নাটাচাক পাহৰি নতুন ইনিংছৰ আৰম্ভ কৰিব নেকি হাৰ্দিকে? কোন হয় হাৰ্দিকৰ নতুন প্ৰেমিকা জেচমিন ৱালিয়া

শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা আই পি এল খেলৰ সময়ত এটা বিশেষ ঘটনা ঘটিছিল। মেচখনৰ সময়ত এগৰাকী মহিলাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যিয়ে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বাবে জোৰেৰে উল্লাস কৰিছিল। মেচখনৰ পিছতে এটা ভিডিঅ’ ওলাইছে য’ত হাৰ্দিক পাণ্ডিয়াৰ

শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা আই পি এল খেলৰ সময়ত এটা বিশেষ ঘটনা ঘটিছিল।

মেচখনৰ সময়ত এগৰাকী মহিলাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যিয়ে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বাবে জোৰেৰে উল্লাস কৰিছিল।

মেচখনৰ পিছতে এটা ভিডিঅ’ ওলাইছে য’ত হাৰ্দিক পাণ্ডিয়াৰ নতুন প্ৰেমিকা জেচমিন ৱালিয়াক পুনৰ এবাৰ দেখা গ’ল।এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে জেচমিন পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল।

খেলখনত ভিআইপি এলেকাত বহি হাৰ্দিক আৰু তেওঁৰ দলৰ বাবে উল্লাস কৰি থকা জেচমিনক সুখী আৰু আত্মবিশ্বাসী যেন লাগিছিল।

খেল খনৰ শেষত জেচমিন ৱালিয়াই ষ্টেডিয়ামৰ পৰা আন খেলুৱৈৰ পত্নী আৰু প্ৰেমিকাৰ সৈতে ওলাই আহি মুম্বাই ইণ্ডিয়ানছৰ দলীয় বাছখনত উঠিল। এই বাছখন কেৱল খেলুৱৈসকলৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ বাবেহে।

২০২৪ চনৰ আগষ্ট মাহত জেচমিন ৱালিয়া আৰু হাৰ্দিক দুয়োজনে গ্ৰীচৰ পৰা ছুটীৰ কিছু ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পৰাই তেওঁলোকক লৈ উৰাবাতৰি আৰম্ভ হৈছিল।

যদিও, দুয়োজনে একেলগে ছবি পোষ্ট কৰা নাছিল, কিন্তু দুয়োখন ছবিৰ পটভূমি একে আছিল। তেতিয়াৰ পৰাই ভাৰত বনাম পাকিস্তানৰ দৰে ডাঙৰ মেচকে ধৰি হাৰ্দিকৰ বহু মেচত জেচমিন ৱালিয়াক দেখা পোৱা গৈছে।

উল্লেখেয যে ইংলেণ্ডৰ এচেক্সত জন্মগ্ৰহণ কৰা জেচমিন ৱালিয়াৰ পিতৃ-মাতৃ ভাৰতীয়। জেচমিনৱালিয়া এগৰাকী জনপ্ৰিয় বৃটিছ গায়িকা, যিয়ে তেওঁৰ হিট গীত ‘বম ডিগী’ৰ বাবে পৰিচিত।

২০১০ চনত ৰিয়েলিটি টিভি শ্ব’ ‘দ্য অনলি ৱে ইজ এচেক্স’ত অভিনয় কৰি লাইমলাইটলৈ আহিছিল জেচমিন ৱালিয়া।

শেহতীয়া প্ৰৱন্ধসমূহ