সময়সীমালৈকে কাম পিছুৱাই থোৱাৰ অভ্যাস আছে নেকি ?  হাত সাৰিবলৈ আজিয়েই আৰম্ভ কৰক এই ৪টা কাম

সময়সীমালৈকে কাম পিছুৱাই থোৱাৰ অভ্যাস আছে নেকি ?

পিছলৈ অথবা সময়সীমালৈ সকলো কাম পিছুৱাই থকাৰ অভ্যাস আপোনাৰো আছে নেকি ? আপুনিও সময়সীমাৰ দিনটোত কাম শেষ কৰিবলৈ চেষ্টা কৰে নেকি ? যদি হয়, তেন্তে আপুনি অকলশৰীয়া নহয় । কাম পিছুৱাই দিয়াৰ এই অভ্যাসটোক Procrastination বোলা হয় । এই অভ্যাসে আপোনাৰ উৎপাদনশীলতাত প্ৰভাৱ পেলোৱাই নহয়, মানসিক চাপ, অপৰাধবোধ আৰু সময়ৰ অপচয়ৰ সৃষ্টি কৰে । কিন্তু  অলপ কষ্ট আৰু ভাল অভ্যাস কৰিলে এই বেয়া অভ্যাসক জয় কৰিব পাৰিব ।

কামক সৰু সৰু অংশত ভাগ কৰক-

কাম যিমানেই ডাঙৰ আৰু কঠিন হয় সিমানেই আমি কাম পিছুৱাই থোৱাৰ মন বাঢ়ি যায় । এনে পৰিস্থিতিত আপোনাৰ কামক সৰু সৰু অংশত ভাগ কৰক । প্ৰতিটো অংশৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক আৰু সেই সময়লৈকে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক । ইয়াৰ পিছত মাত্ৰ কাম আৰম্ভ কৰিব লাগিব । কাম আৰম্ভ হ’লেই নিজাববীয়াকৈ সম্পূৰ্ণ হ’ব ।

ডিজিটেল প্লেটফৰ্মৰ পৰা দূৰত্ব বজাই ৰাখক-

আমাৰ মোবাইলটোও কাম পিছুৱাই থোৱা বা বিলম্বৰ এটা ডাঙৰ কাৰণ । যিকোনো কাম কৰি থাকোঁতে আমাৰ ফোন, ছ’চিয়েল মিডিয়া আৰু নটিফিকেচনৰ বাবে মনোযোগ ব্যাহত হয় । এনে পৰিস্থিতিত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে ফোনটো চাইলেণ্ট মোডত ৰাখক । এইদৰে আপুনি যিকোনো কাম অধিক মনোযোগেৰে কৰিব পাৰিব আৰু যেতিয়া মনোযোগ এটা ঠাইত থাকিব তেতিয়া কামটোও ভালকৈ কৰা হ’ব ।

কৰিবলগীয়া কামৰ তালিকা-

প্ৰতিদিনে কৰিবলগীয়া কামবোৰৰ তালিকা এখন বনাওক । ইয়াৰ পিছত অগ্ৰাধিকাৰ অনুসৰি নিজৰ কামবোৰ ভাগ কৰক । ইয়াৰ দ্বাৰা গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে কৰিবলৈ সহায়ক হ’ব । লগতে এখন ৰুটিন মানি চলিলে সকলো কাম সময়মতে কৰিব পাৰিব । টু-ডু লিষ্ট বনোৱাটো এটা ভাল অভ্যাস, ই কেৱল আপোনাৰ কাম সময়মতে সম্পন্ন কৰাই নহয়, আপোনাৰ উৎপাদনশীলতাও বৃদ্ধি কৰে ।

পাৰফেক্টশ্যনৰ পিছত দৌৰিব নালাগে-

বহু সময়ত মানুহে নিজৰ কামটো নিখুঁত কৰাৰ প্ৰয়াসত পলম কৰি থাকে । কেতিয়াবা তেওঁলোকে কামটো নিখুঁতভাৱে কৰিবলৈ সক্ষম নহয় বুলি ভাবিবলৈও আৰম্ভ কৰে । এনে পৰিস্থিতিত কোনো কামকে নিখুঁত কৰিবলৈ চেষ্টা নকৰিব । মাত্ৰ কাম আৰম্ভ কৰক । কামটো কৰাৰ পিছতহে গম পাব যে আপুনি ইয়াক নিখুঁত কৰিব পাৰে নে নোৱাৰে ?

লগতে পঢ়ক : ৪০ ৰ পিছত মহিলাসকলে অন্তৰ্ভুক্ত কৰিব লাগে এইসমূহ খাদ্য; দীৰ্ঘদিন ধৰি থাকিব ফিট

২১ জুনত কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ?  জানক ইয়াৰ গুৰুত্ব আৰু ২০২৫ চনৰ বিষয়বস্তু

কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ?

