‘ধন্যবাদ’;ঋষভ পন্তৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাবে আৱেগিক পোষ্ট

দিল্লী কেপিটেলছলৈ ঘূৰি অহাৰ কথা নিশ্চিত কৰাৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ তিনিটা শব্দৰ বিদায় বাৰ্তা শ্বেয়াৰ ঋষভ পন্তৰ।

দিল্লী কেপিটেলছলৈ প্ৰত্যাৱৰ্তন নিশ্চিত হোৱাৰ পিছত ৱিকেটকীপাৰ-বেটছমেন ঋষভ পন্তই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (LSG) ৰ বাবে এটা চুটি কিন্তু আৱেগিক বিদায় বাৰ্তা শ্বেয়াৰ কৰিছে। পন্তই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত LSG-ৰ বিদায়কালীন প’ষ্টটো পুনৰ শ্বেয়াৰ কৰি মাত্ৰ তিনিটা শব্দ লিখিছে – Thank You Team। ইয়াৰ লগতে লক্ষ্ণৌ ফ্ৰেঞ্চাইজিটোৰ সৈতে তেওঁৰ দুবছৰীয়া যাত্ৰা আনুষ্ঠানিকভাৱে সমাপ্ত হ’ল।

পন্তৰ এই প্ৰতিক্ৰিয়া সেই হাই-প্ৰফাইল ট্ৰেডৰ পিছত আহিছে, যাৰ অধীনত তেওঁ দিল্লী কেপিটেলছলৈ ঘূৰি আহিছে। এই চুক্তিত ভাৰতীয় দলৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱ দিল্লীৰ পৰা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অংশ হৈ পৰিছে।

 আই পি এল ২০২৫ ৰ মেগা নিলামৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ঋষভ পন্তক ২৭ কোটি টকাৰ অভিলেখ মূল্যত নিজৰ সৈতে অন্তৰ্ভুক্ত কৰিছিল। সেই সময়ত তেওঁ আই পি এলইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। ফ্ৰেঞ্চাইজিটোৱে আশা কৰিছিল যে পন্তৰ অধিনায়কত্বত দলটো খিতাপৰ শক্তিশালী দাবীদাৰ হ’ব, কিন্তু খেলপথাৰত ছবিখন বেলেগহে দেখা গ’ল।

পন্তৰ নেতৃত্বত LSG-ৰ প্ৰদৰ্শন আশানুৰূপ নহ’ল। আই পি এল ২০২৫ ত দলটোৱে ১৪ খন মেচৰ ভিতৰত ৬ খনত জয় আৰু ৮ খনত পৰাজয়ৰ সৈতে সপ্তম স্থানত অভিযান শেষ কৰিছিল। ইয়াৰ পিছত আই পি এল ২০২৬-ৰ ছিজনটো আৰু অধিক হতাশাজনক আছিল, য’ত লক্ষ্ণৌ ১০ টা দলৰ পইণ্ট টেবুলৰ একেবাৰে তলৰ স্থানত আছিল। দলটোৱে ১৪ টা খেলৰ ভিতৰত মাত্ৰ ৪ খনতহে জয় লাভ কৰিবলৈ সক্ষম হৈছিল।

এতিয়া পন্ত পুনৰ সেই দলটোলৈ ঘূৰি আহিছে, য’ৰ পৰা তেওঁ আই পি এলত নিজৰ পৰিচয় লাভ কৰিছিল। এই ট্ৰেডৰ অধীনত তেওঁৰ দৰমহাও বহু পৰিমাণে হ্ৰাস পাইছে। লক্ষ্ণৌত ২৭ কোটি টকা পোৱা পন্ত এতিয়া ১৫ কোটি টকাত দিল্লী কেপিটেলছৰ অংশ হ’ব।

