আমেৰিকা ৰাষ্ট্ৰপিত নিৰ্বাচনত ডনাল্ড ট্ৰাম্পে জয়লাভ কৰাৰ পিছতে বিশ্বজুৰি চৰ্চা লাভ কৰিছে ট্ৰাম্পে। এইবাৰ বিশ্বৰ বাণিজ্য ক্ষেত্ৰত ডলাৰৰ আধিপত্যৰ প্ৰতি যিকোনো প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ বাবে কৌশল তৈয়াৰ কৰি ড’নাল্ড ট্ৰাম্পে ভাৰত, ৰাছিয়া আৰু চীনক মূল সদস্য হিচাপে থকা BRICSক ভাবুকি দিছে। যিদহে BRICS-এ নিজৰ কাৰ্য সম্পন্ন নকৰে, তেন্তে ১০০ শতাংশ শুল্কৰ আৰোপ কৰাৰ হুংকাৰ দিয়ে ট্ৰাম্পে।
ছ’চিয়েল মিডিয়াত ট্ৰাম্পে লিখিছে যে, ‘আমি থিয় হৈ চাই থকাৰ সময়তে BRICS দেশসমূহে ডলাৰৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছে।’ BRICS-এ আমেৰিকান ডলাৰৰ ঠাইত নতুন ব্ৰিকছ মুদ্ৰা সৃষ্টি আৰু আন কোনো মুদ্ৰাক সমৰ্থন নকৰিবলৈ জনায় ট্ৰাম্পে। যদিহে এনে কোনো কাম কৰে BRICS-এ কৰে তেন্তে ১০০ শতাংশৰ শুল্কৰ সন্মুখীন হ’ব। যাৰ ফলত বিশ্ব বাণিজ্যত ব্যাপক লোকচানৰ সন্মুখীন হ’ব BRICS। বিশ্বৰ লেনদেনৰ ৯০ শতাংশতকৈ অধিক USDৰ অংশ হিচাপে অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ব্ৰিকছ শীৰ্ষ সন্মিলনত এই বিষয়টোৰ ওপৰত পৃথক মতামতৰ মাজতে শেহতীয়াকৈ ট্ৰাম্পে এই মন্তব্য কৰে।