বৰ্তমানৰ ব্যস্ত তথা আধুনিক পৃথিৱীত ক্ৰমে বৃদ্ধি পাইছে যোগৰ গুৰুত্ব । আধুনিক জীৱনশৈলীৰে পৰিৱেষ্টিত সদাব্যস্ত পৃথিৱীত শাৰিৰীক লগতে মানসিক স্বাস্থ্যৰ উৎকৰ্ষৰ বাবে প্ৰায় সকলো লোকেই লোকেই যোগক আদৰি লৈছে । যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই মানসিক, আধ্যাত্মিক আৰু আৱেগিক ভাৰসাম্যও ৰক্ষা কৰে । যোগৰ উৎপত্তি ভাৰতত হৈছিল, যিটো আজি সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছে । এই মহান ঐতিহ্যক বিশ্ব পৰ্যায়ত স্বীকৃতি দিয়াৰ লক্ষ্যৰে প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ।

২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণত আন্তৰ্জাতিক যোগ দিৱস পালনৰ প্ৰস্তাৱ দিছিল । তেওঁৰ এই প্ৰস্তাৱে ১৭৭খন দেশৰ সমৰ্থন লাভ কৰে । ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ পিছত ২০১৫ চনৰ ২১ জুনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । কিন্তু ইয়াৰ বাবে ২১ জুন তাৰিখটো কিয় বাছি লোৱা হ’ল ?  

২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ আঁৰৰ এটা কাৰণ হ’ল ২১ জুন বছৰৰ আটাইতকৈ দীঘলীয়া দিন । এই দিনটোত সূৰ্যৰ পোহৰ পৃথিৱীত দীৰ্ঘ সময় ধৰি থাকে । আদিযোগী নামেৰেও পৰিচিত ভগৱান শিৱই এই দিনটোৰ পৰাই নিজৰ শিষ্যসকলক যোগৰ জ্ঞান প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল ।

যোগ দিৱসৰ উদ্দেশ্য-

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ মূল উদ্দেশ্য হৈছে যোগৰ উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰা । বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত বহুতে শাৰীৰিক আৰু মানসিক চাপৰ সৈতে যুঁজি আছে, এনে পৰিস্থিতিত যোগাসন কৰাটো তেওঁলোকৰ বাবে উপকাৰী প্ৰমাণিত হ’ব পাৰে । ইয়াৰ দ্বাৰা বহু ধৰণৰ ৰোগ প্ৰতিৰোধ, শৰীৰ সক্ৰিয় কৰি ৰখা আৰু মানসিক চাপ কমোৱাত সহায়ক হ’ব পাৰে ।

ভাৰতত এই দিৱস বৃহৎ পৰিসৰত পালন কৰা হয়, য’ত প্ৰধানমন্ত্ৰীয়ে নিজেই অংশগ্ৰহণ কৰে । প্ৰতি বছৰে এই দিনটোত বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয়, উদ্যান আৰু সামূহিক স্থানত যোগ শিবিৰ, কৰ্মশালা আৰু কাৰ্যসূচীৰ আয়োজন কৰা হয় । লাখ লাখ মানুহে একেলগে যোগাসন কৰি বিশ্ব অভিলেখো সৃষ্টি কৰে ।

২০২৫ বৰ্ষৰ থিম-

প্ৰতি বছৰে যোগ দিৱস এটা থিম লৈ পালন কৰা হয় । এইবাৰৰ বিষয়বস্তু হৈছে “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ”(Yoga For One Earth, One Health) । ইয়াত সামগ্ৰিক মংগল আৰু পৰিৱেশ সম্প্ৰীতিৰ প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰতিফলিত কৰা হৈছে ।

লগতে পঢ়ক : অব্যাহত আছে অসহনীয় গৰম; গ্ৰীষ্মপ্ৰৱাহৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এইসমূহ পদ্ধতি

প্ৰচণ্ড গৰমত ভিতৰৰ পৰা নিজকে কেনেকৈ ঠাণ্ডা কৰি ৰাখিব ? এই সহজ টিপছবোৰে কৰিব সহায়

প্ৰচণ্ড গৰমত নিজকে কেনেকৈ ঠাণ্ডা কৰি ৰাখিব ?

গৰমৰ প্ৰকোপ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । প্ৰচণ্ড ৰ’দ আৰু গৰম বতাহৰ বাবে মানুহৰ ঘৰৰ বাহিৰলৈ ওলাই যোৱাটো অতি কঠিন হৈ পৰিছে । এনে পৰিস্থিতিত বাহিৰত যিমানেই গৰম নহওক কিয়, আপোনাৰ শৰীৰটো ভিতৰৰ পৰা শীতল হৈ থকাটো গুৰুত্বপূৰ্ণ । শৰীৰটোক ভিতৰৰ পৰা শীতল কৰি ৰখাৰ বাবে কিছু সহজ টিপছ এই প্ৰতিবেদনত আগবঢোৱা হৈছে ।

হাইড্ৰেটেড হৈ থাকক-

গ্ৰীষ্মকালত হাইড্ৰেটেড হৈ থকাটো কোনো ডাঙৰ কথা নহয় । গ্ৰীষ্মকালত শৰীৰৰ পৰা প্ৰায়ে ঘাম ওলায় । শৰীৰত পানীৰ অভাৱৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো জৰুৰী । গ্ৰীষ্মকালত হাইড্ৰেটেড হৈ থাকিবলৈ হ’লে দৈনিক কমেও ৮ গিলাচ পানী বা তাতোকৈ বেছি পানী খাব লাগে ।

