বুধবাৰে মাজনিশা লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক ২০২৫ ।ইফালে ৱাকফ সংশোধনী বিধেয়কক লৈ ৰাজ্যসভাটো চৰ্চা চলি আছে।
এই বিধেৱক গৃহীত হোৱাৰ পিছতেই সমগ্ৰ দেশজুৰি ওলাই আহিছে মুছলমান ধৰ্মী লোকসকল।তাৰ মাজতে ৱাকফ বিধেয়কক লৈ গৰজি উঠিছে আমছু। ৱাকফ বিধেয়কক লৈ ৯ এপ্ৰিলত অসম কঁপাব আমছুৱে।
ৰাজধানী কঁপাই আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। তেওঁলোকে কয় যে ‘ৱাকফ সংশোধনী বিধেয়ক কোনোপধ্যে মানি লোৱা নহ’ব। ৱাকফ সম্পত্তি হৈছে মুছলমান লোক আৰু আল্লাহৰ সম্পত্তি।
এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। বিজেপিয়ে মাজনিশা পৰ্যন্ত ৱাকফ বিল জোৰ-জুলুমকৈ সংশোধনী কৰিছে’।
বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি যিদৰে অধিকাৰ কৰিব বিচাৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আমছুৱে।









