ভাৰতীয় মহাকাশ খণ্ডত নতুন যুগ আৰম্ভ, দুটা থলুৱা ষ্টাৰ্টআপে উৎক্ষেপণ কৰিলে নিজৰ উপগ্ৰহ

ভাৰতীয় মহাকাশ খণ্ডত নতুন যুগ আৰম্ভ, দুটা থলুৱা ষ্টাৰ্টআপে উৎক্ষেপণ কৰিলে নিজৰ উপগ্ৰহ

ভাৰতীয় মহাকাশ খণ্ডত আৰম্ভ হৈছে এক নতুন যুগ । দৰাচলতে প্ৰথমবাৰৰ বাবে দুটা ব্যক্তিগত ষ্টাৰ্টআপ কোম্পানীয়ে নিজৰ উপগ্ৰহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰিছে । এই উপগ্ৰহসমূহ ভাৰতৰ দুটা ষ্টাৰ্টআপ কোম্পানী পিক্সেল আৰু দিগন্তৰাৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছে, যিয়ে পৃথিৱীক প্ৰদক্ষিণ কৰা মহাকাশৰ বস্তুসমূহ নিৰীক্ষণ কৰিব ।

ভাৰতীয় মহাকাশ খণ্ডত আৰম্ভ হৈছে এক নতুন যুগ । দৰাচলতে প্ৰথমবাৰৰ বাবে দুটা ব্যক্তিগত ষ্টাৰ্টআপ কোম্পানীয়ে নিজৰ উপগ্ৰহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰিছে । এই উপগ্ৰহসমূহ ভাৰতৰ দুটা ষ্টাৰ্টআপ কোম্পানী পিক্সেল আৰু দিগন্তৰাৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছে, যিয়ে পৃথিৱীক প্ৰদক্ষিণ কৰা মহাকাশৰ বস্তুসমূহ নিৰীক্ষণ কৰিব ।

কৃষি আৰু প্ৰতিৰক্ষা খণ্ডত সহায় আগবঢ়াব-

পিক্সেল ভাৰতৰ প্ৰথমটো ব্যক্তিগত কোম্পানী হিচাপে পৰিগণিত হয় যাৰ নিজাকৈ উপগ্ৰহৰ আছে । কোম্পানীটোৰ ১৫০টাতকৈও অধিক বেণ্ডত পৃথিৱী পৰ্যবেক্ষণ কৰাৰ ক্ষমতা আছে । এই প্ৰযুক্তি কৃষি আৰু প্ৰতিৰক্ষাৰ দৰে বিভিন্ন খণ্ডত উপযোগী । ইফালে দিগন্তৰা এৰ’স্পেছে বিশ্বৰ প্ৰথমটো বাণিজ্যিক উপগ্ৰহ- স্পেচ কেমেৰা ফৰ অবজেক্ট ট্ৰেকিং (SCOT) উৎক্ষেপণৰ কথা ঘোষণা কৰিছে, যিয়ে সুৰক্ষিত মহাকাশ অভিযান নিশ্চিত কৰিবলৈ পৃথিৱীৰ কক্ষপথত ৫ চেঃমিৰ দৰে সৰু বস্তু নিৰীক্ষণ কৰিব । পৃথিৱীৰ চাৰিওফালৰ কক্ষপথবোৰ কৃত্ৰিম উপগ্ৰহৰ লগতে মহাকাশৰ ধ্বংসাৱশেষৰে ভৰি আছে । সেয়েহে, আমাৰ মহাকাশ কাৰ্যসূচীৰ সফলতাৰ বাবে সেইবোৰ নিৰীক্ষণ কৰাটো অত্যাৱশ্যকীয় ।

ভৱিষ্যতে মুঠ ১৮টা ফায়াৰফ্লাই উপগ্ৰহ উৎক্ষেপণ কৰিব পিক্সেলে-

পিক্সেলৰ তিনিটা ফায়াৰফ্লাই বৰ্তমান বিশ্বৰ সৰ্বোচ্চ ৰিজ’লিউচনৰ বাণিজ্যিক গ্ৰেডৰ হাইপাৰস্পেকট্ৰল উপগ্ৰহ আৰু ই আনকি অতি অদৃশ্য সবিশেষো ধৰি ৰাখিবলৈ সক্ষম । পিক্সেলৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া আৱাইছ আহমেদে কয় যে প্ৰথমবাৰৰ বাবে ৫ মিটাৰ হাইপাৰস্পেকট্ৰল উপলব্ধ । এইটোৱেই ইয়াক কেৱল ভাৰততে নহয়, বিশ্বজুৰি অনন্য কৰি তুলিছে । পিক্সেলে অহা দুমাহত আৰু তিনিটা ফায়াৰফ্লাই উপগ্ৰহ আৰু ভৱিষ্যতে আৰু ১৮টা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনা কৰিছে ।

হাইপাৰস্পেকট্ৰল চেটেলাইট ইমেজিং প্ৰযুক্তি এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে-

ইণ্ডিয়ান স্পেচ এছ’চিয়েশ্যনৰ (আই এছ পি এ) সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল এ কে ভাটে কয় যে হাইপাৰস্পেকট্ৰল চেটেলাইট ইমেজিঙৰ বহু ক্ষেত্ৰত বিশেষকৈ প্ৰতিৰক্ষা খণ্ডত পৰিৱৰ্তনশীল ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ বাবে পিক্সেলৰ এই পদক্ষেপ এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে । লেফটেনেণ্ট জেনেৰেল ভাটে কয় যে দিগন্তৰাৰ SCOT উপগ্ৰহ অধিক বহনক্ষম মহাকাশ পৰিৱেশ নিশ্চিত কৰাৰ লগতে মহাকাশৰ ধ্বংসাৱশেষৰ সমস্যা সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

বেংগালুৰুত থকা ষ্টাৰ্ট-আপটোৰ মুখ্য কাৰ্যালয়ত পিক্সেলৰ সহ-প্ৰতিষ্ঠাপক তথা চিটিঅ’ ক্ষিটিজ খাণ্ডেলৱালে কয় যে ফায়াৰফ্লাইৰ অত্যাধুনিক ৰিজ’লিউচনৰ সহায়ত ইহঁতে ৰাসায়নিক গঠন, গছ-গছনিৰ স্বাস্থ্য, পানীৰ গুণাগুণ, আনকি বায়ুমণ্ডলৰ পৰিস্থিতিৰ সূক্ষ্ম পৰিৱৰ্তনো অতুলনীয় সঠিকতাৰে ধৰা পেলাব পাৰে । ইতিমধ্যে পিক্সেলে আমেৰিকাৰ নেশ্যনেল ৰিকনেছান্স অৰ্গেনাইজেশ্যন, ৰিঅ’ টিণ্টো, ব্ৰিটিছ পেট্ৰলিয়াম আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ দৰে কোম্পানীকে ধৰি ৬০ জনতকৈ অধিক গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন কৰিছে, যিয়ে ইয়াৰ উপগ্ৰহৰ পৰা হাইপাৰ-স্পেকট্ৰল তথ্য লাভ কৰি আছে ।

শেহতীয়া প্ৰৱন্ধসমূহ