মিঠা আৰু কেফেইনযুক্ত পানীয় পৰিহাৰ কৰক-

আইচড টি বা কফি, চোডা বা মিঠা জুছ গৰমত সতেজ যেন লাগিব পাৰে, কিন্তু প্ৰকৃততে ই ডিহাইড্ৰেশ্যন বৃদ্ধি কৰে । মিঠা আৰু কেফেইনযুক্ত পানীয়ই আপোনাৰ শৰীৰক আৰু অধিক পানীহীন কৰি তোলে আৰু শক্তিৰ অভাৱো হ’ব পাৰে । তাৰ পৰিৱৰ্তে নাৰিকল পানী, বনৌষধি চাহ বা সতেজ ফলৰ ৰস আদি প্ৰাকৃতিক পানীয় সেৱন কৰক । এইবোৰে আপোনাক প্ৰচণ্ড গৰমত হাইড্ৰেটেড হৈ থকাত সহায় কৰাই নহয় অতিৰিক্ত পুষ্টিকৰ উপাদানো প্ৰদান কৰে ।

ঠাণ্ডা পানীৰে গা ধুৱক-

ঠাণ্ডা পানীৰে গা ধুলে বিশেষকৈ ৰ’দত দীঘলীয়া দিন কটোৱাৰ পিছত শৰীৰৰ উষ্ণতা হ্ৰাস পাব পাৰে । ই গৰমৰ সৈতে যুঁজি শীতল হৈ থকাৰ এক তৎক্ষণাত আৰু সতেজ উপায় ।

মছলাযুক্ত খাদ্য পৰিহাৰ কৰক-

মছলাযুক্ত খাদ্য সকলোৱে ভাল পায় যদিও গ্ৰীষ্মকালত ই আপোনাৰ পেটৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । শৰীৰৰ ভিতৰত তাপ বৃদ্ধি হ’লে এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে । গতিকে পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ গ্ৰীষ্মকালত তেলীয়া আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰাটোৱেই উত্তম ।

নিজৰ ওপৰত অতিমাত্ৰা চাপ দিয়াৰ পৰা বিৰত থাকক-

প্ৰচণ্ড গৰমত নিজৰ শাৰীৰিক কাৰ্যকলাপত মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ । তীব্ৰ গৰমত ক্লান্তিকৰ ব্যায়াম বা বাহিৰৰ কামত লিপ্ত হ’লে ক্লান্তি বা হিট ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

লঘু পোছাক পিন্ধক-

বাহিৰত প্ৰচণ্ড গৰম হ’লে সঠিক কাপোৰ পিন্ধিলে আৰামদায়ক অনুভৱ হ’ব পাৰে । লঘু, উশাহ ল’ব পৰা কাপোৰ যেনে কপাহ, লিনেন বা আৰ্দ্ৰতা শোষণ কৰা কাপোৰ বাছি লওক যিয়ে আপোনাৰ ছালখনক উশাহ লোৱাত সহায় কৰিব আৰু ঘাম বাষ্পীভৱন কৰিব ।

ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব-

গৰমৰ দিনত ছানস্ক্ৰীন লগোৱাটো গুৰুত্বপূৰ্ণ, ৰ’দৰ সংস্পৰ্শ যিমানেই কম নহওক কিয় । ডাৱৰীয়া দিনতো UV ৰশ্মিয়ে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে । অন্ততঃ SPF 50 থকা ব্ৰড স্পেকট্ৰাম ছানস্ক্ৰীণ বাছি লওক আৰু প্ৰতি দুঘণ্টাৰ মূৰে মূৰে প্ৰয়োগ কৰক ।

লগতে পঢ়ক : গৰমে দহিছে দেশ… বহু ৰাজ্যত জাৰি সতৰ্কবাণী, অসমতো উৰ্ধমুখী পাৰাস্তম্ভ

গৰমত সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ গ্ৰহণ কৰক এই ৫টা অভ্যাস…

গৰমত সুস্থ আৰু শক্তিশালী হৈ থাকক

গ্ৰীষ্মকালত প্ৰখৰ ৰ’দ, আৰ্দ্ৰতা আৰু উচ্চ উষ্ণতাৰ বাবে শৰীৰ ডিহাইড্ৰেট হয় । যাৰ বাবে প্ৰায়ে ভাগৰুৱা অনুভৱ হয় আৰু মন খিংখিঙীয়া হৈ পৰে । গতিকে এই সমস্যাৰ পৰা হাস সাৰিবলৈ গ্ৰীষ্মকালত নিজৰ ৰুটিনত কিছু পৰিৱৰ্তন কৰিব লাগে । এই ঋতুত কিছু স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰি আপুনি নিজকে শক্তিশালী আৰু সুখী কৰি ৰাখিব পাৰে । গতিকে গ্ৰীষ্মকালত নিজকে কেনেকৈ শক্তিশালী কৰি ৰাখিব পাৰি জানো আহক ।

