পহলগাম আক্ৰমণৰ প্ৰতিশোধ সম্পূৰ্ণ

পহলগাম আক্ৰমণৰ প্ৰতিশোধ সম্পূৰ্ণ; অপাৰেচন মহাদেৱ সম্পূৰ্ণ হ’ল সংসদত ক’লে অমিত শ্বাহে

পহলগাম আক্ৰমণৰ প্ৰতিশোধ সম্পূৰ্ণ অপাৰেচন সিন্দুৰক লৈ লোকসভাত চলি থকা বিতৰ্কৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল অভিযুক্ত সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে । ইয়াক নিৰ্মূল কৰিবলৈ আৰম্ভ কৰা হৈছিল ‘যৌথ অভিযান মহাদেৱ’ য’ত তিনিটা সন্ত্ৰাসবাদী নিহত হয় । নিহত

পহলগাম আক্ৰমণৰ প্ৰতিশোধ সম্পূৰ্ণ

অপাৰেচন সিন্দুৰক লৈ লোকসভাত চলি থকা বিতৰ্কৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল অভিযুক্ত সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে । ইয়াক নিৰ্মূল কৰিবলৈ আৰম্ভ কৰা হৈছিল ‘যৌথ অভিযান মহাদেৱ’ য’ত তিনিটা সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদীৰ নাম চুলেমান, জিব্ৰান আৰু আবু হামজা । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল লস্কৰৰ সন্ত্ৰাসবাদী চুলেমান । ইয়াৰ বহু প্ৰমাণ আমাৰ হাতত আছে ।

অপাৰেচন মহাদেৱৰ বিষয়ে প্ৰকাশ কৰাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, “এটা যৌথ অভিযান মহাদেৱ য’ত ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰিছে । এই তিনিটা সন্ত্ৰাসবাদী বৈসাৰণত আছিল আৰু তিনিওটাই নিহত হৈছে ।”

১০৫৫ জন লোকক ৩ হাজাৰ ঘণ্টা ধৰি জেৰা-

অমিত শ্বাহে কয়, ‘২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি সিদ্ধান্ত লৈছিলো যে NIA-এ এই গোচৰৰ তদন্ত কৰিব । সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৩ এপ্ৰিলত এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত হয় । সেই বৈঠকতে সিদ্ধান্ত লোৱা হৈছিল যে সন্ত্ৰাসবাদীয়ে কোনো মূল্যৰ বিনিময়ত পাকিস্তানলৈ পলায়ন কৰিব নোৱাৰিব । তাৰ পিছত আমি এটা দীঘলীয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ ।“

তেওঁ কয়, “পৰ্যটকৰ পৰিয়ালৰ সদস্য, কেমেৰামেন, খচ্চৰ মালিককে ধৰি ১০৫৫ জন লোকক প্ৰায় ৩ হাজাৰ ঘন্টা দীঘলীয়া জেৰা কৰা হয় । তাৰ পিছত সন্ত্ৰাসবাদীৰ স্কেচ বনোৱা হৈছিল । তাৰ পিছত ২০২৫ চনৰ ২২ জুন তাৰিখে বছিৰ আৰু পাৰভেজক চিনাক্ত কৰা হৈছিল । ঘটনাৰ পিছদিনা একাংশই সন্ত্ৰাসবাদীক আশৰ্য় দিছিল । তাৰ পিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । সম্প্ৰতি তেওঁলোক জিম্মাত আছে ।”

লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “কালিৰ অভিযানত তিনিওটা সন্ত্ৰাসবাদী (চুলেমান, আফগান আৰু জিব্ৰাণ) নিহত হয় । যিসকলে সন্ত্ৰাসবাদীক খাদ্য যোগান ধৰিছিল তেওঁলোকক ইতিমধ্যে জিম্মাত লোৱা হৈছিল । যেতিয়া এই সন্ত্ৰাসবাদীৰ মৃতদেহ শ্ৰীনগৰলৈ অনা হৈছিল, তেতিয়া আমাৰ সংস্থাসমূহে আটক কৰা লোকসকলেও তেওঁলোকক চিনাক্ত কৰিছিল ।”

লগতে পঢ়ক : ভাৰতীয় সেনাৰ বৃহৎ সফলতা; পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাছিম মুছা ফৌজী নিহত