দিল্লী কেপিটেলছৰ সৈতে পন্তৰ সম্পৰ্ক বহুত পুৰণি। তেওঁ ২০১৬ ৰ পৰা ২০২৪ চনৰ ভিতৰত ফ্ৰেঞ্চাইজিটোৰ হৈ ১১১ খন মেচ খেলিছিল। ইয়াৰ উপৰিও ২০২১ ৰ পৰা ২০২৪ চনলৈকে দলটোৰ অধিনায়কত্বও চম্ভালিছিল আৰু ৪৩ খন মেচত দিল্লীক নেতৃত্ব দিছিল।

ঋষভ পন্তৰ ঘৰলৈ প্ৰত্যাৱৰ্তন আৰু কুলদীপ যাদৱৰ লক্ষ্ণৌলৈ যোৱাৰ ফলত আই পি এল ২০২৭ৰ  পূৰ্বে দুয়োটা ফ্ৰেঞ্চাইজিৰে ৰণনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এতিয়া সকলোৰে চকু থাকিব এই কথাত যে দিল্লীলৈ ঘূৰি অহাৰ পিছত পন্তক আকৌ এবাৰ তেওঁৰ পুৰণি ৰূপত দেখিবলৈ পোৱা যাবনে নাই।

লগতে পঢ়ক: ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ইতিহাস; ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰে মেছিৰ বিশ্ব অভিলেখ

আই পি এলৰ পৰা বাহিৰ হৈ আৱেগিক ঋষভ পন্ত; অনুৰাগীলৈ বিশেষ ভিডিঅ’ শ্বেয়াৰ

ঋষভ পন্তৰ বাবে আই পি এল ২০২৬ অত্যন্ত হতাশাজনক বুলি প্ৰমাণিত হ’ল।আই পি এলৰ পৰা বাহিৰ হোৱাৰ পিছত ২৭ কোটি টকীয়া অধিনায়কগৰাকীয়ে অনুৰাগীৰ বাবে এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক ছিজন ঋষভ পন্তৰ বাবে পাহৰিব নোৱাৰা ছিজন বুলি প্ৰমাণিত হ’ল ।ঋষভ পন্তে না বেটেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰিব পাৰিলে না  তেওঁৰ অধিনায়কত্ব সঠিক আছিল।লক্ষ্ণৌ চুপাৰ জায়েন্টছ (এল এছ জি)ৰ একেৰাহে পৰাজয়, দুৰ্বল অধিনায়কত্ব, ফ্লপ বেটিং, আৰু ক্ৰমবৰ্ধমান হেঁচাৰ মাজত এতিয়া ঋষভ পন্তৰ এটা আৱেগিক ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোৱে অনুৰাগীৰ মাজত চৰ্চা আৰু অধিক তীব্ৰতৰ হৈ পৰিছে।

২০২৬ চনৰ আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ১৪খন খেলৰ ভিতৰত মাত্ৰ ৪খন খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পইণ্ট তালিকাৰ তলত স্থান দখল কৰিছিল।যোৱা ছিজনত সপ্তম স্থান দখল কৰাৰ পিছত এইবাৰ দলটোৱে টেবুলৰ তললৈ নামি অহাটো ফ্ৰেঞ্চাইজিৰ বাবে এক ডাঙৰ আঘাত হিচাপে গণ্য কৰা হৈছে। ২০২৫ চনৰ মেগা নিলামৰ সময়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পন্তক ২৭ কোটি টকাত ক্ৰয় কৰিছিল; ফলস্বৰূপে দলটোৱে তেওঁৰ পৰা বহু আশা কৰিছিল।

ছিজন সমাপ্ত হোৱাৰ পিছত অনুৰাগীসকলক আৱেগিকভাৱে সম্বোধন কৰি ঋষভ পন্তে কয়-“অশেষ ধন্যবাদ। এই ছিজনটো আমাৰ বাবে যথেষ্ট কঠিন হৈ পৰিছিল।আমি বহুত কষ্ট কৰিলোঁ। প্ৰতিটো পৰিস্থিতিৰ মাজেৰে দলটোক সহায় কৰাৰ বাবে ধন্যবাদ।আমি কামবেক কৰিম। দলটোৰ ওপৰত বিশ্বাস ৰাখক।” পন্তৰ এই ভিডিঅ’টো এতিয়া কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক: ভাৰতৰ নতুন স্প্ৰিণ্ট কিং!ভাৰতীয় নৌসেনা জোৱান গুৰিন্দৰৱীৰ সিঙৰ নতুন ইতিহাস

