ই-চিগাৰেট বিতৰ্কৰ সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিয়ান পৰাগে কয় দলটোৰ জয়ত হে গুৰুত্ব দিছো।
ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে সমালোচনা আৰু শেহতীয়া বিতৰ্ক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিছে যে তেওঁৰ গুৰুত্ব কেৱল দলটোক জয়ৰ দিশত আগুৱাই নিয়াত, সমালোচকৰ প্ৰতি সঁহাৰি জনোৱাত নহয়। দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা খেলখনত পৰাগে ৫০টা বলত ৯০ ৰানৰ এক ভয়ংকৰ ইনিংছ খেলিছিল।কিন্তু তেওঁৰ এই প্ৰচেষ্টাই দলটোৰ জয় নিশ্চিত কৰিব নোৱাৰিলে।
প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে ৬টা উইকেট হেৰুৱাই মুঠ ২২৫ ৰান সংগ্ৰহ কৰে।ৰিয়ান পৰাগৰ উপৰিও ড’নভান ফেৰেইৰাই বিস্ফোৰক ধৰণেৰে মাত্ৰ ১৪টা বলত অপৰাজিত ৪৭ ৰান সংগ্ৰহ কৰে।ইয়াৰ পিছতো দলটোৱে ৭ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।
খেলখনৰ পিছত ৰিয়ান পৰাগে কয় যে, মই নাভাবো যে কোনো সমালোচক বা (স্পষ্টভাৱে ভেপিঙৰ নাম নোলোৱাকৈ) এনে আন বিষয়ৰ প্ৰতি সঁহাৰি জনোৱাৰ প্ৰয়োজন আছে।দিনটোৰ শেষত মোৰ কাম হ’ল দলটোৰ বাবে দুটা পইণ্ট নিশ্চিত কৰা। যদি দলটো পৰাজয় হয়, তেতিয়া মোৰ ইনিংছবোৰ অৰ্থহীন হৈ পৰে।
এই মেচখনৰ পূৰ্বে পৰাগৰ ফৰ্ম অত্যন্ত দুৰ্বল আছিল।তেওঁ ৯ ইনিংছত মাত্ৰ ১১৭ ৰানহে কৰিছিল।আৰু তেওঁৰ সৰ্বোচ্চ স্কোৰ আছিল ২৯। ইয়াৰ মাজতে,ভেপিং বিতৰ্কত (ই-চিগাৰেটৰ সৈতে জড়িত) জড়িত হোৱাৰ পিছত ৰিয়ান পৰাগক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনাও বিহা হয়।
লগতে পঢ়ক: ৰিয়ান পৰাগৰ বেটত ৰানৰ ধুমুহা: সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰেৰে আই পি এলত শক্তিশালী কামবেক









