‘ধন্যবাদ’;ঋষভ পন্তৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাবে আৱেগিক পোষ্ট

দিল্লী কেপিটেলছলৈ ঘূৰি অহাৰ কথা নিশ্চিত কৰাৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ তিনিটা শব্দৰ বিদায় বাৰ্তা শ্বেয়াৰ ঋষভ পন্তৰ।

দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন নিশ্চিত হোৱাৰ পিছত ৱিকেটকীপাৰ-বেটছমেন ঋষভ পন্তই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (LSG) ৰ বাবে এটা চুটি কিন্তু আৱেগিক বিদায় বাৰ্তা শ্বেয়াৰ কৰিছে। পন্তই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত LSG-ৰ বিদায়কালীন প’ষ্টটো পুনৰ শ্বেয়াৰ কৰি মাত্ৰ তিনিটা শব্দ লিখিছে – Thank You Team। ইয়াৰ লগতে লক্ষ্ণৌ ফ্ৰেঞ্চাইজিটোৰ সৈতে তেওঁৰ দুবছৰীয়া যাত্ৰা আনুষ্ঠানিকভাৱে সমাপ্ত হ’ল।

পন্তৰ এই প্ৰতিক্ৰিয়া সেই হাই-প্ৰফাইল ট্ৰেডৰ পিছত আহিছে, যাৰ অধীনত তেওঁ দিল্লী কেপিটেলছলৈ ঘূৰি আহিছে। এই চুক্তিত ভাৰতীয় দলৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱ দিল্লীৰ পৰা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অংশ হৈ পৰিছে।

 আই পি এল ২০২৫ ৰ মেগা নিলামৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ঋষভ পন্তক ২৭ কোটি টকাৰ অভিলেখ মূল্যত নিজৰ সৈতে অন্তৰ্ভুক্ত কৰিছিল। সেই সময়ত তেওঁ আই পি এলইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। ফ্ৰেঞ্চাইজিটোৱে আশা কৰিছিল যে পন্তৰ অধিনায়কত্বত দলটো খিতাপৰ শক্তিশালী দাবীদাৰ হ’ব, কিন্তু খেলপথাৰত ছবিখন বেলেগহে দেখা গ’ল।

পন্তৰ নেতৃত্বত LSG-ৰ প্ৰদৰ্শন আশানুৰূপ নহ’ল। আই পি এল ২০২৫ ত দলটোৱে ১৪ খন মেচৰ ভিতৰত ৬ খনত জয় আৰু ৮ খনত পৰাজয়ৰ সৈতে সপ্তম স্থানত অভিযান শেষ কৰিছিল। ইয়াৰ পিছত আই পি এল ২০২৬-ৰ ছিজনটো আৰু অধিক হতাশাজনক আছিল, য’ত লক্ষ্ণৌ ১০ টা দলৰ পইণ্ট টেবুলৰ একেবাৰে তলৰ স্থানত আছিল। দলটোৱে ১৪ টা খেলৰ ভিতৰত মাত্ৰ ৪ খনতহে জয় লাভ কৰিবলৈ সক্ষম হৈছিল।

এতিয়া পন্ত পুনৰ সেই দলটোলৈ ঘূৰি আহিছে, য’ৰ পৰা তেওঁ আই পি এলত নিজৰ পৰিচয় লাভ কৰিছিল। এই ট্ৰেডৰ অধীনত তেওঁৰ দৰমহাও বহু পৰিমাণে হ্ৰাস পাইছে। লক্ষ্ণৌত ২৭ কোটি টকা পোৱা পন্ত এতিয়া ১৫ কোটি টকাত দিল্লী কেপিটেলছৰ অংশ হ’ব।

দিল্লী কেপিটেলছৰ সৈতে পন্তৰ সম্পৰ্ক বহুত পুৰণি। তেওঁ ২০১৬ ৰ পৰা ২০২৪ চনৰ ভিতৰত ফ্ৰেঞ্চাইজিটোৰ হৈ ১১১ খন মেচ খেলিছিল। ইয়াৰ উপৰিও ২০২১ ৰ পৰা ২০২৪ চনলৈকে দলটোৰ অধিনায়কত্বও চম্ভালিছিল আৰু ৪৩ খন মেচত দিল্লীক নেতৃত্ব দিছিল।

