বেলুচিস্তানত ৩৯টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বি এল এৰ,

বেলুচিস্তানত ৩৯টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বি এল এৰ, একাংশ আৰক্ষী থানা দখলৰ দাবী

বেলুচিস্তানৰ ৩৯টা ভিন্ন স্থানত সমন্বিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে । বি এল এই কিছু থানা দখল কৰি অঞ্চলটোৰ ডাঙৰ ডাঙৰ পথ অৱৰোধ কৰাৰ দাবী কৰিছে । বি এল এই এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি কয় যে এই অভিযান এতিয়াও চলি আছে ।

বেলুচিস্তানৰ ৩৯টা ভিন্ন স্থানত সমন্বিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে । বি এল এই কিছু থানা দখল কৰি অঞ্চলটোৰ ডাঙৰ ডাঙৰ পথ অৱৰোধ কৰাৰ দাবী কৰিছে । বি এল এই এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি কয় যে এই অভিযান এতিয়াও চলি আছে । তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট লক্ষ্য আছে যিবোৰ তেওঁলোকে লাভ কৰিব বিচাৰে ।

বি এল এৰ মুখপাত্ৰ জিয়ান্দ বেলোচে কয় যে সমন্বিত আক্ৰমণ সংঘটিত হোৱা ৩৯টা স্থানৰ ভিতৰত আছে আৰক্ষী থানা, সামৰিক কনভয় আৰু ডাঙৰ ঘাইপথৰ কাষৰ আন্তঃগাঁথনি আদি । বেলোচে কয় যে বি এল এয়ে কিছু থানা দখল কৰি অঞ্চলটোৰ ডাঙৰ ডাঙৰ পথ অৱৰোধ কৰিছে । এই আক্ৰমণ সন্দৰ্ভত অধিক তথ্য শীঘ্ৰে সংবাদ মাধ্যমক দিয়া হ’ব বুলিও তেওঁ কয় ।

বেলুচিস্তানত দীৰ্ঘদিনীয়া বিচ্ছিন্নতাবাদী আন্দোলন-

দৰাচলতে বেলুচিস্তানত বহুদিনৰ পৰাই স্বাধীনতাৰ দাবীত বিচ্ছিন্নতাবাদী আন্দোলন চলি আহিছে । বহু বছৰ ধৰি চলি থকা সংঘাতৰ বাবে ইয়াত বহু লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও এই সংঘাতৰ বাবে বহু লোক গৃহহাৰাও হৈছে । স্থানীয় সম্পদৰ ওপৰত স্বায়ত্তশাসন আৰু নিয়ন্ত্ৰণৰ দাবীৰ বাবে বি এল এৰ শেহতীয়া কাৰ্যকলাপে এই সংঘাতৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে ।

বি এল এই বিচাৰে বেলুচ জনসাধাৰণৰ স্বাধীনতা-

বেলুচ লিবাৰেশ্যন আৰ্মি (BLA) হৈছে পাকিস্তানৰ বেলুচিস্তানত ভিত্তি কৰি বেলুচ জনসাধাৰণৰ স্বাধীনতা বিচৰা এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী গোট । বি এল এৰ অভিযোগ যে পাকিস্তান চৰকাৰে বেলুচ জনসাধাৰণৰ লগত অন্যায় কৰিছে । তেওঁলোকক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । তেওঁলোকৰ অঞ্চলৰ প্ৰাকৃতিক সম্পদ (যেনে গেছ আৰু খনিজ) শোষণ কৰা হৈছে । ইয়াৰ পৰা তেওঁলোকক কোনো সুবিধা দিয়া হোৱা নাই । অৰ্থনৈতিক শোষণ আৰু সামৰিক দমনক লৈ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই বি এল এৰ উন্মেষ ঘটিছে ।

বি এল এই এতিয়ালৈকে পাকিস্তানৰ নিৰাপত্তা বাহিনী, চৰকাৰী ভৱন আৰু উন্নয়নমূলক প্ৰকল্পৰ ওপৰত কেইবাটাও আক্ৰমণ চলাইছে । বি এল এই বিশেষভাৱে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চি পি ই চি)ৰ সৈতে জড়িত প্ৰকল্পসমূহক লক্ষ্য কৰি লৈছে, যিবোৰক সংগঠনটোৱে শোষণমূলক বুলি বিবেচনা কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