আচৰণ বিধি ভংগ কৰাৰ অভিযোগত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ বিৰুদ্ধে আনুষ্ঠানিক ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ এখন মেচৰ সময়ত আচৰণ বিধি ভংগ কৰাৰ অভিযোগত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ বিৰুদ্ধে আনুষ্ঠানিক ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলা ৪০ নং মেচৰ সময়ত ড্ৰেছিং ৰুমত ভেপিং কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে ৰিয়ান পৰাগক ।
আই পি এলৰ চৰকাৰী সংবাদ পৰামৰ্শ অনুসৰি পৰাগে খেলুৱৈ আৰু দলৰ বিষয়াৰ বাবে নিৰ্ধাৰিত আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰিছে, যিয়ে খেলখনক বদনাম কৰাইছে । এই ঘটনা সংঘটিত হয় মেচখনৰ দ্বিতীয় ইনিংছত, যেতিয়া পৰাগে ড্ৰেছিং ৰুমত ই-চিগাৰেট ব্যৱহাৰ কৰা দেখা গৈছিল ।
এই উলংঘাক লেভেল ১ অপৰাধ বুলি গণ্য কৰা হৈছে, যাৰ ফলত তেওঁৰ মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা ভৰিবলগীয়া হৈছে আৰু তেওঁৰ অভিলেখত এটা ডেমেৰিট পইণ্ট সংযোজন কৰা হৈছে । উল্লেখ্য যে, লেভেল ১ অপৰাধৰ বাবে আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাই । পৰাগে নিজৰ ভুল স্বীকাৰ কৰি মেচ ৰেফাৰী অমিত শৰ্মাই দিয়া শাস্তি মানি লোৱা বুলিও উপদেষ্টাগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।
বিষয়টোৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এলৰ বিশ্বাসযোগ্যতা আৰু অনুশাসন অক্ষুণ্ণ ৰাখিবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিকল্পৰ বিষয়ে বিবেচনা কৰি আছে।
উল্লেখ্য যে, ২০১৯ চনৰ পৰা ভাৰতত ই-চিগাৰেটৰ উৎপাদন, বিক্ৰী, বিতৰণৰ ওপৰত নিষেধাজ্ঞা বলবৎ হৈ আহিছে । ফলস্বৰূপে এজন পেছাদাৰী ক্ৰিকেটাৰৰ এনে আচৰণে বিতৰ্কক আৰু অধিক ইন্ধন যোগোৱা পৰিলক্ষিত হয় ।
যদিও এই মেচত ৰাজস্থান ৰয়েলছে খেলপথাৰত জয় নিশ্চিত কৰিছিল, পৰাগৰ এই ভুলৰ বাবে দলৰ ভাবমূর্তি সন্দর্ভত প্রশ্নৰ উত্থাপন হৈছে ৷ আগন্তুক মেচসমূহত তেওঁৰ প্ৰদৰ্শনৰ জৰিয়তে এই বিতৰ্কক নোহোৱা কৰিব পাৰিবনে নাই সেয়া লক্ষণীয় হ’ব ।
লগতে পঢ়ক : ড্ৰেচিং ৰুমত ৰিয়ান পৰাগৰ ধুমপান! বিচিচিআই এ ল’ব নেকি এক্সন, ভাইৰেল ভিডিঅ’









