চৰকাৰী চিকিৎসালয়ৰ বিছনা চাদৰত লিখা থাকিব সপ্তাহৰ নাম; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

চৰকাৰী চিকিৎসালয়ৰ বিচনাৰ চাদৰ কেইবাদিনো একেখনেই থকা দেখিবলৈ পোৱা যায়। ৰোগীসকলক লেতেৰা বিছনা চাদৰতেই শুবলৈ বাধ্য কৰা হয়। কিন্তু এতিয়াৰে পৰা সলনি হ’ব নিয়ম। এতিয়া প্ৰতিদিনে নতুন বিছনা চাদৰ পাৰিব লাগিব । ইয়াৰ বাবে, চিকিৎসালয়বোৰক দৈনন্দিন ভিত্তিত বিছনাচাদৰ দিয়া হ’ব।এতিয়াৰে পৰা প্ৰত্যেক দিনাই সলনি হ’ব

চৰকাৰী চিকিৎসালয়ৰ বিচনাৰ চাদৰ কেইবাদিনো একেখনেই থকা দেখিবলৈ পোৱা যায়। ৰোগীসকলক লেতেৰা বিছনা চাদৰতেই শুবলৈ বাধ্য কৰা হয়। কিন্তু এতিয়াৰে পৰা সলনি হ’ব নিয়ম।

এতিয়া প্ৰতিদিনে নতুন বিছনা চাদৰ পাৰিব লাগিব । ইয়াৰ বাবে, চিকিৎসালয়বোৰক দৈনন্দিন ভিত্তিত বিছনাচাদৰ দিয়া হ’ব।এতিয়াৰে পৰা প্ৰত্যেক দিনাই সলনি হ’ব চৰকাৰী চিকিৎসালয়ৰ বিছনা চাদৰ।

GMCH আৰু  NMCH ত কৰা হৈছে এই ব্যৱস্থা। জানিব পৰা মতে চিকিৎসালয়ৰ বিছনা চাদৰসমূহত লিখা থাকিব সাত বাৰৰ নাম। প্ৰতিটো দিন অনুসৰি চিকিৎসালয় সমূহৰ বিছনাত থাকিব লাগিব বিছনাচাদৰ।

সোমবাৰৰ পৰা শনিবাৰলৈ নামৰ লগতে বেলেগ বেলেগ ৰঙৰ হ’ব এই বিছনা চাদৰসমূহ।দিনটো অনুসৰি বিচনা চাদৰ পাৰিব লাগিব, সোমবাৰ লিখা বিছনা চাদৰখন সোমবাৰৰ দিনটোত হে পাৰি থ’ব পাৰিব। সামাজিক মাধ্যম যোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শেহতীয়া প্ৰৱন্ধসমূহ