শেহতীয়াকৈ এক বিতৰ্কত সোমাই বিচিচিআইৰ শাস্তিৰ সন্মুখীন হোৱা ৰিয়ান পৰাগে চলিত আই পি এলৰ পূৰ্বৰ আটাইকেইখন মেচত ব্যৰ্থ হৈছিল
আই পি এল ২০২৬ত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাইছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক তথা অসম সন্তান ৰিয়ান পৰাগে । শেহতীয়াকৈ এক বিতৰ্কত সোমাই বিচিচিআইৰ শাস্তিৰ সন্মুখীন হোৱা ৰিয়ান পৰাগে চলিত আই পি এলৰ পূৰ্বৰ আটাইকেইখন মেচত ব্যৰ্থ হৈছিল । ইয়াৰ পিছতে শুকুৰবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি অকলেই দলৰ সংকটচ মোচকৰ ভূমিকাত অৱতীৰ্ণ হয় পৰাগ । দুৰ্দান্ত বেটিঙেৰে তেওঁ দলক এক শক্তিশালী স্ক’ৰ থিয় কৰাত সহায় কৰে । ৫০ টা বলত ৯০ ৰান সংগ্ৰহ কৰি পৰাগে এক শক্তিশালী প্ৰত্যাৱৰ্তনৰ ইংগিত দিয়ে ।
আজি অনুষ্ঠিত হোৱা মেচখনত দুৰ্বল আৰম্ভণিৰ পিছতো ৰাজস্থান ৰয়েলছে স্ক’ৰ ব’ৰ্ডত ২২৫ ৰান সংগ্ৰহ কৰে । ৰাজস্থানে মাত্ৰ ১২ ৰানতে দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও অধিনায়ক ৰিয়ান পৰাগৰ ৯০ ৰানৰ ইনিংছে মেচখনত ৰাজস্থানৰ স্থিতি শক্তিশালী কৰে । ধ্ৰুৱ জুৰেলেও ৪০ ৰানৰ অৰিহণা যোগাইছিল । ইফালে ডেথ অভাৰত ড’নভান ফেৰেইৰাই বিধ্বংসী ৰূপ ধাৰণ কৰে । তেওঁৰ বেটিং বিক্ৰমৰ সন্মুখত মিচেল ষ্টাৰ্কৰ মাৰাত্মক বলিঙো বিফল হয় । ফেৰেইৰাই ১৪টা বলত ৪৭ ৰান সংগ্ৰহ কৰে ।
ৰাজস্থান ৰয়েলছৰ দুয়োগৰাকী অ’পেনাৰ প্ৰথম ১২ ৰানৰ ভিতৰতে আউট হয় । যশস্বী জয়ছোৱালে ৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বৈভৱ সূৰ্যবংশীক কাইল জেমিছনে ৪ ৰানত ক্লীন বল্ড কৰে । ২০২৬ চনৰ আই পি এলৰ প্ৰথম ৯ ইনিংছত ৰিয়ান পৰাগে মাত্ৰ ১১৭ ৰানহে কৰিবলৈ সক্ষম হৈছিল যদিও দিল্লীৰ বিৰুদ্ধে তেওঁৰ ফৰ্ম ঘূৰি আহে । এই মেচত তেওঁ অধিনায়কোচিত ইনিংছ খেলে আৰু ৫০টা বলত ৯০ ৰান সংগ্ৰহ কৰে । এই বিস্ফোৰক ইনিংছত তেওঁ ৮টা চাৰি আৰু ৫টা ছয় কোবাই ।
ধ্ৰুৱ জুৰেলৰ সৈতে ১০২ ৰানৰ অংশীদাৰিত্ব গঢ়ে ৰিয়ান পৰাগে । ইয়াৰ পাছতে পৰাগে ৰবীন্দ্ৰ জাডেজাৰ সৈতে ৫৩ ৰান সংযোজন কৰে । ১৭ নং অভাৰত পৰাগ ৯০ ৰানত আউট হৈছিল যদিও ইয়াৰ পিছতে ড’নভান ফেৰেইৰাৰ ধুমুহাই ৰাজস্থানক এক বৃহৎ স্ক’ৰৰ দিশে লৈ যায় ।
লগতে পঢ়ক : ৰিয়ান পৰাগৰ বিৰদ্ধে কঠোৰ বিচিচিআই, শাস্তিৰ সন্মুখীন









