেশৰ অৰ্থনৈতিক অৱস্থাত স্থিতিশীলতা, বিত্তীয় অনুশাসন, নিৰন্তৰ বৃদ্ধি আৰু কম মুদ্ৰাস্ফীতি দেখা গৈছে।

বাজেট দাখিল কৰাৰ সময়ত কৰ্কট আৰু ডায়েবেটিছ ৰোগী সকলক ভাল খবৰ দি  বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সস্তা হ’ব কৰ্কট আৰু ডায়েবেটিছৰ ঔষধৰ দাম ।জৈৱিক ঔষধ তৈয়াৰ কৰাত গুৰুত্ব দিয়া হ’ব।

লগতে ফাৰ্মা খণ্ডত ১০ হাজাৰ কোটি টকাৰ বিনিয়োগ হ’ব। ঔষধ প্ৰস্তুত কৰিবৰ বাবে এই ১০ হাজাৰ কোটি টকা খৰছ কৰা হ’ব। ঔষধ প্ৰস্তুতৰ বাবে এই বাজেটত বায়’ ফাৰ্মা শক্তিৰ কথা ঘোষণা কৰা হৈছে।

লগতে পঢ়ক: হাতত বাজেট লৈ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত নিৰ্মলা সীতাৰমণ; আজি দাখিল কৰিব নৱম বাজেট

হাতত বাজেট লৈ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত নিৰ্মলা সীতাৰমণ…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি (১ ফেব্ৰুৱাৰী) মোদী চৰকাৰৰ ১৫ সংখ্যক বাজেট দাখিল কৰিব। সাধাৰণ লোকৰ বাবে কি কি আছে এই বাজেটত তাক জানিবলৈ চকু নিবদ্ধ হৈ আছে সকলোৰে ?

আজি সংসদত দাখিল কৰা হ’ব বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৱা ১১ বজাত সদনত দাখিল কৰিব কেন্দ্ৰীয় বাজেট।

যি সময়ত কৰদাতাসকলে এই বাজেটৰ পৰা সকাহ আশা কৰিছে, সেই সময়ত মধ্যবিত্ত আৰু গাঁৱৰ কৃষকৰ চকুও চৰকাৰৰ ওপৰত নিবদ্ধ হৈ আছে।

এই বাজেটত শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বাবে খাজানা খুলিবও পাৰে।বিনিয়োগকাৰীসকলে চাই আছে যে চৰকাৰে বৃদ্ধি আৰু বিত্তীয় ভাৰসাম্যৰ মাজত কেনে ভাৰসাম্য ৰক্ষা কৰে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বৰ্তমান ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি বাজেটৰ প্ৰতিলিপি প্ৰদান কৰিছে।

ইয়াৰ পৰা বিত্তমন্ত্ৰীয়ে পোনপটীয়াকৈ সংসদ ভৱনলৈ গৈ কেবিনেটৰ অনুমোদন ল’ব। আৰু পুৱা ১১ বজাত বিত্তমন্ত্ৰীয়ে সংসদত বাজেট দাখিল কৰিব লাগিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱম বাজেটৰ বাবে এখন সুন্দৰ কাঞ্জিৱৰাম শাৰী পৰিধান কৰি আহিছে।এই শাৰীখন তামিলনাডুৰ, য’ত কেইমাহমানৰ পিছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু য’ত বিজেপিয়ে দীৰ্ঘদিন ধৰি সফলতা লাভৰ চেষ্টা কৰি আহিছে।

একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত এইখন হ’ব দ্বিতীয়খন সম্পূৰ্ণ বাজেট।ইয়াৰ লগে লগে দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হ’ব নিৰ্মলা সীতাৰমণ যিয়ে একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব।

লগতে পঢ়ক: শাস্তি দিয়াটো আদালতৰ অধিকাৰ, আৰক্ষী নহয়ঃ এনকাউন্টাৰক লৈ কঠোৰ উচ্চ ন্যায়ালয়

শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস নিৰ্মলা সীতাৰমণৰ

শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যায়ৰ শিলান্যাস

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে । এই সময়ছোৱাত অঞ্চলটোত সংযোগ ব্যৱস্থাও বৃদ্ধি পাইছে, নতুন ৰাজ্যসমূহক ৰে’লৱেৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰা হৈছে আৰু কেইবাটাও গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ লগতে কয় ।

শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা সীতাৰমণে বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰাজ্যৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে ।

উল্লেখ্য যে, শনিবাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । মুঠ ৭৩৮ বিঘা ভূমিত ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় । ৭ লাখ বৰ্গফুট এলেকাত নিৰ্মাণ হ’ব এই বিশ্ববিদ্যালয়খন ।

সীতাৰমনে কয়, “২০১৪ চনৰ পৰা কেন্দ্ৰই উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে । ৮৫০ খনতকৈও অধিক নতুন বিদ্যালয় মুকলি কৰা হৈছে । অঞ্চলটোৰ প্ৰথমখন এইমছ কাৰ্যক্ষম হৈ উঠিছে আৰু ২০০ৰো অধিক নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান কাৰ্যকৰী হৈছে । অঞ্চলটোত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ো স্থাপন হ’বলৈ গৈ আছে ।”

কেৱল অসমতে ১৫খন নতুন মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে, আনহাতে ৰাজ্যখনত দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কেন্সাৰ কেয়াৰ চেণ্টাৰ আহি আছে আৰু ৰাজ্যখনত শীঘ্ৰেই উত্তৰ-পূৱৰ দ্বিতীয়খন আই আই এম হ’ব বুলিও তেওঁ লগতে কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিক্ষা খণ্ডক উন্নীত কৰিবলৈ কেন্দ্ৰই অঞ্চলটোৰ ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয়ৰে কাম কৰি আছে ।

পথ, দলং আৰু সুৰংগ উন্নয়নৰ উপৰিও অঞ্চলটোৰ বিমান পৰিবহণ আৰু ৰে’ল খণ্ডতো কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে বুলি সীতাৰমণে জানিবলৈ দিয়ে । বিগত ১১ বছৰত অঞ্চলটোত ১০টা নতুন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে বুলিও কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে । এই সময়ছোৱাত প্ৰথমবাৰৰ বাবে মণিপুৰ আৰু মেঘালয়ক দেশৰ ৰে’লৱে মেপত সংযোজন কৰা হৈছে বুলিও তেওঁ লগতে কয় ।

স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সীতাৰমণে কয় যে, “১৭ বছৰ বয়সত যেতিয়া তেওঁ পঢ়া-শুনা কৰিবলৈ বিশ্ববিদ্যালয়ত ভৰ্তি হ’ব লাগিছিল, তেতিয়া তেওঁ আমাৰ ৰাষ্ট্ৰীয় পতাকা উচ্চ কৰি ৰাখিবলৈ ৰাষ্ট্ৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল । বহু আগতেই তেওঁৰ নামত এখন বিশ্ববিদ্যালয় হ’ব লাগিছিল ।”

সীতাৰমনে কয় যে গহপুৰ থানা সংৰক্ষণ বা তাত স্মৃতিসৌধ নিৰ্মাণ কৰিলেও মানুহ আকৰ্ষণ হ’ব, তেওঁৰ নামত বিশ্ববিদ্যালয়খনে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু এই পদক্ষেপক সঠিক দিশত লোৱা এক পদক্ষেপ হিচাপে প্ৰশংসা কৰে তেওঁ ।

শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিত উৎসৰ্গিত এখন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ কথা বুলি কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ এই বিশ্ববিদ্যালত নামভৰ্তি কৰিবলগীয়া যুৱক-যুৱতীসকলক শ্বহীদ কনকলতা বৰুৱা আৰু অঞ্চলটোৰ অন্যান্য স্বাধীনতা সংগ্ৰামীসকলে মূৰ্ত কৰি ৰখা গভীৰ দেশপ্ৰেমেৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক : ADRE উত্তীৰ্ণ সকলৰ বাবে ভালখবৰ; নৱেম্বৰ মাহতে হ’ব নিযুক্তি

আজি লোকসভাত দাখিল হ’ব নতুন আয়কৰ বিধেয়ক; কি কি হ’ব পৰিৱৰ্তন?

লোকসভাত দাখিল হ’ব নতুন আয়কৰ বিধেয়ক

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত উত্থাপন কৰিব সংশোধিত আয়কৰ বিধেয়ক। ভাৰতীয় কৰ আন্তঃগাঁথনিৰ অভাৰ হ’ল প্ৰক্ৰিয়াৰ অংশ হিচাপে নতুন আয়কৰ বিধেয়ক, ২০২৫ সকলো সংশোধনীৰ সৈতে আজি লোকসভাত দাখিল কৰা হ’ব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াক উপস্থাপন কৰিব।এই নতুন বিধেয়কখনত নিৰ্বাচিত সমিতিৰ পৰামৰ্শ দিয়া ২৮৫টা সংশোধনী অন্তৰ্ভুক্ত কৰা হ’ব।

বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত নিৰ্বাচিত কমিটীয়ে এই সংশোধনীসমূহত অনুমোদন জনাইছিল।আপোনালোকক জনাওঁ যে এই নতুন বিধেয়কখন ৬৩ বছৰীয়া আয়কৰ আইন,১৯৬১ চনৰ ঠাই ল’ব।

 চৰকাৰে কৈছিল যে বিধেয়কখন প্ৰত্যাহাৰ কৰি তাত কিছু সংশোধনী কৰা হ’ব যাতে নতুন আইনখন সকলোৱে সহজে বুজিব পাৰে।

লোকসভাৰ বাছনি সমিতিয়ে পৰামৰ্শ দিয়া পৰিৱৰ্তনসমূহ নতুন বিধেয়কখনত অন্তৰ্ভুক্ত কৰা হৈছে।এই নতুন আপডেট কৰা বিলখন হ’ব সম্পূৰ্ণ নতুন আৰু চূড়ান্ত সংস্কৰণ। ইয়াৰ লগে লগে এতিয়া পুৰণি আৰু নতুন বিলৰ মাজত মানুহৰ কোনো ধৰণৰ খেলিমেলি নাথাকিব।

বিত্তমন্ত্ৰীগৰাকীয়ে নতুন বিধেয়কখনত কিছু কাৰিকৰী সংশোধন কৰা হৈছে বুলি কৈছিল।খচৰা প্ৰস্তুত কৰাটো উন্নত কৰা হৈছে, শব্দ নিৰ্বাচন সহজ আৰু উন্নত ক্ৰছ-ৰেফাৰেন্সিঙৰ সৈতে।

এই পৰিৱৰ্তনৰ এটা ডাঙৰ কাৰণ হৈছে বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সংসদ বাছনি সমিতিৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়া।

তেওঁ আৰু কয়, “এয়া স্বাভাৱিক প্ৰথা। বাছনি সমিতিয়ে যেতিয়া প্ৰতিবেদন দাখিল কৰে, তেতিয়া ইয়াত বহু উন্নতি কৰা হয় আৰু চৰকাৰে সেইবোৰ মানি লয়।

পূৰ্বৰ বিধেয়কখন প্ৰত্যাহাৰ কৰি পৰিৱৰ্তনসহ নতুন বিধেয়ক দাখিল কৰা হয় যাতে সংসদে বিধেয়কখন বিবেচনা কৰাত সহজ হয় আৰু লগতে গৃহীত কৰাটোও সহজ হয়।

তেওঁ কয় যে যোৱা ছমাহত যি কঠোৰ পৰিশ্ৰম কৰিছে সেয়া অপচয় নহ’ব, বৰঞ্চ সকলোৰে কঠোৰ পৰিশ্ৰম আৰু পৰামৰ্শ নতুন বিধেয়কখনত প্ৰতিফলিত হ’ব।

মন কৰিবলগীয়া যে ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত লোকসভাত আয়কৰ বিধেয়ক উত্থাপন কৰা হৈছিল আৰু ইয়াৰ পিছত বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ অধ্যক্ষতাত ৩১ জনীয়া এখন নিৰ্বাচিত সমিতি গঠন কৰি ইয়াৰ তদন্ত কৰা হয়।

২৮৫টা পৰামৰ্শ আগবঢ়াইছিল আৰু যোৱা মাহত ২০২৫ চনৰ ২১ জুলাইত প্ৰতিবেদন দাখিল কৰিছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ এতিয়া সংশোধিত নতুন কৰ বিধেয়ক, ২০২৫ চন প্ৰৱৰ্তন কৰিবলৈ ওলাইছে, যিয়ে ১৯৬১ চনৰ আয়কৰ বিধেয়কৰ ঠাই ল’ব।ইয়াৰ শিতান আগৰ তুলনাত কম হ’ব আৰু আগৰ তুলনাত বহুত সহজ ভাষাত হ’ব।

