শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যায়ৰ শিলান্যাস কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস নিৰ্মলা সীতাৰমণৰ

শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যায়ৰ শিলান্যাস কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে । এই সময়ছোৱাত অঞ্চলটোত সংযোগ ব্যৱস্থাও বৃদ্ধি পাইছে, নতুন ৰাজ্যসমূহক ৰে’লৱেৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰা হৈছে আৰু কেইবাটাও গ্ৰীণফিল্ড

শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যায়ৰ শিলান্যাস

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে । এই সময়ছোৱাত অঞ্চলটোত সংযোগ ব্যৱস্থাও বৃদ্ধি পাইছে, নতুন ৰাজ্যসমূহক ৰে’লৱেৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰা হৈছে আৰু কেইবাটাও গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ লগতে কয় ।

শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা সীতাৰমণে বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰাজ্যৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে ।

উল্লেখ্য যে, শনিবাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । মুঠ ৭৩৮ বিঘা ভূমিত ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় । ৭ লাখ বৰ্গফুট এলেকাত নিৰ্মাণ হ’ব এই বিশ্ববিদ্যালয়খন ।

সীতাৰমনে কয়, “২০১৪ চনৰ পৰা কেন্দ্ৰই উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে । ৮৫০ খনতকৈও অধিক নতুন বিদ্যালয় মুকলি কৰা হৈছে । অঞ্চলটোৰ প্ৰথমখন এইমছ কাৰ্যক্ষম হৈ উঠিছে আৰু ২০০ৰো অধিক নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান কাৰ্যকৰী হৈছে । অঞ্চলটোত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ো স্থাপন হ’বলৈ গৈ আছে ।”

কেৱল অসমতে ১৫খন নতুন মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে, আনহাতে ৰাজ্যখনত দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কেন্সাৰ কেয়াৰ চেণ্টাৰ আহি আছে আৰু ৰাজ্যখনত শীঘ্ৰেই উত্তৰ-পূৱৰ দ্বিতীয়খন আই আই এম হ’ব বুলিও তেওঁ লগতে কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিক্ষা খণ্ডক উন্নীত কৰিবলৈ কেন্দ্ৰই অঞ্চলটোৰ ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয়ৰে কাম কৰি আছে ।

পথ, দলং আৰু সুৰংগ উন্নয়নৰ উপৰিও অঞ্চলটোৰ বিমান পৰিবহণ আৰু ৰে’ল খণ্ডতো কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে বুলি সীতাৰমণে জানিবলৈ দিয়ে । বিগত ১১ বছৰত অঞ্চলটোত ১০টা নতুন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে বুলিও কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে । এই সময়ছোৱাত প্ৰথমবাৰৰ বাবে মণিপুৰ আৰু মেঘালয়ক দেশৰ ৰে’লৱে মেপত সংযোজন কৰা হৈছে বুলিও তেওঁ লগতে কয় ।

স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সীতাৰমণে কয় যে, “১৭ বছৰ বয়সত যেতিয়া তেওঁ পঢ়া-শুনা কৰিবলৈ বিশ্ববিদ্যালয়ত ভৰ্তি হ’ব লাগিছিল, তেতিয়া তেওঁ আমাৰ ৰাষ্ট্ৰীয় পতাকা উচ্চ কৰি ৰাখিবলৈ ৰাষ্ট্ৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল । বহু আগতেই তেওঁৰ নামত এখন বিশ্ববিদ্যালয় হ’ব লাগিছিল ।”

সীতাৰমনে কয় যে গহপুৰ থানা সংৰক্ষণ বা তাত স্মৃতিসৌধ নিৰ্মাণ কৰিলেও মানুহ আকৰ্ষণ হ’ব, তেওঁৰ নামত বিশ্ববিদ্যালয়খনে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু এই পদক্ষেপক সঠিক দিশত লোৱা এক পদক্ষেপ হিচাপে প্ৰশংসা কৰে তেওঁ ।

শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিত উৎসৰ্গিত এখন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ কথা বুলি কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ এই বিশ্ববিদ্যালত নামভৰ্তি কৰিবলগীয়া যুৱক-যুৱতীসকলক শ্বহীদ কনকলতা বৰুৱা আৰু অঞ্চলটোৰ অন্যান্য স্বাধীনতা সংগ্ৰামীসকলে মূৰ্ত কৰি ৰখা গভীৰ দেশপ্ৰেমেৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক : ADRE উত্তীৰ্ণ সকলৰ বাবে ভালখবৰ; নৱেম্বৰ মাহতে হ’ব নিযুক্তি

শেহতীয়া প্ৰৱন্ধসমূহ