ঋষভ পন্তৰ ঘৰলৈ প্ৰত্যাৱৰ্তন আৰু কুলদীপ যাদৱৰ লক্ষ্ণৌলৈ যোৱাৰ ফলত আই পি এল ২০২৭ৰ  পূৰ্বে দুয়োটা ফ্ৰেঞ্চাইজিৰে ৰণনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এতিয়া সকলোৰে চকু থাকিব এই কথাত যে দিল্লীলৈ ঘূৰি অহাৰ পিছত পন্তক আকৌ এবাৰ তেওঁৰ পুৰণি ৰূপত দেখিবলৈ পোৱা যাবনে নাই।

লগতে পঢ়ক: ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ইতিহাস; ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰে মেছিৰ বিশ্ব অভিলেখ

তিনিবাৰৰ পৰাজয়ৰ পিছত দিল্লী কেপিটেলছৰ জয়; সুখী নহয় অক্ষয় পেটেল

একেৰাহে তিনিবাৰকৈ পৰাজয়ৰ পিছত শুকুৰবাৰে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি পুনৰ প্ৰত্যাৱৰ্তন কৰে দিল্লী কেপিটেলছে। কিন্তু অধিনায়ক অক্ষৰ পেটেলে এই জয়ক বিশেষ গুৰুত্ব প্ৰদান কৰা নাই।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত একেৰাহে তিনিবাৰকৈ পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত দিল্লী কেপিটেলছে জয়ৰ সোৱাদ ল’লে।অৱশ্যে এই জয়ত অধিনায়ক অক্ষৰ পেটেল অত্যধিক সুখী হোৱা যেন নালাগিল।

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত ১ মে’ত খেলা খেলখনত দিল্লীয়ে ২২৬ ৰানৰ বৃহৎ লক্ষ্য খেদি ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰে।ইয়াৰ উপৰিও আই পি এলত দিল্লীৰ সৰ্বাধিক সফল ৰান চেজ হিচাপে পৰিগণিত হয়।

এই জয়ে দলটোক প্লে অফৰ দৌৰত ৰখাই নহয়, বৰঞ্চ পূৰ্বৰ মেচখনত মাত্ৰ ৭৫ ৰানৰ বাবে বাণ্ডল আউট হোৱাৰ শ্বকৰ পৰাও সুস্থ হৈ উঠাৰ সুযোগো প্ৰদান কৰিছিল।কিন্তু মেচৰ পিছত যেতিয়া অধিনায়ক অক্ষৰ পেটেলক সুখী,গৌৰৱ আৰু সকাহৰ অনুভৱৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁৰ স্পষ্ট উত্তৰ ‘না’ আছিল।

অক্ষয় পেটেলে কয় যে, পূৰ্বৰ মেচখনৰ পিছতো তেওঁ একেটা কথাকে পুনৰবাৰ কৈ আছিল যে দলটোৱে প্ৰতিটো দিন সেইটো কথাই পুনৰাবৃত্তি কৰিব লাগে যিটো সঠিক হয়। তেওঁৰ মতে, যিকোনো মুহূৰ্ততে পৰিস্থিতি সলনি হ’ব পাৰে,গতিকে প্ৰক্ৰিয়াটোৰ ওপৰত বিশ্বাস ৰখাটো অতি প্ৰয়োজনীয়।

দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰি তেওঁ কয় যে বেটিং আৰু বলিং দুয়োটা বিভাগতে খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় আৰু পৰিকল্পনাটো কল্পনা কৰা ধৰণেই কাৰ্যকৰী হ’ল। তেওঁ লগতে কয় যে, অধিনায়ক হিচাপে তেতিয়াহে আনন্দ আৰু অধিক হয় যেতিয়া পাৱাৰপ্লেৰ সময়ত বিপক্ষৰ মেচ সলনি কৰা বেটছমেনক আপুনি আউট কৰে।

