নেমুতকৈ বেছি ভিটামিন চি বেছি থাকে এইকেইটা ফলত, নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত

ভিটামিন চি-ৰ সৰ্বশ্ৰেষ্ঠ উৎসবোৰৰ ভিতৰত এটা হৈছে নেমু, যি প্ৰতিটো ঋতুতে সহজে উপলব্ধ হয়, কিন্তু বহুলোকে নেমু খাবলৈ ভাল নাপায় আৰু একেটা খাদ্য সামগ্ৰী বাৰে বাৰে খাই আমনি পায় । আনহাতে কিছু লোকৰ নেমুৰ প্ৰতি এলাৰ্জিও আছে ।

শীতকালত উপলব্ধ মধুৰিআম হৈছে ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস, ১০০ গ্ৰাম মধুৰিআমত প্ৰায় ২২৮ মিগ্ৰা ভিটামিন চি পোৱা যায়, যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

কমলা আৰু মৌচম্বীও ভিটামিন চি সমৃদ্ধ । ১০০ গ্ৰাম কমলাত প্ৰায় ৫৩ মিগ্ৰা ভিটামিন চি আৰু ১০০ গ্ৰাম মোচম্বীত ৫০ মিগ্ৰা ভিটামিন চি পোৱা যায় । যাৰ ফলত এই দুবিধ ফল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ছালৰ স্বাস্থ্যৰ বাবে উৎকৃষ্ট বিকল্প হৈ পৰে ।

আনহাতে অমিতাও ভিটামিন চিৰ এক ভাল উৎস । ১০০ গ্ৰাম অমিতাত প্ৰায় ৬০ মিগ্ৰা ভিটামিন চি থাকে, যি হজম উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

আমলখিতো প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । ১০০ গ্ৰাম আমলাত ৬০০ৰ পৰা ৭০০মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । তদুপৰি ই চুলি আৰু ছালৰ বাবেও অতি উপকাৰী ।

বাৰিষাৰ সময়ত পোৱা ক’লা জামুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ।১০০ গ্ৰাম জামুত ৮০ৰ পৰা ৯০ মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যিটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী ।

আনাৰস বা মাটিকঁঠালো ভিটামিন চিৰ এক সমৃদ্ধ উৎস । এক কাপ আনাৰসত প্ৰায় ৮০ মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যি নেমুতকৈ সোৱাদতো ভাল ।

কমলা বাকলিৰ সৈতে বনাওক ভিটামিন চি সমৃদ্ধ টোনাৰ, প্ৰতিটো ঋতুতে ছালখন হৈ থাকিব সুন্দৰ

শীতকালত, ছাল অতি সোনকালে শুকান হৈ পৰে। আপুনি যিমানেই লোচন বা ক্ৰীম প্ৰয়োগ নকৰক, ছালৰ পৰা শুষ্কতা শেষ নহয়। এনে পৰিস্থিতিত, ছালখন কোমল ৰাখিবলৈ ভিটামিন চি সমৃদ্ধ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে।

ভিটামিন চি হৈছে এক পুষ্টি যি ছালৰ বাবে উপকাৰী। ই দীৰ্ঘসময় ধৰি ছালৰ উজ্জ্বল আৰু ছালখনৰ সৌন্দৰ্য বজাই ৰখাত সহায়ক।

এনে পৰিস্থিতিত, যেতিয়া ইয়াক টোনাৰত ব্যৱহাৰ কৰা হয়, ই আপোনাৰ ছালৰ বাবে আৰু অধিক উপকাৰী হৈ পৰে।ভিটামিন চি সমৃদ্ধ, কমলা বাকলিৰে ঘৰত টোনাৰ বনাব পাৰে। কেনেকৈ জানো আহক-

কমলা বাকলিটো টোনাৰ বনাবলৈ, প্ৰথমে কমলা এটা লওঁক। এতিয়া গোটেই কমলাটোত টুথপিকেৰে ফুটা কৰি লওক। তাৰ পিছত, গেছটো অন কৰক আৰু এটা ডাঙৰ পাত্ৰত এগিলাচ পানী আৰু কমলা ৰাখক।

এতিয়া এই পানী ভালদৰে উতলিবলৈ দিয়ক।যেতিয়া পানীখিনি ভালদৰে উতলিব তেতিয়া  গেছটো বন্ধ কৰক। এতিয়া কমলাখিনি বাকলিটো গুচাই দিয়ক আৰু ইয়াৰ বাকলিখিনি গুৰি কৰক।

সেই গুৰিখিনি উতলোৱা পানী কিনিৰ সৈতে মিশ্ৰণ বনাওক।ইয়াত ২ চামুচ গোলাপজল দিব পাৰে। আপোনাৰ ভিটামিন চি-সমৃদ্ধ টোনাৰ সাজু।

ভিটামিন চি সমৃদ্ধ, এই টোনাৰে ছাল উজ্জ্বল কৰে, ডাঠ দাগ পাতল কৰে আৰু ছালৰ ছিদ্ৰবোৰ টান কৰে, যাৰ ফলত ছালৰ ৰং সমান ভাৱে হয়। ই হৈছে এক এনজাইম যি মেলানিন উৎপাদনত সহায় কৰে, যাৰ ফলত হাইপাৰপিগমেণ্টেচন প্ৰতিহত হয়।