৩৫টা সংশোধনীৰে লোকসভাত গৃহীত বিত্ত বিধেয়ক ২০২৫...

৩৫টা সংশোধনীৰে লোকসভাত গৃহীত বিত্ত বিধেয়ক ২০২৫…

আজি (মঙলবাৰ) লোকসভাত চৰকাৰৰ ৩৫টা সংশোধনী সন্নিবিষ্ট কৰা বিত্ত বিধেয়ক ২০২৫ গৃহীত হয় । ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে অনলাইন বিজ্ঞাপনৰ ওপৰত ৬ শতাংশ ডিজিটেল কৰ এতিয়া বাতিল কৰা হৈছে । ইয়াৰ লগে লগে লোকসভাই বাজেট প্ৰক্ৰিয়াৰ নিজৰ অংশ সম্পূৰ্ণ কৰিলে । এতিয়া এই

আজি (মঙলবাৰ) লোকসভাত চৰকাৰৰ ৩৫টা সংশোধনী সন্নিবিষ্ট কৰা বিত্ত বিধেয়ক ২০২৫ গৃহীত হয় । ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে অনলাইন বিজ্ঞাপনৰ ওপৰত ৬ শতাংশ ডিজিটেল কৰ এতিয়া বাতিল কৰা হৈছে । ইয়াৰ লগে লগে লোকসভাই বাজেট প্ৰক্ৰিয়াৰ নিজৰ অংশ সম্পূৰ্ণ কৰিলে । এতিয়া এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হ’ব, য’ত অনুমোদন পোৱাৰ পিছত ২০২৫-২৬ চনৰ বাজেট সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব ।

২০২৫-২৬ চনৰ বাজেটত কি আছে ?

মুঠ ব্যয়ঃ ৫০.৬৫ লাখ কোটি টকা, যিটো যোৱা বছৰৰ তুলনাত ৭.৪ শতাংশ বেছি

মূলধনী ব্যয়ঃ ১১.২২ লাখ কোটি টকা

কৰ সংগ্ৰহৰ লক্ষ্য: ৪২.৭০ লাখ কোটি টকা

ঋণৰ পৰিকল্পনা: ১৪.০১ লাখ কোটি টকা

টকা ক’লৈ যাব ?

কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবে : ৫.৪১ লাখ কোটি টকা । যোৱা বছৰ ৪.১৫ লাখ কোটি টকা আছিল ।

কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ বাবেঃ ১৬.২৯ লাখ কোটি টকা ।

ৰাজ্যলৈ স্থানান্তৰঃ ২৫.০১ লাখ কোটি টকা । এইটো যোৱা বছৰৰ তুলনাত ৪.৯১ লাখ কোটি টকা বেছি ।

কিয় খৰছ বাঢ়িল ?

-বজাৰ ঋণৰ সুত পৰিশোধ বৃদ্ধি পালে

-সামৰিক বাহিনীৰ বাবে অধিক ধন

-নিয়োগ আঁচনিৰ বাবে অধিক ব্যৱস্থা

বিত্তীয় ঘাটি আৰু জিডিপিৰ অনুমান

২০২৫-২৬ চনৰ বিত্তীয় ঘাটি : ৪.৪ শতাংশ (এইবাৰ ৪.৮ শতাংশ)

জি ডি পি অনুমান: ৩,৫৬,৯৭,৯২৩ কোটি টকা (যোৱা বছৰৰ তুলনাত ১০.১ শতাংশ বৃদ্ধি)

সাধাৰণ মানুহৰ বাবে কি বিশেষ-

অনলাইন বিজ্ঞাপনৰ ওপৰত কৰ আঁতৰোৱাৰ ফলত ডিজিটেল মাৰ্কেটিং সস্তা হ’ব ।

ৰাজ্যসমূহে অধিক ধন লাভ কৰিব, যাৰ ফলত উন্নয়নৰ কাম ত্বৰান্বিত হ’ব ।

নিয়োগ আঁচনিৰ ওপৰত গুৰুত্ব দিলে নতুন চাকৰিৰ সুযোগ বৃদ্ধি পাব পাৰে ।

এতিয়া ৰাজ্যসভাই কেতিয়া এই বিধেয়কখন গৃহীত কৰে আৰু নতুন বাজেট কেনেদৰে কাৰ্যকৰী হয় সেয়া লক্ষণীয় হব । এই বাজেটে অৰ্থনীতি আৰু অধিক শক্তিশালী কৰিব বুলি দাবী কৰিছে যদিও বিৰোধীয়ে ইয়াক “নিৰ্বাচনী বাজেট” বুলি অভিহিত কৰিছে ।