‘ধন্যবাদ’;ঋষভ পন্তৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাবে আৱেগিক পোষ্ট

‘ধন্যবাদ’;ঋষভ পন্তৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাবে আৱেগিক পোষ্ট

দিল্লী কেপিটেলছলৈ ঘূৰি অহাৰ কথা নিশ্চিত কৰাৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ তিনিটা শব্দৰ বিদায় বাৰ্তা শ্বেয়াৰ ঋষভ পন্তৰ। দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন নিশ্চিত হোৱাৰ পিছত ৱিকেটকীপাৰ-বেটছমেন ঋষভ পন্তই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (LSG) ৰ বাবে এটা চুটি কিন্তু আৱেগিক বিদায় বাৰ্তা শ্বেয়াৰ কৰিছে। পন্তই নিজৰ ইনষ্টাগ্ৰাম

দিল্লী কেপিটেলছলৈ ঘূৰি অহাৰ কথা নিশ্চিত কৰাৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ তিনিটা শব্দৰ বিদায় বাৰ্তা শ্বেয়াৰ ঋষভ পন্তৰ।

দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন নিশ্চিত হোৱাৰ পিছত ৱিকেটকীপাৰ-বেটছমেন ঋষভ পন্তই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (LSG) ৰ বাবে এটা চুটি কিন্তু আৱেগিক বিদায় বাৰ্তা শ্বেয়াৰ কৰিছে। পন্তই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত LSG-ৰ বিদায়কালীন প’ষ্টটো পুনৰ শ্বেয়াৰ কৰি মাত্ৰ তিনিটা শব্দ লিখিছে – Thank You Team। ইয়াৰ লগতে লক্ষ্ণৌ ফ্ৰেঞ্চাইজিটোৰ সৈতে তেওঁৰ দুবছৰীয়া যাত্ৰা আনুষ্ঠানিকভাৱে সমাপ্ত হ’ল।

পন্তৰ এই প্ৰতিক্ৰিয়া সেই হাই-প্ৰফাইল ট্ৰেডৰ পিছত আহিছে, যাৰ অধীনত তেওঁ দিল্লী কেপিটেলছলৈ ঘূৰি আহিছে। এই চুক্তিত ভাৰতীয় দলৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱ দিল্লীৰ পৰা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অংশ হৈ পৰিছে।

 আই পি এল ২০২৫ ৰ মেগা নিলামৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ঋষভ পন্তক ২৭ কোটি টকাৰ অভিলেখ মূল্যত নিজৰ সৈতে অন্তৰ্ভুক্ত কৰিছিল। সেই সময়ত তেওঁ আই পি এলইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। ফ্ৰেঞ্চাইজিটোৱে আশা কৰিছিল যে পন্তৰ অধিনায়কত্বত দলটো খিতাপৰ শক্তিশালী দাবীদাৰ হ’ব, কিন্তু খেলপথাৰত ছবিখন বেলেগহে দেখা গ’ল।

পন্তৰ নেতৃত্বত LSG-ৰ প্ৰদৰ্শন আশানুৰূপ নহ’ল। আই পি এল ২০২৫ ত দলটোৱে ১৪ খন মেচৰ ভিতৰত ৬ খনত জয় আৰু ৮ খনত পৰাজয়ৰ সৈতে সপ্তম স্থানত অভিযান শেষ কৰিছিল। ইয়াৰ পিছত আই পি এল ২০২৬-ৰ ছিজনটো আৰু অধিক হতাশাজনক আছিল, য’ত লক্ষ্ণৌ ১০ টা দলৰ পইণ্ট টেবুলৰ একেবাৰে তলৰ স্থানত আছিল। দলটোৱে ১৪ টা খেলৰ ভিতৰত মাত্ৰ ৪ খনতহে জয় লাভ কৰিবলৈ সক্ষম হৈছিল।

এতিয়া পন্ত পুনৰ সেই দলটোলৈ ঘূৰি আহিছে, য’ৰ পৰা তেওঁ আই পি এলত নিজৰ পৰিচয় লাভ কৰিছিল। এই ট্ৰেডৰ অধীনত তেওঁৰ দৰমহাও বহু পৰিমাণে হ্ৰাস পাইছে। লক্ষ্ণৌত ২৭ কোটি টকা পোৱা পন্ত এতিয়া ১৫ কোটি টকাত দিল্লী কেপিটেলছৰ অংশ হ’ব।

দিল্লী কেপিটেলছৰ সৈতে পন্তৰ সম্পৰ্ক বহুত পুৰণি। তেওঁ ২০১৬ ৰ পৰা ২০২৪ চনৰ ভিতৰত ফ্ৰেঞ্চাইজিটোৰ হৈ ১১১ খন মেচ খেলিছিল। ইয়াৰ উপৰিও ২০২১ ৰ পৰা ২০২৪ চনলৈকে দলটোৰ অধিনায়কত্বও চম্ভালিছিল আৰু ৪৩ খন মেচত দিল্লীক নেতৃত্ব দিছিল।

ঋষভ পন্তৰ ঘৰলৈ প্ৰত্যাৱৰ্তন আৰু কুলদীপ যাদৱৰ লক্ষ্ণৌলৈ যোৱাৰ ফলত আই পি এল ২০২৭ৰ  পূৰ্বে দুয়োটা ফ্ৰেঞ্চাইজিৰে ৰণনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এতিয়া সকলোৰে চকু থাকিব এই কথাত যে দিল্লীলৈ ঘূৰি অহাৰ পিছত পন্তক আকৌ এবাৰ তেওঁৰ পুৰণি ৰূপত দেখিবলৈ পোৱা যাবনে নাই।

লগতে পঢ়ক: ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ইতিহাস; ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰে মেছিৰ বিশ্ব অভিলেখ

শেহতীয়া প্ৰৱন্ধসমূহ