‘পাকিস্তানক বুজাব নালাগে, শাস্তি দিয়া উচিত…’;  পাকিস্তানক লৈ আছাদুদ্দিন ওৱেইছিৰ বিস্ফোৰক মন্তব্য

সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীনৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত অহৰহ পাকিস্তানক লক্ষ্য কৰি লৈছে। তেওঁ কয় যে এতিয়া পাকিস্তানক উপযুক্ত উত্তৰ দিয়াৰ সময় আহি পৰিছে।বিহাৰত এক সমাৱেশত ভাষণ দি ওৱাইছিয়ে কয় যে ‘পাকিস্তান নিৰ্লজ্জ।তেওঁলোক এখন ব্যৰ্থ দেশ।এতিয়া পাকিস্তানক বুজোৱাৰ সময় নহয়, শাস্তি দিয়াৰ সময়’।

সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীনৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত অহৰহ পাকিস্তানক লক্ষ্য কৰি লৈছে।

তেওঁ কয় যে এতিয়া পাকিস্তানক উপযুক্ত উত্তৰ দিয়াৰ সময় আহি পৰিছে।বিহাৰত এক সমাৱেশত ভাষণ দি ওৱাইছিয়ে কয় যে ‘পাকিস্তান নিৰ্লজ্জ।তেওঁলোক এখন ব্যৰ্থ দেশ।এতিয়া পাকিস্তানক বুজোৱাৰ সময় নহয়, শাস্তি দিয়াৰ সময়’।

তেওঁ কয় যে ‘আমাৰ চৰকাৰে পাকিস্তানক কঠোৰ উত্তৰ দিব।পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি নিৰীহ লোকক হত্যা কৰে।এই সন্ত্ৰাসবাদীৰ কাম এতিয়াই শেষ হ’ব’।

‘পাকিস্তানৰ ৰাইজে প্ৰমাণ বিচাৰিছে।পাঠানকোট আৰু মুম্বাই আক্ৰমণৰ প্ৰমাণ আমি পাকিস্তানক দিছিলোঁ।কিন্তু পাকিস্তানে একো নকৰিলে’।

‘পাকিস্তানে কেতিয়াও মানি নলয় যে নিজৰ মাটিৰ পৰা সন্ত্ৰাসবাদী আহি ভাৰতত আক্ৰমণ কৰে। পাকিস্তানক বুজোৱাৰ সময় শেষ হ’ল’।

‘এতিয়া চিন্তা কৰাৰ সময় নহয় বৰঞ্চ উত্তৰ দিয়াৰ সময়।নহলে দুই ছমাহৰ মূৰে মূৰে এই মানুহবোৰে এনেকৈ সাধাৰণ মানুহক হত্যা কৰিব’।