নেমুতকৈ বেছি ভিটামিন চি বেছি থাকে এইকেইটা ফলত, নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত

নেমুতকৈ বেছি ভিটামিন চি বেছি থাকে এইকেইটা ফলত, নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত

ভিটামিন চি-ৰ সৰ্বশ্ৰেষ্ঠ উৎসবোৰৰ ভিতৰত এটা হৈছে নেমু, যি প্ৰতিটো ঋতুতে সহজে উপলব্ধ হয়, কিন্তু বহুলোকে নেমু খাবলৈ ভাল নাপায় আৰু একেটা খাদ্য সামগ্ৰী বাৰে বাৰে খাই আমনি পায় । আনহাতে কিছু লোকৰ নেমুৰ প্ৰতি এলাৰ্জিও আছে । শীতকালত উপলব্ধ মধুৰিআম হৈছে ভিটামিন চি-ৰ এক

ভিটামিন চি-ৰ সৰ্বশ্ৰেষ্ঠ উৎসবোৰৰ ভিতৰত এটা হৈছে নেমু, যি প্ৰতিটো ঋতুতে সহজে উপলব্ধ হয়, কিন্তু বহুলোকে নেমু খাবলৈ ভাল নাপায় আৰু একেটা খাদ্য সামগ্ৰী বাৰে বাৰে খাই আমনি পায় । আনহাতে কিছু লোকৰ নেমুৰ প্ৰতি এলাৰ্জিও আছে ।

শীতকালত উপলব্ধ মধুৰিআম হৈছে ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস, ১০০ গ্ৰাম মধুৰিআমত প্ৰায় ২২৮ মিগ্ৰা ভিটামিন চি পোৱা যায়, যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

কমলা আৰু মৌচম্বীও ভিটামিন চি সমৃদ্ধ । ১০০ গ্ৰাম কমলাত প্ৰায় ৫৩ মিগ্ৰা ভিটামিন চি আৰু ১০০ গ্ৰাম মোচম্বীত ৫০ মিগ্ৰা ভিটামিন চি পোৱা যায় । যাৰ ফলত এই দুবিধ ফল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ছালৰ স্বাস্থ্যৰ বাবে উৎকৃষ্ট বিকল্প হৈ পৰে ।

আনহাতে অমিতাও ভিটামিন চিৰ এক ভাল উৎস । ১০০ গ্ৰাম অমিতাত প্ৰায় ৬০ মিগ্ৰা ভিটামিন চি থাকে, যি হজম উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

আমলখিতো প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । ১০০ গ্ৰাম আমলাত ৬০০ৰ পৰা ৭০০মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । তদুপৰি ই চুলি আৰু ছালৰ বাবেও অতি উপকাৰী ।

বাৰিষাৰ সময়ত পোৱা ক’লা জামুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ।১০০ গ্ৰাম জামুত ৮০ৰ পৰা ৯০ মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যিটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী ।

আনাৰস বা মাটিকঁঠালো ভিটামিন চিৰ এক সমৃদ্ধ উৎস । এক কাপ আনাৰসত প্ৰায় ৮০ মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যি নেমুতকৈ সোৱাদতো ভাল ।

শেহতীয়া প্ৰৱন্ধসমূহ