ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব  হাই ভল্টেজ মেচ

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব  হাই ভল্টেজ মেচ;  কেতিয়া আৰু ক’ত হ’ব এই যুঁজ ?

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব  হাই ভল্টেজ মেচ ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে আয়োজক ভাৰতৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । আঠটা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ৰাউণ্ড ৰবিন ফৰ্মেটত

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব  হাই ভল্টেজ মেচ

৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে আয়োজক ভাৰতৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । আঠটা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হ’ব, য’ত শীৰ্ষ চাৰিটা দল ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ২ নৱেম্বৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ফাইনেল । ১ অক্টোবৰত ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখনত মহিলা বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব অষ্ট্ৰেলিয়াই ।

উল্লেখ্য যে পাকিস্তানে নিজৰ সকলো মেচ শ্ৰীলংকাৰ কলম্বোত খেলিব । এই মেচ বি চি চি আই আৰু পি চি বিয়ে সহমতত উপনীত হোৱা হাইব্ৰিড হ’ষ্টিং মডেলৰ অধীনত হ’ব । চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰত আৰু পাকিস্তানৰ মাজত কূটনৈতিক উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ফলত ভাৰতকে ধৰি পাকিস্তানৰ সৈতে খেলা দলসমূহে কলম্বোলৈ গৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব এই মেচ-

৫ অক্টোবৰত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ হাই ভল্টেজ মেচ । এই খেলখন কলম্বোত অনুষ্ঠিত হ’ব । বিয়লি ৩ বজাৰ পৰা দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’ব এই মেচখন ।

মহিলা বিশ্বকাপত ভাৰতৰ খেল-

ভাৰতে ৩০ ছেপ্টেম্বৰৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে এই প্ৰতিযোগিতাৰ অভিযান আৰম্ভ কৰিব । বাংলাদেশৰ বিৰুদ্ধে দলটোৰ গুৰুত্বপূৰ্ণ গ্ৰুপ মেচখন ২৬ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ’ব, তাৰ পিছত ৫ অক্টোবৰত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব । তাৰ পিছত ৯ অক্টোবৰত বিশাখাপট্টনমত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব, তাৰ পিছত ১২ অক্টোবৰত একেখন খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব ।

১৯ অক্টোবৰত ভাৰতীয় দলটোৱে ইন্দোৰত ইংলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব । ইয়াৰ পিছত ভাৰতীয় দলটোৱে লীগ পৰ্যায়ৰ অন্তিমখন খেল ২৩ অক্টোবৰত গুৱাহাটীত নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু ২৬ অক্টোবৰত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক : ১৫ বছৰৰ পাছত ভাৰতৰ এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট