ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট গুৱাহাটীৰ প্ৰথমটো এম বি এ পাঠ্যক্ৰমৰ শৈক্ষিক বৰ্ষ আনুষ্ঠানিকভাৱে উদ্বোধন
অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক সোণালী অধ্যায়ৰ সূচনা কৰি ২১ জুলাইত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ ২২ সংখ্যক ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট‘ (IIM) গুৱাহাটীৰ প্ৰথমটো এম বি এ পাঠ্যক্ৰমৰ শৈক্ষিক বৰ্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।
মুঠ ৫২ জন ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো বেচৰ সৈতে আৰম্ভ হোৱা এই কাৰ্যসূচীত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকে । শিক্ষামন্ত্ৰী পেগুৱে ‘এক্স’ যোগে এই তথ্য প্ৰকাশ কৰি নৱাগত ছাত্ৰ-ছাত্ৰীসকললৈ শুভকামনা জনায় ।
উল্লেখ্য যে, কামৰূপ জিলাৰ মৰাভিটা আৰু দীঘলকুছি গাঁৱৰ বিস্তৃত ৫৭৪ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে এই শিক্ষানুষ্ঠান । ইয়াৰ লক্ষ্য হৈছে ব্যৱস্থাপনা শিক্ষা, উদ্ভাৱন আৰু উদ্যোগী বিকাশৰ এক মুখ্য ‘উৎকৃষ্টতাৰ কেন্দ্ৰ’ হিচাপে গঢ়ি তোলা । প্ৰতিষ্ঠানখনে ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডক শক্তিশালী কৰাৰ উপৰি অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত অৰিহণা যোগাব পৰা ভৱিষ্যতৰ দক্ষ নেতা প্ৰস্তুত কৰিব ।
লগতে পঢ়ক : বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ এক্সন মুডত ৰাজ্য চৰকাৰ









