৩১টা সংকল্পৰে অসমত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি নিৰ্মলা সীতাৰমণৰ

৩১টা সংকল্পৰে অসমত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য । মঙলবাৰে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । এই ইস্তাহাৰ

ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য ।

মঙলবাৰে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । এই ইস্তাহাৰ মুকলি কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে । এই ইস্তাহাৰ অসমৰ এটা দশকৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যিটো কাম কংগ্ৰেছ দলে ৬০ বছৰতো কৰা নাছমিল বুলি উল্লেখ কৰে ।

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, “এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য । মই দেখিছোঁ এনে এখন ৰাজ্য যিখন এনেদৰে ৰূপান্তৰিত হৈছে যি কংগ্ৰেছৰ ছয় দশকৰ শাসনকালত কেতিয়াও সম্ভৱ হোৱা নাছিল ।” এই ইস্তাহাৰ মুকলিৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে উত্তৰ-পূব অঞ্চলৰ দীৰ্ঘম্যাদী উন্নয়নত কংগ্ৰেছ দলৰ কোনো গুৰুত্ব নাছিল । অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে । ৰাজ্যত বিজেপিৰ শাসন কালত সুযোগ যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীসকল পুনৰ ৰাজ্যলৈ ঘূৰি আহিছে । কংগ্ৰেছ দলক লক্ষ্য কৰি তেওঁ কয় যে কংগ্ৰেছৰ নীতিৰ বাবে অসমত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ৩২ বছৰ ধৰি চলি থাকিল ।

“সংকল্প পত্ৰ” সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, “সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ আঁৰৰ পটভূমি হ’ল আমি অসমৰ সকলো প্ৰান্তৰ লোকৰ কাষ চাপিছিলো । আমি ঘৰে ঘৰে গৈ পৰৱৰ্তী কাৰ্যকালত কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ সংগ্ৰহ কৰিছিলো । এই ইস্তাহাৰৰ আধাৰত অৰ্থাৎ অসমৰ ৰাইজৰ পৰামৰ্শৰ আধাৰত আমি তৃতীয় কাৰ্যকালত কাম কৰিম ।” তেওঁ কয় যে তিনি লাখৰো অধিক লোকে নিজৰ পৰামৰ্শ দাখিল কৰে ।

লগতে পঢ়ক : মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী