প্ৰধানমন্ত্ৰী মোদীক খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ

প্ৰধানমন্ত্ৰী মোদীক খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইৰাণ ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে।ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক আমন্ত্ৰণ কৰা হৈছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনীৰ চৰকাৰী ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইৰাণ ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে।ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক আমন্ত্ৰণ কৰা হৈছে।

ইৰাণৰ ৰাষ্ট্ৰপতি  মাছুদ পেজেছকিয়ানে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনীৰ চৰকাৰী ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে। যোৱা ফেব্ৰুৱাৰী মাহত আমেৰিকা-ইজৰাইলৰ এক যুটীয়া বিমান আক্ৰমণত খামেইনীৰ মৃত্যু হৈছিল।

তেওঁৰ অন্তিম বিদায়ৰ সৈতে জড়িত কাৰ্যসূচীসমূহ ৪ জুলাইৰ পৰা আৰম্ভ হৈ ৯ জুলাইলৈকে চলিব। অৱশ্যে ভাৰতৰ হৈ প্ৰধানমন্ত্ৰী মোদী নিজেই যাব নে আন কোনো প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশ ল’ব, সেইয়া এতিয়াও নিশ্চিত হোৱা নাই। খামেইনীৰ মৃত্যুৰ পিছত ভাৰতৰ হৈ বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে নতুন দিল্লীত থকা ইৰাণৰ দূতাবাসলৈ গৈ শোক প্ৰকাশ কৰিছিল আৰু শোক পুথিত চহী কৰিছিল।

অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত তেহৰান, কোম, নাজাফ, কাৰবালা আৰু মাশহাদত কেইবাটাও ধৰ্মীয় আৰু চৰকাৰী কাৰ্যসূচীৰ আয়োজন কৰা হ’ব, য’ত লাখ লাখ লোক উপস্থিত থকাৰ সম্ভাৱনা আছে।

ইৰাণ চৰকাৰে জনোৱা মতে, এই অনুষ্ঠানসমূহ ৪ জুলাইৰ পৰা আৰম্ভ হ’ব। খামেইনীৰ নশ্বৰ দেহ তেহৰানৰ গ্ৰেণ্ড মোস্লা কমপ্লেক্সত ৰখা হ’ব। ইয়াৰ পিছত তেহৰান আৰু কোমত জনসাধাৰণৰ অংশগ্ৰহণেৰে শোক সমদল উলিওৱা হ’ব। পৰৱৰ্তী সময়ত ইৰাকৰ পবিত্ৰ চহৰ নাজাফ আৰু কাৰবালাত প্ৰাৰ্থনা সভা অনুষ্ঠিত হ’ব। অহা ৯ জুলাইত খামেইনীৰ গৃহ চহৰ মাশহাদত অৱস্থিত ইমাম ৰেজা দৰগাহত তেওঁৰ অন্তিম সৎকাৰ কাৰ্য সম্পন্ন কৰা হ’ব।

এইবাৰ ভাৰতৰ পৰা কোনটো উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে এই অনুষ্ঠানত অংশ ল’ব, সেইয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। পশ্চিম এছিয়াত ৪০ দিন ধৰি চলা সংঘাতৰ সময়তো প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে ইৰাণৰ নেতৃত্বৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছিল।

ইৰাণে ভাৰতৰ উপৰিও ইৰাক, পাকিস্তান, আফগানিস্তান, ছিৰিয়া, লেবানন, ৰাছিয়া, চীন আৰু মধ্য এছিয়াৰ দেশসমূহকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। খামেইনী ইৰানৰ আটাইতকৈ প্ৰভাৱশালী নেতা আছিল, যিয়ে প্ৰায় চাৰিটা দশক ধৰি দেশখনৰ দিশ নিৰ্ণয় কৰিছিল।

লগতে পঢ়ক: ড’নাল্ড ট্ৰাম্পৰ মোক্ষম আঘাত; আমেৰিকাৰ কংগ্ৰেছত ইৰাণৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰাৰ প্ৰস্তাৱ গৃহীত

শেহতীয়া প্ৰৱন্ধসমূহ