ঋষভ পন্ত

এম্বুলেন্সেৰে বাহিৰলৈ নিয়া হ’ল ঋষভ পন্তক;  বেটিঙৰ সময়তে পুনৰ আঘাতপ্ৰাপ্ত

এম্বুলেন্সেৰে বাহিৰলৈ নিয়া হ’ল ঋষভ পন্তক মানচেষ্টাৰত অনুষ্ঠিত হৈ থকা এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ছিৰিজৰ চতুৰ্থখন মেচৰ প্ৰথম দিনাৰ অন্তিম ছিৰিজটো চলি আছে। তাৰ মাজতে ভাৰত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। খেলৰ মাজতে আঘাতপ্ৰাপ্ত হৈছে ঋষভ পণ্ট। লগে লগে খেলুৱৈ গৰাকীক এখন এম্বুলেন্সত বাহিৰলৈ উলিয়াই অনা হয়।ক্ৰীছ ৱ’কেছৰ

এম্বুলেন্সেৰে বাহিৰলৈ নিয়া হ’ল ঋষভ পন্তক

মানচেষ্টাৰত অনুষ্ঠিত হৈ থকা এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ছিৰিজৰ চতুৰ্থখন মেচৰ প্ৰথম দিনাৰ অন্তিম ছিৰিজটো চলি আছে। তাৰ মাজতে ভাৰত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।

খেলৰ মাজতে আঘাতপ্ৰাপ্ত হৈছে ঋষভ পণ্ট। লগে লগে খেলুৱৈ গৰাকীক এখন এম্বুলেন্সত বাহিৰলৈ উলিয়াই অনা হয়।ক্ৰীছ ৱ’কেছৰ বলত তেওঁ ৰিভাৰ্ছ শ্বৰ্ট খেলিবলৈ যোৱাৰ সময়তে বলটোৱে তেওঁৰ ভৰিত খুন্দা মাৰিছিল।

এই আঘাতৰ বাবে তেওঁৰ সোঁ ভৰিত যথেষ্ট ফুলি উঠে।খেলুৱৈ গৰাকীয়ে আঘাতৰ ফলত ভৰিৰ ওপৰত থিয় হ’ব পৰা নাছিল।

লৰ্ডছ টেষ্টত আঙুলিত আঘাত পোৱা ঋষভ পন্তে এইবাৰ ভৰিত আঘাত পাইছে। এই আঘাতৰ ফলত ভৰি ফাটি তেজ ওলাইছে।যাৰ বাবে তেওঁক চিকিৎসা কৰি থকা হৈছে।

লগতে পঢ়ক: ১২ বছৰৰ পিছত ঘূৰি আহিব চেম্পিয়নছ লীগ, কেতিয়া অনুষ্ঠিত হ’ব আৰু কোনে কৰিব অংশগ্ৰহণ ?  

শেহতীয়া প্ৰৱন্ধসমূহ