মিচেল ষ্টাৰক উভতি অহাক লৈ আক্সাৰে কয় যে তেওঁৰ বলিঙে প্ৰমাণ কৰে যে তেওঁ কিয় এই খেলৰ কিংবদন্তি।তিনি মাহৰ পিছত পুনৰ উভতি অহাৰ লগতে এনে প্ৰদৰ্শন আগবঢ়োৱাটোৱে সঁচাকৈয়ে তেওঁৰ শ্ৰেণীটোক প্ৰদৰ্শন কৰে।

লগতে পঢ়ক: ‘দলটোৰ জয়ত গুৰুত্ব দিছো,সমালোচনাত নহয়’; ই-চিগাৰেট বিতৰ্কক লৈ ৰিয়ান পৰাগৰ প্ৰথম প্ৰতিক্ৰিয়া

ৰোমাঞ্চকৰ মেচত দিল্লীৰ হাতত ধৰাশায়ী বেংগালুৰু, ৰাহুল-ষ্টাবছৰ অৰ্ধ শতক

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ শনিবাৰে অনুষ্ঠিত এখন মেচত বিৰুদ্ধে দিল্লী কেপিটেলছৰ হাতত ধৰাশায়ী হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে । আৰ চি বিয়ে দিল্লী কেপিটেলছক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । দিল্লীয়ে অন্তিম অভাৰত এই লক্ষ্যত উপনীত হয় ।

দিল্লীৰ ইনিংছ-

দিল্লী কেপিটেলছৰ আৰম্ভণি ভাল নাছিল । পাৱাৰপ্লেত পাথুম নিছাংকা (১ ৰান), কৰুণ নায়াৰ (৫ ৰান), সমীৰ ৰিজভি (২ ৰান)ৰ উইকেটৰ পতন ঘটে । ভুৱনেশ্বৰ কুমাৰে তিনিওজন বেটছমেনক আউট কৰে । ইয়াৰ পিছত ট্ৰিষ্টান ষ্টাবছ আৰু কে এল ৰাহুলে চতুৰ্থ উইকেটৰ বাবে ৬৯ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৰাহুলে ৩৪টা বলত ৫৭ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আৰু দুটা ছয় আছিল । ৰাহুলৰ উইকেট দখল কৰে ক্ৰুনাল পাণ্ডিয়াই । কিন্তু তাৰ পিছত ট্ৰিষ্টান ষ্টাবছ আৰু ডেভিদ মিলাৰে এক উল্লেখযোগ্য অংশীদাৰিত্ব গঢ়ি তোলে । দুয়োজনে বিস্ফোৰক বেটিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । ষ্টাবছে ৪৭টা বলত অপৰাজিত ৬০ ৰান কৰাৰ বিপৰীতে মিলাৰে ১০টা বলত অপৰাজিত ২২ ৰান সংগ্ৰহ কৰে ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ইনিংছ-

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ৮ উইকেটত ১৭৫ ৰান সংগ্ৰহ কৰে । ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ভাল আৰম্ভণি কৰে । প্ৰথম উইকেটত বিৰাট কোহলী আৰু ফিল ছল্টৰ মাজত ৫২ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । তিনিটা চাৰিৰ সহায়ত ১৯ ৰান সংগ্ৰহ কৰাৰ পাছত কোহলী লুংগি ঙিডিৰ বলত পেভিলিয়নমুখী হয় । ইয়াৰ পাছত ছল্ট আৰু দেৱদত্ত পাডিক্কালে দ্বিতীয় উইকেটৰ বাবে ৪৭ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে । পাডিক্কাল (১৮ ৰান)ক অধিনায়ক অক্ষৰ পেটেলে আউট কৰে ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ তৃতীয়টো আঘাত ফিল ছল্টৰ ৰূপত লাভ কৰে । কুলদীপ যাদৱৰ হাতত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । ছল্টে ৩৮টা বলত ৬৩ ৰান সংগ্ৰহ কৰে, য’ত চাৰিটা চাৰিটা আৰু তিনিটা ছয় আছিল । অধিনায়ক ৰজত পাটিদাৰে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় । মুকেশ কুমাৰে ৮ ৰানত অধিনায়কগৰাকীক আউট কৰে ।