বিপদত LSGৰ অধিনায়ক ঋষভ পন্ত; বিহিলে ১২ লাখ টকাৰ জৰিমনা

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৭ উইকেটৰ জয় নিশ্চিত কৰে অৱশ্যে ইয়াৰ সমান্তৰালকৈ দলৰ অধিনায়ক ঋষভ পন্তক ১২ লাখ টকাৰ জৰিমনা বিহা হয়।

২০২৬ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পণ্টৰ বাবে ভাল যেন পৰিলক্ষিত হোৱা নাই।তেওঁৰ অধিনায়কত্বত লক্ষ্ণৌ এই ছিজনত প্লে অফৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।অৱশ্যে,দলটোৱে কামবেক কৰি চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৭ উইকেটৰ জয় নিশ্চিত কৰে, কিন্তু ইয়াৰ লগে লগে অধিনায়ক ঋষভ পণ্ট এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।

দৰাচলতে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনৰ সময়ত অধিনায়ক ঋষভ পন্তক শ্লো’ অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।ফলত ৰেফাৰীয়ে তেওঁক ১২ লাখ টকাৰ জৰিমনা বিহিছে।এই ছিজনত লক্ষ্ণৌৰ দলটোক প্ৰথমবাৰৰ বাবে শ্লো’ অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল, যাৰ ফলত অধিনায়ক পণ্টক ডেমেৰিট পইণ্ট দিয়া হোৱা নাছিল।

লগতে পঢ়ক: দ্বিতীয় বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া; আই পি এলৰ মাজতে মহিকা শৰ্মাৰ সৈতে বহিব বিবাহত

ঋষভ পন্তৰ ভাঙিল বুঢ়া আঙুলি; ৬ সপ্তাহ জিৰণিৰ পৰামৰ্শ, দলৰ পৰা হ’ব নেকি বাহিৰ

ঋষভ পন্তৰ ভাঙিল বুঢ়া আঙুলি

ইংলেণ্ড ভ্ৰমণৰ মাজতে টিম ইণ্ডিয়া এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ সোঁ ভৰিৰ এটা আঙুলি ভাঙি যোৱাটো নিশ্চিত হৈছে।

চিকিৎসকে তেওঁক কমেও ৬ সপ্তাহ জিৰণি ল’বলৈ পৰামৰ্শ দিছে। এনে পৰিস্থিতিত পন্ত উভতি যোৱাক লৈ এতিয়াও চাচপেন্সৰ সৃষ্টি হৈছে।মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনাই আঘাতপ্ৰাপ্ত হৈছিল।  

ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন খেল মানচেষ্টাৰত অনুষ্ঠিত হৈছে। খেলখনৰ প্ৰথম দিনটোতে ঋষভ পন্তে বেটিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়াই।

অৱশ্যে দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ লগে লগে বিচিচিআইয়ে তেওঁৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ কৰিছে।

দ্বিতীয় দিনৰ খেলখন অল্ড ট্ৰেফৰ্ডত আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ বাবে এটা ভাল খবৰ আহিল যে পন্ত খেলপথাৰত উপস্থিত থাকিব।ড্ৰেছিং ৰুমত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে কথা পাতি থকা দেখা গৈছিল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও খেলুৱৈ গৰাকীৰ আঘাত সন্দৰ্ভত এক বৃহৎ আপডেট জাৰি কৰিছে।বিচিচিআইয়ে জনাইছে যে পন্তে দলত যোগদান কৰিছে আৰু দলৰ প্ৰয়োজন অনুসৰি তেওঁ বেটিং কৰিব।

