দিল্লী কেপিটেলছৰ বৃদ্ধি পাইছে সংকট! আই পি এল পুনৰ আৰম্ভণিৰ পিছত খেলিব নোৱাৰিব এই গৰাকী খেলুৱৈয়ে

আই পি এল ২০২৫ত দিল্লী কেপিটেলছৰ বাবে এতিয়াও মুকলি হৈ আছে প্লে অফৰ দুৱাৰ।অৱশ্যে চলিত ছিজনত তেওঁলোকৰ তিনিখন মেচ বাকী আছে, যি প্লে অফত প্ৰৱেশ কৰিবলৈ অতি গুৰুত্বপূৰ্ণ। ১৩ পইণ্টেৰে তেওঁলোকৰ নেট ৰান ৰেট প্লাছ ০.৩৬২ আৰু পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। তাৰ মাজতে জানিব

আই পি এল ২০২৫ত দিল্লী কেপিটেলছৰ বাবে এতিয়াও মুকলি হৈ আছে প্লে অফৰ দুৱাৰ।অৱশ্যে চলিত ছিজনত তেওঁলোকৰ তিনিখন মেচ বাকী আছে, যি প্লে অফত প্ৰৱেশ কৰিবলৈ অতি গুৰুত্বপূৰ্ণ।

১৩ পইণ্টেৰে তেওঁলোকৰ নেট ৰান ৰেট প্লাছ ০.৩৬২ আৰু পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। তাৰ মাজতে জানিব পৰা গৈছে যে আই পি এল ২০২৫ৰ বাকী মেচসমূহত জেক ফ্ৰেজাৰ মেকগাৰ্কে খেলিব নোৱাৰিব আৰু তেওঁৰ এই সিদ্ধান্তৰ বিষয়ে দিল্লী কেপিটেলছৰ পৰিচালনা সমিতিক অৱগত কৰা বুলি অনুমান কৰা হৈছে।

চলিত ছিজনত জেক ফ্ৰেজাৰ মেকগাৰ্কে দিল্লী কেপিটেলছৰ অধিনায়ক আৰু মেনেজমেণ্টৰ আশা পূৰণ কৰিব নোৱাৰিলে ।তেওঁৰ বেটৰ পৰা এটাও ডাঙৰ ইনিংছ দেখা নগ’ল।

ৰান সংগ্ৰহটো দূৰৰে কথা, চলিত ছিজনত ক্ৰীজত থাকিবলৈ তেওঁ হাহাকাৰ কৰিছিল।আই পি এল ২০২৫ৰ ৬ খন মেচত তেওঁৰ বেটেৰে মাত্ৰ ৫৫ ৰানহে কৰিবলৈ সক্ষম হৈছিল, য’ত ৩৮ ৰান তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল।

যেতিয়া জেক ফ্ৰেজাৰ মেকগাৰ্কে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে,সেয়ে অধিনায়ক অক্ষৰ পেটেলে তেওঁক প্লেইং এলেভেনৰ পৰা বাহিৰলৈ যোৱাৰ পথ দেখুৱাই দিলে।আই পি এল ২০২৫ৰ মেগা নিলামত দিল্লী কেপিটেলছৰ দলে তেওঁক ৯ কোটি টকাৰ বিপুল ধনেৰে ক্ৰয় কৰিছিল।