তাৰ পিছৰ পৰা নিয়মীয়া ব্যৱধানত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে উইকেট হেৰুৱাবলৈ ধৰে । টিম ডেভিদ (২৬ ৰান), ৰোমাৰিয়া শ্বেফাৰ্ড (১ ৰান), ক্ৰুনাল পাণ্ডিয়া (১২ ৰান) আৰু জিতেশ শৰ্মাই (১৪ ৰান) সংগ্ৰহ কৰে । দিল্লী কেপিটেলছৰ হৈ লুংগী ঙিদি, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে ।

দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে এই পৰ্যন্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৩৪খন খেল খেলিছে । ইয়াৰে ২০খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে জয়লাভ কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ১৩খন খেলত জয়লাভ কৰিছে । এখন মেচ ড্ৰ’ত সমাপ্ত হয় ।

লগতে পঢ়ক : টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱ সূৰ্যবংশীয়ে? শীঘ্ৰেই ঘটিব আন্তঃৰাষ্ট্ৰীয় অভিষেক !

সমীৰ ৰিজৱীৰ বেটিং ধুমুহাত নিস্তেজ মুম্বাই, ক্ৰমাগত দ্বিতীয়টো জয় দিল্লী কেপিটেলছৰ

দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৬ উইকেটত পৰাস্ত কৰে

আই পি এল ২০২৬ৰ শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৬ উইকেটত পৰাস্ত কৰে । দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি মুম্বাইয়ে ১৬২ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত সমীৰ ৰিজৱীৰ ৯০ ৰানৰ সহায়ত ১৯ অভাৰত দিল্লীয়ে লক্ষ্যত উপনীত হয় । আই পি এল ২০২৬ত দিল্লীৰ এয়া একেৰাহে দ্বিতীয়টো জয় ।

সমীৰ ৰিজৱীৰ বেটিং ধুমুহা-

১৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি আৰম্ভণিতে দিল্লী কেপিটেলছ শলঠেকত পৰে, কিয়নো অ’পেনাৰ কে এল ৰাহুল মাত্ৰ এটা ৰানতে পেভিলিয়নমুখী হোৱাৰ বিপৰীতে নীতিশ ৰাণাই নিজৰ একাউণ্ট খুলিবলৈয়ো সক্ষম নহ’ল ।

কিন্তু সমীৰ ৰিজৱীয়ে খেলপথাৰত নামিয়েই মুম্বাইৰ বলাৰৰ বিৰুদ্ধে তাণ্ডৱ আৰম্ভ কৰে । তেওঁ বিস্ফোৰক বেটিংঙৰ সহায়ত ৩১টা বলত অৰ্ধ শতক অৰ্জন কৰে । ইয়াৰ পিছতে ৰিজৱীৰ বেটে ধুমুহাৰ সৃষ্টি কৰে । তেওঁ ৭টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৫১টা বলত ৯০ ৰান সংগ্ৰহ কৰে । চলিত আই পি এলত ৰিজভীয়ে মাত্ৰ ২খন মেচতে ১৬০ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধেও বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰিছিল তেওঁ । ৰিজভীয়ে পাথুম নিছাংকাৰ সৈতে ৬৬ ৰানৰ অংশীদাৰিত্ব আৰু ডেভিদ মিলাৰৰ সৈতে ৭৮ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

ইফালে মুম্বাই ইণ্ডিয়ানছৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াই অসুস্থতাৰ বাবে এই মেচত খেলা নাছিল । তেওঁৰ ঠাইত অধিনায়কৰ দায়িত্ব পালন কৰিছিল সূৰ্যকুমাৰ যাদৱে । তেওঁ ৫১ ৰানৰ ইনিংছ খেলে । ৰোহিত শৰ্মাইও ৩৫ ৰানৰ বৰঙণি আগবঢ়াইছিল যদিও সমীৰ ৰিজৱীৰ স্মৰণীয় ৯০ ৰানৰ ইনিংছত সকলো অথলে যায় ।

