দিল্লী কেপিটেলছৰ সন্মুখত বিপৰ্যয়! এইজন খেলুৱৈৱে আই পি এলৰ বাকী থকা মেচ সমূহত নকৰে অংশগ্ৰহণ   

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ বাকী মেচসমূহ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব। ভাৰত আৰু পাকিস্তানৰ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আই পি এলৰ চলিত ছিজন এসপ্তাহৰ বাবে স্থগিত ৰখাৰ পিছত বহু বিদেশী খেলুৱৈ নিজৰ দেশলৈ উভতি গৈছিল। ইয়াৰ পিছত এতিয়া পুনৰ লীগ আৰম্ভ হ’বলৈ ওলাইছে,

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ বাকী মেচসমূহ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব। ভাৰত আৰু পাকিস্তানৰ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আই পি এলৰ চলিত ছিজন এসপ্তাহৰ বাবে স্থগিত ৰখাৰ পিছত বহু বিদেশী খেলুৱৈ নিজৰ দেশলৈ উভতি গৈছিল।

ইয়াৰ পিছত এতিয়া পুনৰ লীগ আৰম্ভ হ’বলৈ ওলাইছে,  যাৰ বাবে বহু খেলুৱৈ  ঘূৰি আহিছে। কিন্তু তাৰ মাজতে কিছুমান নাম পোহৰলৈ আহিছে যিয়ে আই পি এলৰ বাকী থকা মেচ সমূহ খেলিবৰ বাবে ঘূৰি আহিবলৈ অস্বীকাৰ কৰিছে।

দিল্লী কেপিটেলছৰ হৈ খেলি থকা বেগী বলাৰ মিচেল ষ্টাৰকৰ নামো এই তালিকাত সংযোজন কৰা হৈছে।যিসকলে ভাৰতলৈ ঘূৰি আহিবলৈ অস্বীকাৰ কৰিছে।

দিল্লী কেপিটেলছৰ দলটোৱে আই পি এল ২০২৫ ছিজনৰ আৰম্ভণি কৰে এক সুন্দৰ ৰূপত, কিন্তু যোৱা কেইখনমান মেচত তেওঁলোকৰৰ প্ৰদৰ্শন আশা কৰা ধৰণে হোৱা নাই।

যাৰ বাবে বৰ্তমান তেওঁলোক ১৩ পইণ্টেৰে পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।এতিয়া মিচেল ষ্টাৰ্কে ছিজনৰ বাকী থকা মেচবোৰত খেলিবলৈ অস্বীকাৰ কৰিছে।

যিয়ে দলটোক ডাঙৰ আঘাত দিছে। এই সন্দৰ্ভত মিচেল ষ্টাৰ্কে ফ্ৰেঞ্চাইজিক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।জানিব পৰা মতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰস্তুতিৰ বাবে এই সিদ্ধান্ত লৈছে মিচেল ষ্টাৰ্কে।