জুবিন

পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ; ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য

পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰাজহুৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণ পত্ৰ।ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য। এই তথ্য অনুসৰি চিজাৰ এটেকত নহয় পানীত ডুবি হে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে এখন সংবাদমেল যোগে জনাইছে যে,ছিংগাপুৰৰ পৰা অহা এই ডেথ

পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ

ৰাজহুৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণ পত্ৰ।ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য। এই তথ্য অনুসৰি চিজাৰ এটেকত নহয় পানীত ডুবি হে মৃত্যু হৈছিল জুবিন গাৰ্গৰ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে এখন সংবাদমেল যোগে জনাইছে যে,ছিংগাপুৰৰ পৰা অহা এই ডেথ চাৰ্টিফিকেটসমূহ CID ক প্ৰদান কৰা হ’ব। অৱশ্যে প্ৰকৃত সত্য মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টতহে প্ৰকাশ পাব।

তেওঁ লগতে কয় যে, শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে বৰ্তমানলৈকে অসমত ৫৪ খন গোচৰ ৰুজু কৰা হৈছে।

জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত ছিংগাপুৰ আৰক্ষীয়ে কৰি আছে। অৱশ্যে জুবিনক ষড়যন্ত্ৰ কৰি ছিংগাপুৰলৈ নিয়া হৈছিল নেকি তাৰ তদন্ত অসম আৰক্ষীয়ে কৰিব।

লগতে পঢ়ক: যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা…; মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