হাতত বাজেট লৈ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ; আজি দাখিল কৰিব নৱম বাজেট

হাতত বাজেট লৈ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত নিৰ্মলা সীতাৰমণ…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি (১ ফেব্ৰুৱাৰী) মোদী চৰকাৰৰ ১৫ সংখ্যক বাজেট দাখিল কৰিব। সাধাৰণ লোকৰ বাবে কি কি আছে এই বাজেটত তাক জানিবলৈ চকু নিবদ্ধ হৈ আছে সকলোৰে ? আজি সংসদত দাখিল কৰা হ’ব বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৱা ১১ বজাত সদনত দাখিল

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি (১ ফেব্ৰুৱাৰী) মোদী চৰকাৰৰ ১৫ সংখ্যক বাজেট দাখিল কৰিব। সাধাৰণ লোকৰ বাবে কি কি আছে এই বাজেটত তাক জানিবলৈ চকু নিবদ্ধ হৈ আছে সকলোৰে ?

আজি সংসদত দাখিল কৰা হ’ব বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৱা ১১ বজাত সদনত দাখিল কৰিব কেন্দ্ৰীয় বাজেট।

যি সময়ত কৰদাতাসকলে এই বাজেটৰ পৰা সকাহ আশা কৰিছে, সেই সময়ত মধ্যবিত্ত আৰু গাঁৱৰ কৃষকৰ চকুও চৰকাৰৰ ওপৰত নিবদ্ধ হৈ আছে।

এই বাজেটত শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বাবে খাজানা খুলিবও পাৰে।বিনিয়োগকাৰীসকলে চাই আছে যে চৰকাৰে বৃদ্ধি আৰু বিত্তীয় ভাৰসাম্যৰ মাজত কেনে ভাৰসাম্য ৰক্ষা কৰে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বৰ্তমান ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি বাজেটৰ প্ৰতিলিপি প্ৰদান কৰিছে।

ইয়াৰ পৰা বিত্তমন্ত্ৰীয়ে পোনপটীয়াকৈ সংসদ ভৱনলৈ গৈ কেবিনেটৰ অনুমোদন ল’ব। আৰু পুৱা ১১ বজাত বিত্তমন্ত্ৰীয়ে সংসদত বাজেট দাখিল কৰিব লাগিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱম বাজেটৰ বাবে এখন সুন্দৰ কাঞ্জিৱৰাম শাৰী পৰিধান কৰি আহিছে।এই শাৰীখন তামিলনাডুৰ, য’ত কেইমাহমানৰ পিছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু য’ত বিজেপিয়ে দীৰ্ঘদিন ধৰি সফলতা লাভৰ চেষ্টা কৰি আহিছে।

একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত এইখন হ’ব দ্বিতীয়খন সম্পূৰ্ণ বাজেট।ইয়াৰ লগে লগে দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হ’ব নিৰ্মলা সীতাৰমণ যিয়ে একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব।

লগতে পঢ়ক: শাস্তি দিয়াটো আদালতৰ অধিকাৰ, আৰক্ষী নহয়ঃ এনকাউন্টাৰক লৈ কঠোৰ উচ্চ ন্যায়ালয়