লগতে পঢ়ক: ‘ডাবল ভোটিং’ৰ দাবী কৰি বিপদত ৰাহুল গান্ধী; জাননী প্ৰেৰণ কৰি নিৰ্বাচনী আয়োগে বিচাৰিলে প্ৰমাণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিলে নতুন আয়-কৰ বিধেয়ক, কি কি পৰিৱৰ্তন হ’ব ?

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত উত্থাপন কৰিলে নতুন আয়-কৰ বিধেয়ক ২০২৫ । ইয়াৰ পূৰ্বে ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটে এই বিধেয়কত অনুমোদন জনাইছিল । এই নতুন বিধেয়কখনে প্ৰায় ৬০ বছৰীয়া আয়-কৰ আইনখনৰ ঠাই ল’ব আৰু ই কৰ ব্যৱস্থাক অধিক সহজ, স্বচ্ছ আৰু অধিক ফলপ্ৰসূ কৰি তুলিব ।

নতুন আয়কৰ বিধেয়কত সংস্কাৰৰ প্ৰস্তাৱ-

‘কৰ বৰ্ষ’ৰ ব্যৱহাৰঃ নতুন বিধেয়কখনে ‘মূল্যায়ন বৰ্ষ’ শব্দটোৰ ঠাইত ‘কৰ বৰ্ষ’ শব্দটো ব্যৱহাৰ কৰিব, যিটো ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে ১২ মাহৰ সময়সীমা হ’ব ।

নতুন ব্যৱসায়ৰ বাবে কৰ বছৰঃ যদি কোনো নতুন ব্যৱসায় বা পেছা আৰম্ভ কৰা হয়, তেন্তে ইয়াৰ কৰ বছৰ সেইদিনাৰ পৰা আৰম্ভ হ’ব আৰু একেটা বিত্তীয় বৰ্ষৰ শেষত শেষ হ’ব ।

আইনী ভাষাৰ উন্নতিঃ নতুন বিধেয়কখনে আইনী চৰ্তসমূহ সৰল আৰু চুটি কৰি তুলিছে, যাৰ ফলত ইয়াক বুজিবলৈ সহজ হৈ পৰিব ।

আইনী নথি চুটি কৰাঃ পুৰণি ৮২৩ পৃষ্ঠাৰ বিপৰীতে ৬২২ পৃষ্ঠাত নতুন আয়কৰ বিধেয়ক প্ৰস্তুত কৰা হৈছে ।

অধ্যায় আৰু ধাৰা বৃদ্ধিঃ বিধেয়কখনৰ অধ্যায়ৰ সংখ্যা ২৩টা হৈয়ে আছে যদিও ধাৰাসমূহৰ সংখ্যা ২৯৮টাৰ পৰা ৫৩৬টালৈ বৃদ্ধি পাইছে ।

সূচী বৃদ্ধিঃ সূচীৰ সংখ্যা ১৪ৰ পৰা ১৬লৈ বৃদ্ধি পাইছে ।

জটিল বিধান আঁতৰোৱাঃ পুৰণি আইনত উপস্থিত জটিল ব্যাখ্যা আৰু বিধান আঁতৰোৱা হৈছে, যাৰ ফলত বুজিবলৈ সহজ হৈ পৰিব ।

ভাৰ্চুৱেল ডিজিটেল সম্পত্তিৰ ওপৰত কঠোৰ নিয়মঃ ক্ৰিপ্টোকাৰেন্সীৰ দৰে ভাৰ্চুৱেল ডিজিটেল সম্পত্তি এতিয়া অপ্ৰকাশিত আয়ৰ অধীনত বিবেচনা কৰা হ’ব ।

কৰ ফাঁকি বিৰোধী ব্যৱস্থাঃ স্বচ্ছতা বৃদ্ধি আৰু কৰ ফাঁকি ৰোধ কৰিবলৈ ডিজিটেল লেনদেন আৰু ক্ৰিপ্টো সম্পত্তিৰ ওপৰত কঠোৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে ।

কৰদাতাৰ চনদঃ নতুন বিধেয়কখনত কৰদাতাৰ চনদো অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে কৰদাতাৰ অধিকাৰ সুৰক্ষিত কৰিব আৰু কৰ প্ৰশাসনক স্বচ্ছ কৰি তুলিব ।

কিয় উত্থাপন কৰা হ’ল নতুন আয়-কৰ বিধেয়ক ?

