AI

AI ক চেৰাই শীৰ্ষত মানৱ; বিশ্ব ক’ডিং চেম্পিয়নশ্বিপত OpenAI মডেলক পৰাস্ত

AI ক চেৰাই শীৰ্ষত মানৱ সমগ্ৰ বিশ্বতে AI সম্পৰ্কে আলোচনা চলি আছে।বেছিভাগ কোম্পানীয়ে এআইক মানুহৰ দৰে বা তাতোকৈ বেছি ভাল কাম কৰে বুলি কয়,। কিন্তু শেহতীয়াকৈ এজন ব্যক্তিয়ে প্ৰমাণ কৰিছে যে এআই যিমানেই উন্নত নহওক কিয়, ই মানুহক চেৰ পেলাব নোৱাৰে। টকিঅ’ত অনুষ্ঠিত হোৱা এটকোডাৰ

AI ক চেৰাই শীৰ্ষত মানৱ

সমগ্ৰ বিশ্বতে AI সম্পৰ্কে আলোচনা চলি আছে।বেছিভাগ কোম্পানীয়ে এআইক মানুহৰ দৰে বা তাতোকৈ বেছি ভাল কাম কৰে বুলি কয়,।

কিন্তু শেহতীয়াকৈ এজন ব্যক্তিয়ে প্ৰমাণ কৰিছে যে এআই যিমানেই উন্নত নহওক কিয়, ই মানুহক চেৰ পেলাব নোৱাৰে।

টকিঅ’ত অনুষ্ঠিত হোৱা এটকোডাৰ ৱৰ্ল্ড ট্যুৰ ফাইনেল ২০২৫ হিউৰিষ্টিক প্ৰতিযোগিতাত ChatGPT নিৰ্মাতা অপেন এআই ৰ কাষ্টম এআই মডেলক এজন পোলেণ্ডৰ প্ৰগ্ৰেমাৰে পৰাস্ত কৰিছে।

ইয়াৰ পিছত সমগ্ৰ বিশ্বতে তাক লৈ চৰ্চা চলি আছে।বুধবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত OpenAIৰ প্ৰাক্তন কৰ্মচাৰী আৰু প্ৰগ্ৰেমাৰ প্ৰজেমিছলাভ ডেবিয়াক পৰাস্ত কৰে। আচলতে এই কাৰ্যসূচী জাপানীজ প্লেটফৰ্ম AtCoder দ্বাৰা আয়োজন কৰা হৈছে।

Psyho এ X প্লেটফৰ্মত পোষ্ট কৰিছে যে মানৱতা জয়ী হৈছে। ইয়াৰ সৈতে তেওঁ স্ক্ৰীণশ্বট পোষ্ট কৰি প্ৰতিযোগিতাত জয়ী হোৱাৰ কথা কৈছে।এই প্ৰতিযোগিতাৰ বাবে প্ৰায় ৬০০ মিনিটত এটা কঠিন সমস্যা সমাধান কৰিব লাগে।

লগতে পঢ়ক: জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !

শেহতীয়া প্ৰৱন্ধসমূহ