জনী লিভাৰ

ডাবল মিনিং কৌতুক কৰা কমেডিয়ানসকলক তীক্ষ্ণ সমালোচনা জনী লিভাৰৰ…

জনী লিভাৰৰ তীক্ষ্ণ সমালোচনা প্ৰবীণ কমেডিয়ান অভিনেতা জনী লিভাৰে ৮০ৰ দশকৰ পৰা এতিয়ালৈকে নিজৰ কমেডী ছবিৰে দৰ্শকৰ হৃদয় জয় কৰি আহিছে। চাৰি দশকজুৰি চলি থকা কেৰিয়াৰত ৩০০খন ছবিত কাম কৰি কোনো ধৰণৰ অশ্লীল বা দ্বৈত অৰ্থৰ কৌতুক নোহোৱাকৈয়ে দৰ্শকক হাঁহিবলৈ বাধ্য কৰাইছে। কিন্তু শেহতীয়াকৈ জনী

জনী লিভাৰৰ তীক্ষ্ণ সমালোচনা

প্ৰবীণ কমেডিয়ান অভিনেতা জনী লিভাৰে ৮০ৰ দশকৰ পৰা এতিয়ালৈকে নিজৰ কমেডী ছবিৰে দৰ্শকৰ হৃদয় জয় কৰি আহিছে।

চাৰি দশকজুৰি চলি থকা কেৰিয়াৰত ৩০০খন ছবিত কাম কৰি কোনো ধৰণৰ অশ্লীল বা দ্বৈত অৰ্থৰ কৌতুক নোহোৱাকৈয়ে দৰ্শকক হাঁহিবলৈ বাধ্য কৰাইছে।

কিন্তু শেহতীয়াকৈ জনী লিভাৰে এক সাক্ষাৎকাৰত অশ্লীল আৰু ডাবল মিনিং কৌতুকৰ আশ্ৰয় লৈ কমেডী কৰা অভিনেতা-কমেডিয়ানসকলৰ ওপৰত তেওঁ নিজৰ হতাশা প্ৰকাশ কৰিছে।

সাক্ষাৎকাৰটোত অভিনেতা গৰাকীয়ে কয় যে, “হলিউডৰ চিনেমাৰ বাবে আজিকালি মানুহে মুকলিকৈ গালি-গালাজ কৰে।

পশ্চিমীয়া দেশত অশ্লীল ভাষা ব্যৱহাৰ কৰা আৰু অশ্লীল কৌতুক কৰা সাধাৰণ কথা, আৰু এতিয়া আমাৰ অভিনেতা আৰু কমেডিয়ানসকলেও তেওঁলোকক অনুকৰণ কৰিছে। তেওঁলোকৰ এটা অভ্যাস গঢ় লৈ উঠিছে। এতিয়া তেওঁলোকে কেৱল ইংৰাজী ছবিহে চায়।”

লগতে তেওঁ কয়, মানুহে হলিউডৰ পৰা বস্তুবোৰ এই ভাবি লয় যে সকলো ঠিকেই হ’ব আৰু ইয়াৰ পৰা কি পাৰ্থক্য আহিব।এই কাৰণেই ডাবল মিনিং কৌতুক কৰাটো সাধাৰণ হৈ পৰিছে।

আমি যেতিয়া প্ৰশিক্ষণ লৈছিলো তেতিয়া আমাক শিকাইছিল যে কেতিয়াও এই কাম কৰিব নালাগে।যদি আমি এনেকুৱা ডাবল মিনিং কৌতুক কবলৈ যাওঁ তেনেহলে আমাৰ সন্মুখত তেওঁলোকে থিয় হোৱাৰ সাহস নাথাকিব।

কিন্তু আমি তেনেদৰে নকৰো। যদি তেওঁলোক সঁচাকৈয়ে প্ৰতিভাশালী তেন্তে মই তেওঁলোকক প্ৰত্যাহ্বান জনাব বিচাৰো যে তেওঁলোকে স্পষ্টকৈ কথা কৈ মানুহক হাঁহিবলৈ বাধ্য কৰক।

এইটোৱেই আচল পৰীক্ষা।মই কোৱা নাই যে তেওঁলোক বেয়া। মানুহে তেওঁলোকৰ কন্টেন্ট চাই । কিন্তু মোৰ পৰিয়ালটোৱেই দৰ্শক গতিকে মই তেওঁলোকক উত্তৰ দিব লাগিব।

লগতে পঢ়ক: বিশ্বব্ৰহ্মাণ্ডৰ সুন্দৰী হৈ মঞ্চ কঁপালে তমন্না ভাটিয়াই; ফেশ্বন আৰু গ্লেমাৰে লগালে জুই

শেহতীয়া প্ৰৱন্ধসমূহ