উল্লেখ্য যে, অক্ষৰ পেটেলৰ অধিনায়কত্বত দিল্লী কেপিটেলছে আই পি এল ২০২৬ৰ অভিযানত এক দৃষ্টিনন্দন আৰম্ভণি কৰিছে । প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৬ উইকেটত পৰাস্ত কৰে দলটোৱে । এতিয়া মুম্বাই ইণ্ডিয়ানছক ৬ উইকেটত পৰাস্ত কৰি ছিজনৰ একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰিছে দিল্লীয়ে ।

লগতে পঢ়ক : আই পি এলক লৈ বিতৰ্ক; আদালতৰ দুৱাৰত টোকৰ তাৰকা খেলুৱৈৰ

মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত মুখামুখি হ’ব দিল্লী আৰু বেংগালুৰু

চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ দিল্লী কেপিটেলছৰ। স্মৃতি মান্ধনাৰ আৰচিবিৰ বিৰুদ্ধে খেলপথাৰত নামিব জেমিমাহ ৰড্ৰিগেজৰ টীম

মহিলা প্ৰিমিয়াৰ লীগ (WPL 2026)ৰ চতুৰ্থ সংস্কৰণৰ এলিমিনেটৰ মেচত দিল্লী কেপিটেলে গুজৰাট জায়েন্টছক ৭ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখামুখি হ’ব,যিয়ে পইণ্ট টেবুলৰ শীৰ্ষ স্থান দখল কৰি পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিছিল।

দ্বিতীয় সংস্কৰণৰ বিজয়ী ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।২০২৪ চনত দলটোৱে দিল্লীক পৰাস্ত কৰি খিতাপ দখল কৰিছিল।

এই সংস্কৰণত আৰ চি বিয়ে পইণ্ট টেবুলত শীৰ্ষস্থান দখল কৰি প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰে। দলটোৱে ৮খন খেলৰ ভিতৰত ৬খন খেলত জয়লাভ কৰিছিল।দুখন খেলৰ ভিতৰত এখন খেলত দিল্লীৰ বিৰুদ্ধে পৰাস্ত হয় আৰ চি বি,যি এই ছিজনত তৃতীয় স্থানত থাকিল।

মহিলা প্ৰিমিয়াৰ লীগ (২০২৩)ৰ প্ৰথম সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰিছিল দিল্লী কেপিটেলছ, ইয়াৰ পিছত দিল্লীয়ে প্ৰতিটো সংস্কৰণতে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও কেতিয়াও খিতাপ দখল কৰিব নোৱাৰিলে।এতিয়া দিল্লীয়ে প্ৰথম খিতাপৰ বাবে আৰচিবিৰ সৈতে মুখামুখি হ’ব।

৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ মাজত ফাইনেল অনুষ্ঠিত হ’ব। মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেল খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা কোট্টাম্বিৰ বিচিএ ষ্টেডিয়ামত আৰম্ভ হ’ব।

লগতে পঢ়ক: ‘পাকিস্তানৰ এটা প্ৰজন্ম ধ্বংস হৈ যাব’; বিশ্বকাপ বিতৰ্কক লৈ কপিল দেৱৰ তীক্ষ্ণ সমালোচনা

দিল্লী কেপিটেলছৰ সন্মুখত বিপৰ্যয়! এইজন খেলুৱৈৱে আই পি এলৰ বাকী থকা মেচ সমূহত নকৰে অংশগ্ৰহণ   

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ বাকী মেচসমূহ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব। ভাৰত আৰু পাকিস্তানৰ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আই পি এলৰ চলিত ছিজন এসপ্তাহৰ বাবে স্থগিত ৰখাৰ পিছত বহু বিদেশী খেলুৱৈ নিজৰ দেশলৈ উভতি গৈছিল।

ইয়াৰ পিছত এতিয়া পুনৰ লীগ আৰম্ভ হ’বলৈ ওলাইছে,  যাৰ বাবে বহু খেলুৱৈ  ঘূৰি আহিছে। কিন্তু তাৰ মাজতে কিছুমান নাম পোহৰলৈ আহিছে যিয়ে আই পি এলৰ বাকী থকা মেচ সমূহ খেলিবৰ বাবে ঘূৰি আহিবলৈ অস্বীকাৰ কৰিছে।

