পুৱাই কঁপি উঠিল ৰাজধানী ; ভূপৃষ্ঠৰ পৰা মাত্ৰ….

সোমবাৰে ৰাতিপুৱাই দিল্লীত ভূমিকম্পৰ তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পটো ইমান তীব্ৰ আছিল যে স্থানীয় লোকসকল ঘৰৰ পৰা ওলাই আহিছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল দিল্লী এনচিআৰ আছিল আৰু ই ভূ পৃষ্ঠৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ গভীৰ আছিল। এইকাৰণে দিল্লীত তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল। ৰাষ্ট্ৰীয় ভূকম্পন

সোমবাৰে ৰাতিপুৱাই দিল্লীত ভূমিকম্পৰ তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পটো ইমান তীব্ৰ আছিল যে স্থানীয় লোকসকল ঘৰৰ পৰা ওলাই আহিছিল।

ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল দিল্লী এনচিআৰ আছিল আৰু ই ভূ পৃষ্ঠৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ গভীৰ আছিল। এইকাৰণে দিল্লীত তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ মতে, পুৱা ৫:৩৬ বজাত নতুন দিল্লীত কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত ৪.০ প্ৰাবল্য আছিল।

দিল্লীৰ লগতে হাৰিয়ানা আৰু পঞ্জাৱৰ কিছুমান অঞ্চলটো কম্পন অনুভৱ কৰা হৈছিল।অৱশ্যে ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱা নাই।

নতুন দিল্লী ৰে’ল ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থকা এজন যাত্ৰীয়ে কয় যে, “ভূমিকম্পটো অলপ সময়ৰ বাবে আছিল, কিন্তু তীব্ৰতা যথেষ্ট বেছি আছিল। এনে লাগিছিল যেন এখন ৰে’ল অতি তীব্ৰ গতিত আহি আছে।”

এনে ভূমিকম্প সাধাৰণতে গভীৰ ভূমিকম্পতকৈ অধিক বিপদজনক। ইয়াৰ কাৰণ হৈছে অগভীৰ ভূমিকম্পই পৃষ্ঠৰ ওচৰত অধিক শক্তি মুকলি কৰে, যাৰ ফলত তীব্ৰ জোকাৰণি হয় ।

এইবাৰ দিল্লীতো একেই ঘটিছে।ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দিল্লীৰ দুৰ্গাবাই দেশমুখ বিশেষ শিক্ষা মহাবিদ্যালয়ৰ ওচৰত আৰু ভূপৃষ্ঠৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ তলত আছিল। এইকাৰণে কম্পনটো অলপ সময়ৰ বাবে অনুভৱ কৰা হৈছিল।

শেহতীয়া প্ৰৱন্ধসমূহ