পুৱা সোনকালে উঠক-

দেৰিকৈ উঠাৰ অভ্যাসে আপোনাৰ দিনটোৰ ৰুটিনত ব্যাঘাত জন্মায় । এনে পৰিস্থিতিত গৰমৰ দিনত পুৱা সোনকালে উঠাটো অভ্যাস কৰি লওক । পুৱা যিমানেই সোনকালে উঠিব, দিনটো সিমান সোনকালে আৰম্ভ হ’ব । ইয়াৰ ফলত সমগ্ৰ দিনটো আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব । ইয়াৰ লগতে ৰাতি সোনকালে শুৱাৰ অভ্যাস কৰি লওক যাতে আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি যাব পাৰে আৰু পুৱা সোনকালে উঠিব পাৰে ।

নিজকে হাইড্ৰেটেড কৰি ৰাখক-

গ্ৰীষ্মকালত শৰীৰত পানী কমি যোৱাৰ বাবে অধিক ভাগৰুৱা অনুভৱ হয় । গতিকে গৰমৰ দিনত পৰ্যাপ্ত পানী খাব লাগে । ইয়াৰ বাবে লেমনেড, নাৰিকল পানী, চাট্টু আৰু বেলৰ চৰ্বতৰ দৰে বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে । এই অভ্যাসৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব ।

ৱৰ্কআউট কৰক-

যদি আপোনাৰ ৱৰ্কআউট কৰাৰ অভ্যাস আছে তেন্তে ৰাতিপুৱা কৰিব পাৰে । পুৱা ৱৰ্কআউট কৰিলে আপুনি গোটেই দিনটো শক্তিশালী হৈ থাকিব আৰু আপোনাৰ মনো ভালে থাকিব । ইচ্ছা কৰিলে মৰ্নিং ৱাকো কৰিব পাৰে, ইয়াৰ দ্বাৰা আপুনি বিশুদ্ধ বতাহ লাভ কৰিব ।

প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্ট কৰক-

প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্টে আপোনাক ওজন বৃদ্ধি নকৰাকৈয়ে গোটেই দিনটো শক্তিশালী কৰি ৰাখে । ইয়াৰ বাবে আপুনি পুৱাৰ ব্ৰেকফাষ্টত সতেজ ফল, স্মুদি, অটছ, শুকান ফল আৰু কণী খাব পাৰে । সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ আপুনি এই অভ্যাস গ্ৰহণ কৰিব পাৰে ।

নিজৰ লগত কিছু সময় কটাওক-

পুৱা নিজৰ লগত কিছু সময় কটাওক । এই সময়ছোৱাত আপুনি উশাহ-নিশাহৰ ব্যায়াম বা ধ্যান কৰিব পাৰে । যদি আপুনি বিচাৰে, তেন্তে যিবোৰ কথাৰ বাবে আপুনি ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে, সেইবোৰ কথা লিখিব পাৰে ।

লগতে পঢ়ক : ৰাতিপুৱা গৰম পানীত দি খাওক নেমুৰ ৰস; দৈনিক সেৱন কৰিলে হ’ব উপকাৰ

কিয় পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস… জানক ইয়াৰ গুৰুত্ব আৰু ইতিহাস

বিশ্ব ধঁপাত বিৰোধী দিৱস

প্ৰতি বছৰে ৩১ মে’ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত এই বিশ্বব্যাপী পদক্ষেপৰ লক্ষ্য হৈছে ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা । ইয়াৰ উপৰিও ই বিশ্বজুৰি ধঁপাত সেৱন হ্ৰাস কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণৰ প্ৰসাৰ ঘটায় । এই দিৱসে ব্যক্তি, সম্প্ৰদায় আৰু চৰকাৰক ধঁপাতমুক্ত পৃথিৱীৰ দিশত পদক্ষেপ ল’বলৈ উৎসাহিত কৰে ।

বিস্ভ ধঁপাত বিৰোধী দিৱসস ২০২৫ৰ বিষয়বস্তু-

বিশ্ব ধঁপাত বিৰোধী দিৱস ২০২৫ৰ বিষয়বস্তু হৈছে ‘উজ্জ্বল সামগ্ৰী, অন্ধকাৰ উদ্দেশ্য, আবেদন উন্মোচন কৰা’, যিয়ে আকৰ্ষণীয় সোৱাদ আৰু পেকেজিঙত অহা ধঁপাতজাতীয় সামগ্ৰীৰ লুকাই থকা বিপদসমূহ উন্মোচন কৰাত গুৰুত্ব আৰোপ কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটত কোৱা হৈছে যে ব্যৱসায়ে লাভৰ বাবে শিশুক হেঁচা মাৰি ধৰে । “প্ৰতিদিনে ধঁপাত আৰু নিকোটিন উদ্যোগে নতুন প্ৰজন্মৰ ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিবলৈ আৰু বৰ্তমানৰ ব্যৱহাৰকাৰীসকলক ধৰি ৰাখিবলৈ নতুন কৌশল গ্ৰহণ কৰে ।”

বিশ্ব ধঁপাত বিৰোধী দিৱসৰ গুৰুত্ব-

ধঁপাত সেৱন বিশ্বজুৰি প্ৰতিৰোধযোগ্য মৃত্যুৰ অন্যতম প্ৰধান কাৰণ । সজাগতা বৃদ্ধিয়ে ব্যক্তিক ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰিণতি বুজিবলৈ সহায় কৰে ।

