পৰিৱেশ ২০২৫ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

‘পৰিৱেশৰ প্ৰতি সংবেদনশীল জীৱনশৈলী গ্ৰহণ কৰা উচিত, এয়া আমাৰ নৈতিক দায়িত্ব’… ৰাষ্ট্ৰপতিৰ আবেদন

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাইজক পৰিৱেশ সচেতন আৰু সংবেদনশীল জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা কেৱল পৰিৱেশ সুৰক্ষাই নহয়, ইয়াক অধিক সজীৱ কৰি তোলাত সহায় কৰিব । শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত পৰিৱেশ ২০২৫ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি এই মন্তব্য

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাইজক পৰিৱেশ সচেতন আৰু সংবেদনশীল জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা কেৱল পৰিৱেশ সুৰক্ষাই নহয়, ইয়াক অধিক সজীৱ কৰি তোলাত সহায় কৰিব । শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত পৰিৱেশ ২০২৫ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি এই মন্তব্য কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বচ্ছ পৰিৱেশৰ উত্তৰাধিকাৰ ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই দিয়াটো আমাৰ নৈতিক কৰ্তব্য ।

ভাৰতীয় ঐতিহ্যৰ আধাৰক পোষণ-

পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাৰতৰ উন্নয়নৰ ঐতিহ্যৰ ভিত্তি হৈছে ‘লালন-পালন, শোষণ নহয়; সংৰক্ষণ, নিৰ্মূল নহয়’ । এই উত্তৰাধিকাৰক মনত ৰাখি আমি এখন উন্নত ভাৰতৰ দিশত আগবাঢ়িব বিচাৰো । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জনজাতীয় সমাজৰ অন্তৰ্গত লোকসকলে যুগ যুগ ধৰি প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে জীৱন নিৰ্বাহ কৰি আহিছে আৰু জীৱনৰ প্ৰতিটো দিশতে চাৰিওফালৰ পৰিৱেশ, উদ্ভিদ আৰু জীৱ-জন্তুৰ যত্ন লৈ আহিছে ।

‘জনজাতীয় জীৱনশৈলীৰ পৰা প্ৰেৰণা লোৱাৰ প্ৰয়োজন’

তেওঁ কয়, ‘আমি তেওঁলোকৰ জীৱনশৈলীৰ পৰা প্ৰেৰণা লোৱা উচিত । আজি যেতিয়া সমগ্ৰ বিশ্বই গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ চেষ্টা চলাইছে তেতিয়া জনজাতীয় সমাজৰ জীৱনশৈলী আৰু অধিক আদৰ্শগত হৈ পৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাইজক পৰিৱেশ সচেতন আৰু সংবেদনশীল জীৱনশৈলী গ্ৰহণ কৰিবলৈ কয় যাতে পৰিৱেশ কেৱল সংৰক্ষণেই নহয়, বৰ্ধিত আৰু অধিক বসবাসযোগ্য হৈ উঠে । তেওঁ কয় যে ভাৰত আৰু সমগ্ৰ বিশ্বই পৰিৱেশ অনুকূল পথ অনুসৰণ কৰিব লাগিব তেতিয়াহে মানৱ জাতিয়ে প্ৰকৃত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ব ।

শেহতীয়া প্ৰৱন্ধসমূহ