BCCI এ পন্তৰ সন্দৰ্ভত দিয়া বিবৃতিত কৈছে যে, তেওঁ বেটিংৰ বাবে উপলব্ধ হ’ব যদিও উইকেটকিপিং নকৰে।ধ্ৰুৱ জুৰেলে উইকেটকীপাৰৰ ভূমিকা পালন কৰিব।

BCCI এ লগতে কয় যে, ‘আঘাতৰ মাজতো দ্বিতীয় দিনা ঋষভ দলত যোগদান কৰিছে আৰু দলৰ প্ৰয়োজন অনুসৰি বেটিং কৰিবলৈ উপলব্ধ হ’ব।’

লগতে পঢ়ক: দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দিব্যা দেশমুখৰ, কেণ্ডিডেটছ টুৰ্ণামেন্টলৈয়ো যোগ্যতা অৰ্জন

এম্বুলেন্সেৰে বাহিৰলৈ নিয়া হ’ল ঋষভ পন্তক;  বেটিঙৰ সময়তে পুনৰ আঘাতপ্ৰাপ্ত

এম্বুলেন্সেৰে বাহিৰলৈ নিয়া হ’ল ঋষভ পন্তক

মানচেষ্টাৰত অনুষ্ঠিত হৈ থকা এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ছিৰিজৰ চতুৰ্থখন মেচৰ প্ৰথম দিনাৰ অন্তিম ছিৰিজটো চলি আছে। তাৰ মাজতে ভাৰত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।

খেলৰ মাজতে আঘাতপ্ৰাপ্ত হৈছে ঋষভ পণ্ট। লগে লগে খেলুৱৈ গৰাকীক এখন এম্বুলেন্সত বাহিৰলৈ উলিয়াই অনা হয়।ক্ৰীছ ৱ’কেছৰ বলত তেওঁ ৰিভাৰ্ছ শ্বৰ্ট খেলিবলৈ যোৱাৰ সময়তে বলটোৱে তেওঁৰ ভৰিত খুন্দা মাৰিছিল।

এই আঘাতৰ বাবে তেওঁৰ সোঁ ভৰিত যথেষ্ট ফুলি উঠে।খেলুৱৈ গৰাকীয়ে আঘাতৰ ফলত ভৰিৰ ওপৰত থিয় হ’ব পৰা নাছিল।

লৰ্ডছ টেষ্টত আঙুলিত আঘাত পোৱা ঋষভ পন্তে এইবাৰ ভৰিত আঘাত পাইছে। এই আঘাতৰ ফলত ভৰি ফাটি তেজ ওলাইছে।যাৰ বাবে তেওঁক চিকিৎসা কৰি থকা হৈছে।

লগতে পঢ়ক: ১২ বছৰৰ পিছত ঘূৰি আহিব চেম্পিয়নছ লীগ, কেতিয়া অনুষ্ঠিত হ’ব আৰু কোনে কৰিব অংশগ্ৰহণ ?  

খেল পথাৰতে খঙত অগ্নি শৰ্মা ঋষভ পন্ত; আম্পায়াৰৰ সৈতে লিপ্ত হ’ল কাজিয়াত

অগ্নি শৰ্মা ঋষভ পন্ত

লিডছত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত এই পৰ্যন্ত শক্তিশালী খেল প্ৰদৰ্শন কৰিছে টিম ইণ্ডিয়াৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে

প্ৰথম ইনিংছত তেওঁ শতক অৰ্জন কৰে, আৰু উইকেট ৰক্ষা কৰাৰ সময়তো তেওঁ ২টা কেচ লয়। এই মেচখনৰ সময়ত পন্তে এটা ডাঙৰ ভুল কৰিছিল।

লিডছ টেষ্ট মেচৰ তৃতীয় দিনা তেওঁক অন-ফিল্ড আম্পায়াৰ পল ৰাইফলৰ সৈতে বল সলনি কৰিবলৈ গৈ কাজিয়া কৰা দেখা গৈছিল। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

খঙতে কৰিলে এই কাম

এই সকলোবোৰ ঘটিছিল ইংলেণ্ডৰ ইনিংছৰ ৬০ অভাৰত। সেই অভাৰত ঋষভ পন্তে আম্পায়াৰ পল ৰাইফলক বল পৰীক্ষা কৰিবলৈ কয়।