ইয়াৰ উপৰিও ই স্বাস্থ্য সংস্থাসমূহৰ বাবে এক মঞ্চ প্ৰদান কৰে আৰু ধঁপাত নিয়ন্ত্ৰণ নীতিৰ বাবে আগবঢ়াৰ পোষকতা কৰে । লগতে ধূমপান বন্ধ কৰিব বিচৰা লোকসকলক সম্পদ আৰু সহায় আগবঢ়োৱাও বিশ্ব ধঁপাত বিৰোধী দিৱসৰ লক্ষ্য ।

ধঁপাতৰ ক্ষতিকাৰক প্ৰভাৱ-

কৰ্কট ৰোগ-

ধঁপাত সেৱন বহু ধৰণৰ কেন্সাৰ বিশেষকৈ হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্যতম প্ৰধান কাৰণ । ইয়াৰ উপৰিও ধঁপাতৰ জৰিয়তে মুখ, ডিঙি, খাদ্যনলী, মূত্ৰাশয় আৰু অগ্নাশয়ৰ কৰ্কট ৰোগ হ’ব পাৰে ।

শ্বাস-প্ৰশ্বাসজনিত সমস্যা-

ধঁপাত সেৱনৰ ফলত ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), এম্ফিচিমা আৰু ক্ৰনিক ব্ৰংকাইটিছ হ’ব পাৰে ।

হৃদৰোগ-

ধূমপান হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । ই ৰক্তবাহী নলী আৰু হৃদযন্ত্ৰৰ কাৰ্য্যক্ষমতাৰ ক্ষতি কৰে ।

চেকেণ্ডহেণ্ড স্মোক-

ধূমপান নকৰা লোকসকলেও হৃদৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগ, শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণকে ধৰি কেইবাটাও স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয় ।

গৰ্ভাৱস্থা-

গৰ্ভাৱস্থাত ধঁপাত সেৱন কৰিলে গৰ্ভপাত, অকাল প্ৰসৱ, জন্মৰ সময়ত কম ওজন, শিশুৰ বিকাশৰ সমস্যা আদিৰ সম্ভাৱনা বৃদ্ধি পায় । গৰ্ভাৱস্থাত চেকেণ্ডহেণ্ড স্মোকৰ সংস্পৰ্শলৈ আহিলেও কেইবাটাও জটিলতাৰ সম্ভাৱনা বৃদ্ধি পায় ।

উল্লেখ্য যে, ধঁপাত মহামাৰী আৰু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা প্ৰতিৰোধযোগ্য মৃত্যু আৰু ৰোগৰ প্ৰতি বিশ্বব্যাপী দৃষ্টি আকৰ্ষণ কৰিবলৈ ১৯৮৭ চনত বিশ্ব ধঁপাত বিৰোধী দিৱস স্থাপন কৰা হৈছিল ।

লগতে পঢ়ক : ৰাজহুৱা স্থানত চিগাৰেট খোৱাটো হ’ব ব্যয়বহুল; ধূমপান কৰাক লৈ জাৰি নিষেধাজ্ঞা

অতিমাত্ৰা চিন্তাত পৰিশ্ৰান্ত নেকি আপুনি ? জানক অত্যধিক চিন্তাই শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলাই…

বৰ্তমানৰ ব্যস্ত জীৱনত প্ৰতিজন ব্যক্তিয়ে কিবা নহয় কিবা এটা মানসিক সমস্যাৰ সৈতে যুঁজি আছে । কিছু লোক হতাশাত ভুগিছে, আন একাংশই উদ্বেগ বা অতিমাত্ৰা চিন্তাত ভুগিছে । কেৰিয়াৰৰ পৰা পৰিয়াল, সংগী, ভৱিষ্যতলৈকে প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনত কিবা নহয় কিবা এটা মানসিক চাপৰ সন্মুখীন হয় । ইয়াৰ বাবে আমি জানি বা অজানিতে যিকোনো এটা বিষয়ত অত্যধিক চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ । বেছি চিন্তা কৰিলে ভাগৰুৱা, টোপনিৰ সমস্যা, হজম শক্তি সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে । দীৰ্ঘম্যাদীভাৱে ই গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

টোপনিৰ সমস্যা-

বেছি চিন্তা কৰা লোকসকলৰ টোপনিৰ লগত জড়িত সমস্যা হ’বলৈ আৰম্ভ কৰে । প্ৰায়ে ৰাতি ভালদৰে শুব নোৱাৰে । চিন্তাৰ বাবে তেওঁলোকৰ মনটো অহৰহ সক্ৰিয় হৈ থাকে আৰু তেওঁলোকে ভাবি থাকে “এইটো কিয়, কেনেকৈ হ’ল ?” ইয়াৰ বাবে শৰীৰ আৰু মনটোৱে জিৰণি নাপায়, টোপনিৰ মান অৱনতি ঘটে আৰু অনিদ্ৰাৰ সমস্যাৰ সৃষ্টি হয় । ইয়াৰ বাবে ব্যক্তিজন ভাগৰুৱা, খিংখিঙীয়া, অলস্য আৰু একাগ্ৰতাৰ অভাৱ অনুভৱ কৰে । ইয়াৰ পৰা হাত সাৰিবলৈ শুবলৈ যোৱাৰ পূৰ্বে স্ক্ৰীণৰ সময় কমাব লাগে । ধ্যান আৰু গভীৰ উশাহ-নিশাহৰ ব্যায়ামো কৰিব পাৰে ।