বৰ্তমানৰ আয়-কৰ আইনখন কেইবা দশক পুৰণি হোৱাৰ বাবে কাৰিকৰীভাৱে জটিল আৰু কাৰ্যতঃ জটিল হৈ পৰিছিল । সময়ে সময়ে ইয়াত পৰিৱৰ্তন ঘটিছিল যদিও আজিৰ ডিজিটেল আৰু আধুনিক অৰ্থনীতিৰ বাবে ই সম্পূৰ্ণৰূপে উপযোগী নাছিল । সেয়ে চৰকাৰে কৰ ব্যৱস্থা সৰল কৰি তোলা, কৰদাতাক সকাহ দিয়াৰ লগতে পালন প্ৰক্ৰিয়া সৰল কৰাৰ বাবে নতুন আয়কৰ বিধেয়ক ২০২৫ উত্থাপন কৰিছে ।

কৰ স্লেবৰ সংশোধন-

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫ চনৰ বাজেটত নতুন কৰ স্লেব ঘোষণা কৰিছিল, যিটো তলত দিয়া ধৰণৰ-

০ – ৪ লাখ কৰ নাই

৪ – ৮ লাখ ৫%

৮ – ১২ লাখ ১০%

১২ – ১৬ লাখ ১৫%

১৬ – ২০ লাখ ২০%

২০ – ২৪ লাখ ২৫%

২৪ লাখ টকাৰ ওপৰত ৩০%

ইয়াৰ পূৰ্বে কৰবিহীন সীমা আছিল ৭ লাখ টকা, যিটো ১২ লাখলৈ বৃদ্ধি কৰা হৈছে ।

পুৰণি আইনখনৰ লগত বহুত সমস্যা হৈছিল-

বৰ্তমানৰ আয়-কৰ আইন ১৯৬১ চনত প্ৰণয়ন কৰা হৈছিল । বছৰ বছৰ ধৰি ভাৰতীয় অৰ্থনীতিত বহু বৃহৎ পৰিৱৰ্তন ঘটিছে যদিও কৰ ব্যৱস্থা পুৰণি গাঁথনিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল । ইয়াৰ বাবেই কৰদাতাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াত কিছুমান সমস্যাৰ বিষয়ে উল্লেখ কৰা হৈছে ।

-জটিল কৰ নিয়ম বুজিবলৈ অসুবিধা হৈছিল ।

-কৰ ৰিটাৰ্ণ দাখিল আৰু মানি চলাৰ ক্ষেত্ৰত প্ৰশাসনিক হেঁচা বৃদ্ধি পালে ।

-কৰ বিবাদৰ সমাধান অতি লেহেমীয়া আৰু জটিল আছিল ।

-ডিজিটেল অৰ্থনীতিক সঠিকভাৱে গ্ৰহণ কৰিব পৰাকৈ কোনো পৰ্যাপ্ত ব্যৱস্থা নাছিল ।

বাজেটত মধ্যবিত্তৰ বাবে আছে ভালখবৰ;  কিহৰ বাঢ়িল দাম , কি কি সামগ্ৰীৰ কমিল দাম

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫ চনৰ বাজেট উপস্থাপন কৰাৰ পূৰ্বে ইংগিত দিছিল যে এই বাজেট সাধাৰণ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে উৎসৰ্গিত হ’ব।বাজেটত মধ্যবিত্তৰ বাবে ডাঙৰ সকাহ দিছে বিত্তমন্ত্ৰী গৰাকীয়ে।

সাধাৰণ জনতাৰ বাবে ডাঙৰ ঘোষণা কৰিছে বাজেটত। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত গাড়ী, ম’বাইল আৰু টিভিৰ দৰে কেইবাটাও সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিছে।