আম্পায়াৰে গেজ ব্যৱহাৰ কৰি বলটো পৰীক্ষা কৰিছিল আৰু বলটো সহজে গেজটো পাৰ হৈ গৈছিল। অৱশ্যে এই কথাত পন্ত সুখী নহৈ আম্পায়াৰক পুনৰ পৰীক্ষা কৰিবলৈ কয়।

এইবাৰ আম্পায়াৰে বলটো চেক কৰিবলৈ অস্বীকাৰ কৰিলে, যাৰ বাবে খং উঠিল পন্তৰ। যাৰ বাবে তেওঁ বলটো মাটিত পেলাই দিলে।

পন্তৰ এই কাৰ্য্য দেখি অনুৰাগীসকল হতভম্ব হৈ পৰিছিল। ষ্টেডিয়ামত উপস্থিত ইংৰাজ অনুৰাগীসকলেও পন্তক সমালোচনা কৰে। পন্তৰ আগতেও বহু ভাৰতীয় খেলুৱৈয়ে বল সলনি কৰিবলৈ দাবী জনাইছিল।

ভাৰতীয় খেলুৱৈসকলক সমালোচনা ৰবি শাস্ত্ৰীৰ

ঋষভ পন্ত আৰু ভাৰতীয় খেলুৱৈসকলে বাৰে বাৰে আম্পায়াৰৰ ওচৰলৈ যোৱাটো কোনেও ভাল নাপালে। সেই সময়ত মন্তব্য কৰি থকা ৰবি শাস্ত্ৰীয়েও সমালোচনা কৰিছিল।

তেওঁ কয় যে বাৰে বাৰে আম্পায়াৰৰ ওচৰলৈ যোৱাটো উচিত নহয়। শুভমান গীলে নিজৰ খেলুৱৈসকলক ৪-৫ অভাৰলৈ অপেক্ষা কৰি তাৰ পিছত যাবলৈ ক’ব লাগে। ইয়াৰ ফলত আম্পায়াৰ আৰু অধিক বিৰক্ত হ’ব।

লগতে পঢ়ক: অধিনায়কৰ বিতৰ্ক অন্ত, আৰম্ভ হৈছে মুখ্য প্ৰশিক্ষকৰ যুদ্ধ; সৌৰভ গাংগুলীৰ কান্ধলৈ যাব নেকি টিম ইণ্ডিয়াৰ ভাৰ

LSG দলৰ বিৰুদ্ধে বিচিচিআইয়ে বিহিলে জৰিমনা; ঋষভ পন্তে ভৰিব লাগিব ৩০ লাখ টকা

ঋষভ পন্তে ভৰিব লাগিব ৩০ লাখ টকা

আই পি এল-২০২৫ৰ অন্তিমখন লীগ মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্তে শতক অৰ্জন কৰাৰ পিছত অতি সুখী দেখা গৈছিল।

ঋষভ পন্তে আনন্দ কৰি আছিল যদিও এই মেচৰ ফলাফল তেওঁৰ পক্ষত নাছিল, কেৱল এয়াই নহয়, তেওঁ জৰিমনাও দিব লগা হৈছিল।

দৰাচলতে এল এছ এলৰ অধিনায়ক ঋষভ পণ্টে মঙলবাৰে লক্ষ্ণৌত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে খেলখনৰ সময়ত তেওঁৰ দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে ৩০ লাখ টকা জৰিমনা বিহা হৈছে।

এই ছিজনত এল এছ জিৰ এইটো আছিল তৃতীয়টো অপৰাধ। অভাৰ-ৰেটৰ সৈতে জড়িত আই পি এলৰ আচৰণ বিধি অনুসৰি ঋষভ পণ্টে ভৰিব লাগিব ৩০ লাখ টকাৰ জৰিমনা ।