মানসিক চাপৰ হৰম’ন বৃদ্ধি-

যেতিয়া নেতিবাচক চিন্তাবোৰ মনৰ মাজেৰে অবিৰতভাৱে চলি থাকে তেতিয়া শৰীৰত কৰ্টিছল নামৰ এটা মানসিক চাপৰ হৰম’ন বৃদ্ধি পাবলৈ আৰম্ভ কৰে । এই কৰ্টিছলে শৰীৰক সতৰ্ক অৱস্থাত ৰাখে, যাৰ ফলত দীৰ্ঘকালীনভাৱে শৰীৰৰ ক্ষতি হ’ব পাৰে । ইয়াৰ বাবে উচ্চ ৰক্তচাপ, হৃদৰোগৰ আশংকা, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, ওজন বৃদ্ধি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ মুকলি আকাশৰ তলত খোজ কাঢ়িব, যোগাসন আৰু ধ্যান কৰিব, কুহুমীয়া পানী বা বনৌষধি চাহ খাব পাৰে ।

পাচনতন্ত্ৰৰ ওপৰত প্ৰভাৱ-

বেছি চিন্তা কৰিলে হজম শক্তিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে । আচলতে যেতিয়া আপুনি অবিৰতভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰে তেতিয়া শৰীৰৰ ‘ফাইট আৰু ফ্লাইট’ প্ৰতিক্ৰিয়া সক্ৰিয় হৈ পৰে । এনে অৱস্থাত শৰীৰে হজম শক্তিৰ দৰে গুৰুত্বপূৰ্ণ কামবোৰ লেহেমীয়া কৰে । গতিকে বেছি চিন্তা কৰিলে এচিডিটি, গেছ, বদহজম বা কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে । এনে অৱস্থাত পেটত গধুৰতা, ভোক কমি যোৱা, বমি হোৱা আদি অনুভৱ কৰিব পাৰে । গতিকে এজন ব্যক্তিয়ে লঘু আৰু ভাৰসাম্যপূৰ্ণ খাদ্য গ্ৰহণ কৰিব লাগে, ফোন আৰু টিভিৰ পৰা আঁতৰি থাকিব লাগে, লগতে খাদ্য খোৱাৰ সময়ত মনটোক শান্ত কৰি ৰাখিবলৈও চেষ্টা কৰিব লাগে ।

মানসিক চাপ আৰু ভাগৰুৱা-

অত্যধিক চিন্তা কৰিলে মনটোৱেই নহয় শৰীৰটোৱেও ভাগৰুৱা অনুভৱ কৰে । অনবৰতে চিন্তা কৰিলে শৰীৰত মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি হয়, যাৰ ফলত ডিঙি, কান্ধ, পিঠি আৰু গাঁঠিৰ পেশীবোৰ টান আৰু বিষ হয় । এনে পৰিস্থিতিত নিয়মীয়াকৈ ষ্ট্ৰেইটনিং কৰক, গৰম পানীৰে গা ধুৱক, মালিচ বা এৰোমা থেৰাপী লওক ।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে নকৰিব এই ৪ টা কাম… অন্যথা নষ্ট হ’ব পাৰে গোটেই দিনটো

আমি সকলোৱে বিচাৰো যে আমাৰ দিনটো ভালকৈ আৰম্ভ হওক আৰু আমাৰ গোটেই দিনটো ভালদৰেই পাৰ হওক । আমি আমাৰ দিনটো কেনেকৈ আৰম্ভ কৰো তাৰ ওপৰত আমাৰ সমগ্ৰ দিনটো প্ৰভাৱিত হয় । গোটেই দিনটো শক্তি, ইতিবাচকতা আৰু উৎপাদনশীলতা বজাই ৰাখিবলৈ আমি আমাৰ দিনটো ভালদৰে আৰম্ভ কৰিব লাগে । গতিকে আমি ৰাতিপুৱা শুই উঠাৰ লগে লগে ভাল অভ্যাস গ্ৰহণ কৰি বেয়া অভ্যাস ত্যাগ কৰা উচিত । ৰাতিপুৱাৰ বেয়া অভ্যাসে গোটেই দিনটো ভাগৰুৱা, খিংখিঙীয়া বা বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে । এই খবৰটোত আমি আপোনালোকক জনাম যে কোনবোৰ অভ্যাস আপুনি ৰাতিপুৱা পৰিহাৰ কৰিব লাগে ।