লগতে বিত্ত মন্ত্ৰীয়ে ৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধৰ মূল্য হ্ৰাস কৰিছে। এইখন বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অষ্টমখন বাজেট।

বিত্ত মন্ত্ৰীয়ে কোবাল্ট পাউডাৰ আৰু লিথিয়াম-আয়ন বেটাৰী আৱৰ্জনা, স্ক্ৰেপ আৰু অন্যান্য ১২বিধ খনিজ পদাৰ্থৰ ওপৰত মৌলিক শুল্কৰ পৰা সম্পূৰ্ণ ৰেহাইৰ প্ৰস্তাৱ দিছে।ই ভাৰতত উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব আৰু নিযুক্তি বৃদ্ধিত সহায় কৰিব।

দাম হ্ৰাস পোৱা সামগ্ৰী সমূহ হ’ল টিভি, ম’বাইল, বৈদ্যুতিক গাড়ী, ইভি বেটাৰি, কৰ্কট ৰোগৰ ঔষধ আৰু
জীৱন ৰক্ষাকাৰী ঔষধ।

লগতে, কেন্সাৰৰ ৰোগীৰ বাবে বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে। কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ৩৬ বিধ ঔষধৰ বুনিয়াদী সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ঘোষণা কৰা হৈছে। অৰ্থাৎ কেন্সাৰৰ ঔষধৰ দাম হ্ৰাস পাব।

আয়কৰক লৈও বিত্তমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে বাজেটত। এতিয়াৰে পৰা ১২ লাখ টকা আয়ত কোনোধৰণৰ আয়কৰ দিব নালাগে লোকসকলে।

আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰ কৰা হৈছে। এতিয়া ১২ লাখ টকাৰ আয়ত কোনোধৰণৰ কৰ দিব নালাগে। অৰ্থাৎ ১ লাখ টকাৰ মাহিলী উপাৰ্জনত কৰ দিব নালাগে।

বাজেটত কৃষকৰ বাবে ভালখবৰ ; উপকৃত হ’ব ১ কোটিতকৈও অধিক কৃষক

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট উপস্থাপন কৰিছে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট উপস্থাপন কৰি ঘোষণা কৰে যে কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে। যাৰ পূৰ্বে সৰ্বাধিক সীমা আছিল ২ লাখ টকা। ই কৃষকসকলক গুৰুত্বপূৰ্ণ লাভালাভ প্ৰদান কৰিব।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী ধনধান্য কৃষি আঁচনি ঘোষণা কৰিছে। তেওঁ কৈছিল যে ১০০ খন জিলাত নিম্ন উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দি উন্নতি কৰা হ’ব।

সঞ্চয় বৃদ্ধি কৰা প্ৰয়োজন আৰু জলসিঞ্চনৰ সুবিধা বৃদ্ধি কৰা প্ৰয়োজন। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ১ কোটিতকৈও অধিক কৃষক উপকৃত হ’ব।

কৃষকসকলৰ অধিক উৎপাদন কৰাৰ সম্ভাৱনা আছে।কৃষকসকলে শস্য উৎপাদন বৃদ্ধি কৰিছিল আৰু চৰকাৰে ক্ৰয়ত সহায় কৰিছিল। আমাৰ চৰকাৰে এতিয়া অৰহৰ আৰু উৰাদৰ দৰে মাহজাতীয় শস্যৰ ওপৰত গুৰুত্ব দিব।

বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাৰ ঘোষণা কৰি কয় যে ইয়াৰ জৰিয়তে ১০০খন জিলাত ল’ প্ৰডাক্টিভিটীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াত সংশোধন কৰা হ’ব।

তেওঁ লগতে কয় যে এই বাজেট সৰ্বাংগীন কৃষকৰ বাবে। ইয়াৰ জৰিয়তে ১.৭ কোটি কৃষকৰ লাভ হ’ব। আমি দেশক বিকশিত ভাৰত বনোৱাৰ বাবে ৰাজ্যসমূহৰ সৈতে মিলি কাম কৰা প্ৰয়োজন।

আমাৰ গুৰুত্ব শিক্ষা আৰু স্বাস্থ্যৰ ওপৰতো আছে। বাজেটত ৰপ্তানিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।কাৰণ কৃষি আমাৰ প্ৰথম ইঞ্জিন।