২০২৫ত হজ যাত্ৰাত যাব পাৰিব ১৭৫,০২৫ ভাৰতীয়...চৌদি আৰৱৰ সৈতে চুক্তি

২০২৫ত হজ যাত্ৰাত যাব পাৰিব ১৭৫,০২৫ ভাৰতীয়…চৌদি আৰৱৰ সৈতে চুক্তি

কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰেন ৰিজিজু পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱত উপস্থিত হৈছে । ইয়াত তেওঁ এইবাৰৰ হজ যাত্ৰাৰ কোটা নীতিত স্বাক্ষৰ কৰিছে । এইবাৰ ভাৰতৰ পৰা ১ লাখ ৭৫ হাজাৰ ২৫ জন লোকে হজৰ বাবে চৌদি আৰৱলৈ যাব পাৰিব । এই কোটা যোৱা বছৰৰ আগষ্ট

কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰেন ৰিজিজু পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ছৌদি আৰৱত উপস্থিত হৈছে । ইয়াত তেওঁ এইবাৰৰ হজ যাত্ৰাৰ কোটা নীতিত স্বাক্ষৰ কৰিছে । এইবাৰ ভাৰতৰ পৰা ১ লাখ ৭৫ হাজাৰ ২৫ জন লোকে হজৰ বাবে চৌদি আৰৱলৈ যাব পাৰিব । এই কোটা যোৱা বছৰৰ আগষ্ট মাহত চূড়ান্ত কৰা হৈছিল, যিটো কোটাত এতিয়া দুয়োখন দেশৰ মন্ত্ৰীসকলে স্বাক্ষৰ কৰিছে । ছৌদি আৰবে প্ৰতি বছৰে হজৰ কোটা সলনি কৰে আৰু ভাৰতকে ধৰি বিশ্বৰ দেশৰ সৈতে এই বিষয়ে চুক্তি কৰে ।

শেহতীয়াকৈ জেদ্দাত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু ছৌদি আৰৱৰ হজ আৰু উমৰাহ মন্ত্ৰী তৌফিক বিন ফাউজান আল ৰবিয়াৰ মাজত স্বাক্ষৰিত হয় চুক্তি । এই চুক্তি ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হজ যাত্ৰাৰ বাবে এয়া এক ‘ভাল খবৰ’ । তেওঁ কয় যে আমাৰ চৰকাৰ হজযাত্ৰীসকলক উন্নত হজ ভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।

হজ কোটাৰ ওপৰত কি ক’লে কিৰেন ৰিজিজুৱে ?

কিৰেন ৰিজিজুৱে এই চুক্তি সন্দৰ্ভত “এক্স”ৰ এটা পোষ্টত কয়, “চৌদি আৰৱৰ হজ মন্ত্ৰী আৰু উমৰা তৌফিক বিন ফাউজান আল-ৰবিয়াৰ সৈতে হাজ চুক্তি ২০২৫ স্বাক্ষৰিত হয় । ভাৰতৰ পৰা অহা হজযাত্ৰীৰ কোটা ১,৭৫,০২৫ নিৰ্ধাৰণ কৰা হৈছে । আমি আমাৰ সকলো হজ যাত্ৰীক উত্তম সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”

ৰিজিজুৱে লগতে কয় যে ড০ তৌফিক বিন ফাউজান আল-ৰাবিয়াৰ সৈতে হোৱা বৈঠকত তেওঁ হজ ২০২৫ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ অভিজ্ঞতা আৰু অধিক উন্নত কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰে । ইয়াৰ দ্বাৰা দ্বিপাক্ষিক সম্পৰ্কও সুদৃঢ় হ’ব ।

২০২৪ চনৰ আগষ্ট মাহত ভাৰতৰ কোটা নিৰ্ধাৰণ কৰা হৈছিল-

যোৱা মাহত ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত ৰিজিজুৱে কয় যে ২০২৫ বৰ্ষৰ বাবে ভাৰতীয় হজ কমিটি (এইচ চি অ’ আই) আৰু হজ গ্ৰুপ অৰ্গেনাইজাৰ (এইচ জি অ’)ৰ মাজত কোটা ৭০:৩০ অনুপাতত ভাগ কৰা হৈছে । এই হজ পলিচি-২০২৫, ২০২৪ চনৰ ৫ আগষ্টত জাৰি কৰা হৈছিল, য’ত ভাৰতৰ কোটা ১৭৫,০২৫ নিৰ্ধাৰণ কৰা হৈছিল ।