বাৰে বাৰে এলাৰ্ম বন্ধ কৰা-

বহুতৰে ৰাতিপুৱা বাৰে বাৰে এলাৰ্ম বন্ধ কৰি শুই যোৱাৰ অভ্যাস আছে । মাত্ৰ আৰু ৫ মিনিট শুব বিচৰাৰ বাবেই তেওঁলোকে অগণন বাৰ এলাৰ্ম বন্ধ কৰি টোপনি যায় । কিন্তু এই অভ্যাসে আপোনাৰ টোপনিৰ মানদণ্ড নষ্ট কৰে । এলাৰ্মৰ শব্দই আপোনাৰ শৰীৰ আৰু মনৰ ওপৰত ইমানেই প্ৰভাৱ পেলায় যে পুনৰ এলাৰ্ম বাজিলে শৰীৰ আৰু মন স্তম্ভিত হৈ পৰে । ইয়াৰ ফলত আপুনি অধিক ভাগৰুৱা অনুভৱ কৰে । গতিকে এবাৰ এলাৰ্ম বন্ধ কৰি লগে লগে শুই উঠাৰ অভ্যাস কৰি লওক । ইয়াৰ ফলত দিনটোৰ আৰম্ভণি ভাল হয় ।

মোবাইল ফোন চেক কৰি থকা-

আজিকালি মানুহৰ ফোন চেক কৰাৰ অভ্যাস ইমানেই হৈছে যে গভীৰ নিশালৈকে মোবাইল চেক কৰি থাকে আৰু ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে মোবাইল চোৱাৰ কামহে কৰে । এই অভ্যাসে ৰাতিপুৱা একেলগে আপোনাৰ মনলৈ বহুতো চিন্তা দিয়ে, যাৰ ফলত মানসিক চাপ বৃদ্ধি পায় আৰু মনোযোগ বিচলিত হয় । গতিকে পুৱা কমেও ৩০ মিনিট মোবাইলৰ পৰা আঁতৰি থাকিব । এই সময়ত ধ্যান, প্ৰাণায়াম বা লঘু ব্যায়াম কৰক ।

পানী নোখোৱাকৈ দিনটো আৰম্ভ কৰা-

আমাৰ শৰীৰটো শুই থকাৰ সময়ত কেইবা ঘণ্টা ধৰি পানীহীন হৈ থাকে । সেয়েহে শুই উঠাৰ পিছত পানী নাখালে শৰীৰত শক্তিৰ অভাৱ অনুভৱ হয় আৰু বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় । গতিকে শুই উঠাৰ লগে লগে এগিলাচ বা দুগিলাচ কুহুমীয়া পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । ইয়াৰ ফলত শৰীৰৰ বিষমুক্ত হয় আৰু লগতে পাচনতন্ত্ৰও উন্নত হয় ।

লগে লগে কামত লগা-

কিছুমান মানুহে বিচনাৰ পৰা উঠাৰ লগে লগে খৰখেদাকৈ কাম আৰম্ভ কৰে । এনে কৰিলে মনলৈ শান্তি নাহে । ইয়াৰ বাবে গোটেই দিনটো মানসিক চাপত থাকিব পাৰে আৰু কাম কৰিবলৈও মন নাযাব । গতিকে দিনটোৰ আৰম্ভণি এটা ইতিবাচক ৰুটিনেৰে কৰক । ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যোগাসন কৰা, কিতাপ পঢ়া, গান শুনা বা মুকলি আকাশৰ তলত অলপ খোজ কাঢ়াৰ অভ্যাস গঢ়ি তোলক । ইয়াৰ ফলত মনটো সতেজ হৈ থাকে ।

বয়োজ্যোষ্ঠসকলে কিয় পুৱা সোনকালে শুই উঠাৰ পৰামৰ্শ দিয়ে ?  এই অভ্যাসে আনে আচৰিত পৰিৱৰ্তন

ৰাতিপুৱা সাৰ পোৱা, অৰ্থাত সূৰ্য উদয়ৰ পূৰ্বে ব্ৰহ্ম মুহুৰ্তত (প্ৰায় ৪ৰ পৰা ৫:৩০ বজাত) উঠিব লাগে । এই সময়খিনি অতি শুভ বুলি গণ্য কৰা হয় আৰু এই সময়ত শোৱাৰ পৰা উঠিলে বহু উপকাৰ লাভ কৰা যায় । এই অভ্যাসে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰাৰ উপৰিও ই আপোনাৰ দিনটো ইতিবাচক শক্তিৰে আৰম্ভ কৰে । সৰুৰে পৰা বয়োজ্যেষ্ঠসকলে ৰাতিপুৱা সোনকালে শোৱাৰ পৰা উঠিবলৈ কয়, কিন্তু আমি তেওঁলোকৰ কথা নুশুনা । কিন্তু আপুনি জানেনে যে যদি আপুনি ৩০ দিন ধৰি ৰাতিপুৱা সোনকালে সাৰ পায় তেন্তে আপোনাৰ শৰীৰত আচৰিত ধৰণৰ পৰিৱৰ্তন হ’ব পাৰে ।

