ডায়েবেটিছকে ধৰি এই ৫টা সমস্যাৰ পৰা সকাহ দিব এইবিধ শুকান পাতে...

ডায়েবেটিছকে ধৰি এই ৫টা সমস্যাৰ পৰা সকাহ দিব এইবিধ শুকান পাতে…দৈনিক এনেদৰে কৰক সেৱন

ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা তেজপাত কেৱল মছলা নহয় । ইয়াক সঠিকভাৱে সেৱন কৰিলে ডায়েবেটিছকে ধৰি বহু ৰোগৰ পৰা সকাহ পোৱা যায় । হজম শক্তি উন্নত কৰে- তেজপাতত উপযুক্ত পৰিমাণৰ আঁহ থাকে, যিয়ে সুস্থ হজম শক্তি বজাই ৰখাত সহায় কৰে । লগতে ইয়াত থকা এনজাইমে খাদ্য ভাঙি

ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা তেজপাত কেৱল মছলা নহয় । ইয়াক সঠিকভাৱে সেৱন কৰিলে ডায়েবেটিছকে ধৰি বহু ৰোগৰ পৰা সকাহ পোৱা যায় ।

হজম শক্তি উন্নত কৰে-

তেজপাতত উপযুক্ত পৰিমাণৰ আঁহ থাকে, যিয়ে সুস্থ হজম শক্তি বজাই ৰখাত সহায় কৰে । লগতে ইয়াত থকা এনজাইমে খাদ্য ভাঙি পেলোৱাত সহায় কৰে, যাৰ ফলত পেটৰ বিষ, গেছ আৰু বদহজমৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায় ।

চুগাৰ নিয়ন্ত্ৰণত সহায়ক-

গৱেষণাৰ পৰা দেখা গৈছে যে তেজপাতত থকা উপাদানবোৰে শৰীৰত তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ।

বিষ কমায়-

তেজপাতত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে গাঁঠিৰ বিষ, বাতবিষ আৰু পেশী ফুলা আদি সমস্যা হ্ৰাস কৰাত সহায় কৰে ।

সংক্ৰমণৰ পৰা ৰক্ষা কৰে-

তেজপাতত এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ পোৱা যায়, যিয়ে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে । বাৰিষাৰ সময়ত সংক্ৰমণৰ সম্ভাৱনা অতি বেছি । এনে পৰিস্থিতিত তেজপাত অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ।

মানসিক চাপ হ্ৰাস কৰাত ফলপ্ৰসূ-

তেজপাতত এনে কিছুমান উপাদান থাকে যিয়ে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ উপৰিও ভাল টোপনি অহাতো ই সহায়ক হ’ব পাৰে ।

তেজপাত কেনেকৈ আৰু কেতিয়া খাব লাগে-

১টা তেজপাত পানীত উতলাই খালে ওপৰত উল্লেখ কৰা উপকাৰিতা লাভ কৰিব পাৰি । নিয়মিতভাৱে আৰু নিয়ন্ত্ৰিত পৰিমাণত খালেলেহে ইতিবাচক প্ৰভাৱ দেখা যায় । তেজপাতৰ পানী খোৱাৰ উত্তম সময় হ’ল ৰাতিপুৱা খালী পেটত ।

(এই খবৰ কেৱল আপোনালোকক সজাগ কৰিবলৈহে লিখা হৈছে । যদি আপুনি যিকোনো ঠাইতে আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে নিশ্চিতভাৱে গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)

শেহতীয়া প্ৰৱন্ধসমূহ