চীনৰ ভাইৰাছ পালেহি অসম ; ১০ মহীয়া শিশুৰ দেহত উদ্ধাৰ HMPV ভাইৰাছ

অসমত চিনাক্ত কৰা হ’ল প্ৰথমজন HMPV ভাইৰাছ আক্ৰান্ত ৰোগী। এটি ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ । ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত ধৰা পৰিছে HMPV ভাইৰাছ। আক্ৰান্ত শিশুটিক AMCH ত ভৰ্তি কৰোৱা হৈছে। নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে HMPV ৰ অৱস্থিতি। শিশুটিৰ

অসমত চিনাক্ত কৰা হ’ল প্ৰথমজন HMPV ভাইৰাছ আক্ৰান্ত ৰোগী। এটি ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ । ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত ধৰা পৰিছে HMPV ভাইৰাছ।

আক্ৰান্ত শিশুটিক AMCH ত ভৰ্তি কৰোৱা হৈছে। নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে HMPV ৰ অৱস্থিতি। শিশুটিৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে।

শিশুটিৰ অভিভাৱক বা শিশুটিৰ ভ্ৰমণ ইতিহাস লাভ কৰা নাই স্বাস্থ্য বিভাগে। শিশুটিক আছুতীয়াকৈ ৰাখি কৰা হৈছে উন্নত চিকিৎসা।

বিশেষজ্ঞ চিকিৎসকে অব্যাহত ৰাখিছে চিকিৎসা প্ৰ্ৰক্ৰিয়া। ইফালে দেশৰ বিভিন্ন প্ৰান্তত HMPVক লৈ শংকিত জনতা। চীন আৰু ইংলেণ্ডত HMPV ভাইৰাছক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে ।  

শেহতীয়া প্ৰৱন্ধসমূহ