তদুপৰি, ইমপেক্ট প্লেয়াৰকে ধৰি বাকী খেলা একাদশ সদস্যসকলক ব্যক্তিগতভাৱে ১২ লাখ টকা বা তেওঁলোকৰ মেচ মাচুলৰ ৫০ শতাংশ (যিটো কম) জৰিমনা বিহা হৈছে।

২৭ কোটি টকাত বিক্ৰী হোৱা পণ্টৰ এইটো আছিল তৃতীয়টো অপৰাধ, অৱশ্যে ইয়াৰ পিছতো তেওঁক নিলম্বন কৰা নহ’ব, যিদৰে ২০২৪ চনলৈকে আই পি এলত হৈছিল।

আই পি এল ২০২৫ৰ পূৰ্বে এই নিয়ম সংশোধন কৰা হৈছিল, অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এই ছিজনৰ আৰম্ভণি মেচ খন খনৰ পৰা বাহিৰত আছিল কিয়নো তেওঁৰ নিলম্বন পূৰ্বৰ ছিজনৰ পৰা আগবাঢ়ি গৈছিল।

লগতে পঢ়ক:‘পত্নীৰ সৈতে এবাৰ পাকিস্তানলৈ যোৱাটো সঁচা’; গৌৰৱ গগৈৰ অকপট স্বীকাৰোক্তি

অনুশীলনৰ সময়ত পুনৰ আঘাতপ্ৰাপ্ত ঋষভ পন্ত ; খেলিব পাৰিবনে চেম্পিয়নছ ট্ৰফি?

চেম্পিয়নছ ট্ৰফিলৈ মাজত মাত্ৰ তিনিটা দিন থকাৰ সময়তে ক্ৰিকেটৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে। ডুবাইত ঘৰুৱা দলটোৰ অনুশীলনৰ সময়ত ভাৰতৰ উইকেটকিপাৰ বেটছমেন ঋষভ পন্তৰ আঁঠুত আঘাত লাগিছিল।

ভাৰতে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে। কিন্তু তাৰ মাত্ৰ তিনি দিন পূৰ্বে, পণ্ট অনুশীলনৰ সময়ত আঁঠুত আঘাত প্ৰাপ্ত হয়।

দুৰ্ঘটনাৰ সময়ত যিটো আঠুত আঘাত পাইছিল পুনৰ সেই আঠুটোতে আঘাত পাইছে পন্তে। অনুশীলনৰ সময়ত হাৰ্ডিক পাণ্ডিয়াৰ শক্তিশালী শ্বটটোৱে পন্তৰ বাওঁ আঁঠুত বলটো লাগিছিল।তাৰ পিছতেই বিষত হাহাকাৰ কৰি খেল পথাৰতে বাগৰি পৰিছিল পন্ত।

ইয়াৰ পিছত, হাৰ্দিক নেটৰ পৰা ওলাই আহিছিল তেওঁক পৰীক্ষা কৰা হৈছিল। পণ্টে প্ৰথমতে বিষত হাহাকাৰ কৰি থকাৰ এটা ভিডিঅ’ দেকিবলৈ পোৱা গৈছে।

অৱশ্যে, আঘাতটো গুৰুতৰ নাছিল আৰু ফিজিঅ’ৰ পৰা চিকিৎসা গ্ৰহণ কৰাৰ পিছত, পণ্টে লগে লগে তেওঁৰ পেড পিন্ধি বেটিং অনুশীলনৰ বাবে খেলপথাৰলৈ উভতি আহে।

উইকেটকিপাৰ বেটছমেন পন্ত প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফী খেলা দেখা যাব। তেওঁ দীৰ্ঘদিন ধৰি দলটোৰ বাবে মেচ-বিজেতা হৈ আহিছে। ভাৰতে তেওঁলোকৰ সকলো বোৰ খেল ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলিব।

ভাৰতে ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীত প্ৰথমখন কেল খেলিব। তাৰ পিছত দলটোৱে ২৩ ফেব্ৰুৱাৰীত চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ মুখামুখি হ’ব। তাৰ পিছত, টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ সৈতেও খেলিব।