হঠাৎ ২৬০০০ ফুট তললৈ নামি আহিল  জাপান এয়াৰলাইন্সৰ বয়িং বিমান

হঠাৎ ২৬০০০ ফুট তললৈ নামি আহিল  জাপান এয়াৰলাইন্সৰ বয়িং বিমান; ১৯১ যাত্ৰীয়ে মাজত হাহাকাৰ

হঠাৎ ২৬০০০ ফুট তললৈ নামি আহিল জাপান এয়াৰলাইন্সৰ বয়িং বিমান জাপানত আন এখন বয়িং ৭৩৭ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । এই বয়িং বিমানখন চীনৰ পৰা জাপানৰ ৰাজধানী টকিঅ’লৈ উৰা মাৰিছিল । চাংহাইত বিমানখন উৰণৰ লগে লগে সমস্যাৰ সৃষ্টি হয় আৰু হঠাতে তললৈ নামিবলৈ

হঠাৎ ২৬০০০ ফুট তললৈ নামি আহিল  জাপান এয়াৰলাইন্সৰ বয়িং বিমান

জাপানত আন এখন বয়িং ৭৩৭ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । এই বয়িং বিমানখন চীনৰ পৰা জাপানৰ ৰাজধানী টকিঅ’লৈ উৰা মাৰিছিল । চাংহাইত বিমানখন উৰণৰ লগে লগে সমস্যাৰ সৃষ্টি হয় আৰু হঠাতে তললৈ নামিবলৈ ধৰে । প্ৰায় ২৬ হাজাৰ ফুট উচ্চতাৰ পৰা বিমানখন তললৈ নামি যোৱা দেখি যাত্ৰীসকলে পৰিয়াললৈ শেষ বাৰ্তা লিখে । অৱশ্যে শেষত বিমানখন নিৰাপদে অৱতৰণ কৰে ।

বিমানত ১৯১ জন যাত্ৰী আছিল-

চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি এই বয়িং বিমানখনত ১৯১ জন যাত্ৰী আছিল । ক্ৰু সদস্যসকলক সামৰি প্ৰায় ২০০ জন আছিল । যাত্ৰীসকলৰ অধিকাংশই আছিল চীনৰ, যিসকলে জাপানৰ টকিঅ’লৈ গৈছিল ।

জাপান চৰকাৰৰ মতে, কেবিনত কিছু কাৰিকৰী ত্ৰুটি আছিল, যিটো পাইলটসকলে ঠিক কৰিবলৈ চেষ্টা কৰিছিল । এই সময়ছোৱাত বিমানখন ২৬০০০ ফুট উচ্চতাৰ পৰা ১০ মিনিটত তললৈ নামি আহে ।

প্ৰাথমিক বাতৰি অনুসৰি যেতিয়া বিমানখনে কেবিনত বায়ুৰ চাপ বজাই ৰখা ব্যৱস্থাত হোৱা ত্ৰুটিৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছিল, তেতিয়া পাইলটসকলে বিমান পৰিবহণ নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ কৰিছিল ।

এয়াৰ হোষ্টেছৰ সতৰ্কবাণীৰ বাবে আতংক-

বিমানখন তললৈ নমোৱাৰ লগে লগে এয়াৰ হোষ্টেছে সতৰ্কবাণী জাৰি কৰে । সতৰ্কবাণী শুনাৰ লগে লগে বিমানখনত আতংকৰ সৃষ্টি হয় । যাত্ৰীসকলৰ মাজত চিঞৰ-বাখৰ সৃষ্টি হয় । লগে লগে একাংশ লোকে ছচিয়েল মিডিয়াত পোষ্ট কৰিবলৈ আৰম্ভ কৰে । একে সময়তে একাংশ লোকে নিজৰ শেষ বাৰ্তা লিখিবলৈ আৰম্ভ কৰে ।

বিমানখন অৱতৰণ কৰাৰ পিছত প্ৰায় ১ ঘণ্টা ধৰি বিমানখন যিদৰে আছিল তেনেদৰেই ৰখা হৈছিল । ইয়াৰ পিছতহে খালী কৰা হৈছিল ।

একে সময়তে জাপান এয়াৰলাইন্সে কয় যে তেওঁলোকে সকলো যাত্ৰীক ক্ষতিপূৰণ হিচাপে প্ৰায় ১০ হাজাৰ টকা আগবঢ়াইছে । ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছে বিমান সংস্থাটোৱে ।

লগতে পঢ়ক : অৱতৰণৰ সময়তে ৰাণৱে’ত পিছলিল যাত্ৰীবাহী বিমান; কথমপি প্ৰাণৰক্ষা ১৬৩ গৰাকী যাত্ৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