দিল্লী কেপিটেলছৰ হৈ খেলি থকা বেগী বলাৰ মিচেল ষ্টাৰকৰ নামো এই তালিকাত সংযোজন কৰা হৈছে।যিসকলে ভাৰতলৈ ঘূৰি আহিবলৈ অস্বীকাৰ কৰিছে।

দিল্লী কেপিটেলছৰ দলটোৱে আই পি এল ২০২৫ ছিজনৰ আৰম্ভণি কৰে এক সুন্দৰ ৰূপত, কিন্তু যোৱা কেইখনমান মেচত তেওঁলোকৰৰ প্ৰদৰ্শন আশা কৰা ধৰণে হোৱা নাই।

যাৰ বাবে বৰ্তমান তেওঁলোক ১৩ পইণ্টেৰে পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।এতিয়া মিচেল ষ্টাৰ্কে ছিজনৰ বাকী থকা মেচবোৰত খেলিবলৈ অস্বীকাৰ কৰিছে।

যিয়ে দলটোক ডাঙৰ আঘাত দিছে। এই সন্দৰ্ভত মিচেল ষ্টাৰ্কে ফ্ৰেঞ্চাইজিক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।জানিব পৰা মতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰস্তুতিৰ বাবে এই সিদ্ধান্ত লৈছে মিচেল ষ্টাৰ্কে।

দিল্লী কেপিটেলছৰ বৃদ্ধি পাইছে সংকট! আই পি এল পুনৰ আৰম্ভণিৰ পিছত খেলিব নোৱাৰিব এই গৰাকী খেলুৱৈয়ে

আই পি এল ২০২৫ত দিল্লী কেপিটেলছৰ বাবে এতিয়াও মুকলি হৈ আছে প্লে অফৰ দুৱাৰ।অৱশ্যে চলিত ছিজনত তেওঁলোকৰ তিনিখন মেচ বাকী আছে, যি প্লে অফত প্ৰৱেশ কৰিবলৈ অতি গুৰুত্বপূৰ্ণ।

১৩ পইণ্টেৰে তেওঁলোকৰ নেট ৰান ৰেট প্লাছ ০.৩৬২ আৰু পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। তাৰ মাজতে জানিব পৰা গৈছে যে আই পি এল ২০২৫ৰ বাকী মেচসমূহত জেক ফ্ৰেজাৰ মেকগাৰ্কে খেলিব নোৱাৰিব আৰু তেওঁৰ এই সিদ্ধান্তৰ বিষয়ে দিল্লী কেপিটেলছৰ পৰিচালনা সমিতিক অৱগত কৰা বুলি অনুমান কৰা হৈছে।

চলিত ছিজনত জেক ফ্ৰেজাৰ মেকগাৰ্কে দিল্লী কেপিটেলছৰ অধিনায়ক আৰু মেনেজমেণ্টৰ আশা পূৰণ কৰিব নোৱাৰিলে ।তেওঁৰ বেটৰ পৰা এটাও ডাঙৰ ইনিংছ দেখা নগ’ল।

ৰান সংগ্ৰহটো দূৰৰে কথা, চলিত ছিজনত ক্ৰীজত থাকিবলৈ তেওঁ হাহাকাৰ কৰিছিল।আই পি এল ২০২৫ৰ ৬ খন মেচত তেওঁৰ বেটেৰে মাত্ৰ ৫৫ ৰানহে কৰিবলৈ সক্ষম হৈছিল, য’ত ৩৮ ৰান তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল।

যেতিয়া জেক ফ্ৰেজাৰ মেকগাৰ্কে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে,সেয়ে অধিনায়ক অক্ষৰ পেটেলে তেওঁক প্লেইং এলেভেনৰ পৰা বাহিৰলৈ যোৱাৰ পথ দেখুৱাই দিলে।আই পি এল ২০২৫ৰ মেগা নিলামত দিল্লী কেপিটেলছৰ দলে তেওঁক ৯ কোটি টকাৰ বিপুল ধনেৰে ক্ৰয় কৰিছিল।