শাৰীৰিক স্বাস্থ্য-

ৰাতিপুৱা সোনকালে শুই উঠিলে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ উন্নতি হয় । পুৱা সোনকালে সাৰ পালে আপোনাৰ দিনটো ইতিবাচক শক্তিৰে আৰম্ভ হয়, ইয়াৰ ফলত আপুনি গোটেই দিনটো শক্তিশালী অনুভৱ কৰে । সূৰ্য উদয়ৰ লগে লগে সাৰ পালে পাচনতন্ত্ৰ উন্নত হয় । ৰাতিপুৱা বাহিৰলৈ ওলাই গ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । প্ৰতিদিনে ৰাতিপুৱা সোনকালে সাৰ পালে ছাল আৰু চুলিৰ স্বাস্থ্যও উন্নত হয় ।

মানসিক স্বাস্থ্য-

ৰাতিপুৱা সোনকালে শুই উঠিলে আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰিব পাৰে । পুৱা শান্তিৰে ধ্যান আৰু যোগাসন কৰিলে মন শান্ত হয় । ৰাতিপুৱাৰ শান্ত পৰিৱেশে সৃষ্টিশীলতা বৃদ্ধি কৰে । দিনটো ভালদৰে আৰম্ভ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পায় । ইয়াৰ উপৰিও ৰাতিপুৱা সোনকালে সাৰ পালে মানসিক চাপ আৰু উদ্বেগো কমি যায় ।

(এই খবৰ কেৱল আপোনালোকক সজাগ কৰিবলৈহে লিখা হৈছে । যদি আপুনি যিকোনো ঠাইতে আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে নিশ্চিতভাৱে গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক ।)

ৰাতিপুৱা সোনকালে শুই উঠাৰো আছে অনেক উপকাৰিতা…

আজিকালি মানুহে ৰাতি দেৰিকৈ শোৱে আৰু তাৰ পিছত ৰাতিপুৱা দেৰিকৈ সাৰ পায় । বৰ্তমান প্ৰায় মানুহৰেই এই অভ্যাস গঢ়ি উঠিছে । যিটো কোনো স্বাস্থ্যকৰ অভ্যাস নহয় । কেইবাটাও গৱেষণাত দেৰিকৈ শুই উঠাৰ লগত স্বাস্থ্যজনিত সমস্যাৰ সম্পৰ্ক প্ৰমাণিত হৈছে । কাৰণ দেৰিলৈকে সাৰে থকা লোকসকল যদি সোনকালে সাৰ পাবলৈ বাধ্য হয়, তেন্তে তেওঁলোকৰ টোপনি আধৰুৱা হৈ থাকে ।

এই অভ্যাসৰ বাবে বহু সময়ত চকুৰ তলত ক’লা পৰা, পেট ফুলা, খিংখিঙীয়া আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । সেয়েহে আপোনাৰ টোপনিৰ চক্ৰ সঠিক কৰি ৰখাটো অতি প্ৰয়োজনীয় । এনে পৰিস্থিতিত আজি আমি আপোনালোকক বিতংভাৱে ক’ম সোনকালে শোৱা আৰু সাৰ পোৱাৰ উপকাৰিতাৰ বিষয়ে, যাতে আপুনি ৰাতি উজাগৰে থকাৰ অভ্যাস এৰিব পাৰে…

ৰাতিপুৱা সোনকালে শুই উঠাৰ উপকাৰিতা-

পুৱা সোনকালে শুই উঠিলে পেটৰ লগত জড়িত সমস্যা নহয় । কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ পোৱা যায় আৰু পুৱা পেট ভালদৰে পৰিষ্কাৰ হয় ।

পুৱা সোনকালে শুই উঠিলে শুদ্ধ বতাহ পোৱা যায় । ইয়াৰ ফলত আপোনাৰ মেজাজ উন্নত হয় আৰু লগতে আপোনাৰ স্মৃতিশক্তিও বৃদ্ধি পায় । ইয়াৰ উপৰিও ৰাতিপুৱা সোনকালে সাৰ পালে শুদ্ধ বতাহত ব্যায়াম কৰিবলৈ সময় পোৱা যায় । ইয়াৰ ফলত শৰীৰৰ ষ্ট্ৰেচিং উন্নত হয় ।

ৰাতিপুৱা আৰম্ভণি সুস্থভাৱে আৰম্ভ কৰিলে ৰোগ দূৰ হয় । ৰাতিপুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ যথেষ্ট সময় পোৱা যায় । ই আপোনাৰ দিনটো অধিক উৎপাদনশীল কৰি তোলাত সহায় কৰে । পুৱা সোনকালে সাৰ পালে শক্তি আৰু উৎসাহ বৃদ্ধি পায় । ই আপোনাক গোটেই দিনটো কাম কৰিবলৈ সাজু কৰি তোলে ।

ৰাতি কিমান বজাত শুব লাগে-

সুস্থ হৈ থাকিবলৈ ৭ৰ পৰা ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন । গতিকে ৰাতিপুৱা সোনকালে সাৰ পাবলৈ নিশা ১০ বজাত শুব লাগে । এই ৰুটিনৰ দ্বাৰা আপোনাৰ শৰীৰটো গোটেই দিনটো সুস্থ আৰু সতেজ হৈ থাকিব । ইয়াৰ ফলত আপোনাৰ শৰীৰৰ শক্তিৰ মাত্ৰাও ভাল হৈ থাকিব ।